ETV Bharat / politics

অখিল গগৈক নেপালত গৈ চকুৰ চিকিৎসা কৰাৰ পৰামৰ্শ পদ্ম হাজৰিকাৰ

Gorukhuti Project: চকুৰ সমস্যাৰ বাবেহে অখিল গগৈয়ে গৰুখুঁটি প্ৰকল্পত গৰু নাই বুলি মন্তব্য কৰিছে ৷ সেয়েহে অখিল গগৈক নেপাললৈ গৈ চকুৰ চিকিৎসা কৰাই অহাৰ পৰামৰ্শ দিছে প্ৰকল্পটোৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকাই ৷

Gorukhuti Project
গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা
author img

By ETV Bharat Assamese Team

Published : February 22, 2024 at 7:58 PM IST

2 Min Read
Choose ETV Bharat
গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষ তথা বিধায়ক পদ্ম হাজৰিকা

গুৱাহাটী, ২২ ফেব্ৰুৱাৰী: বিধায়ক অখিল গগৈক নেপালত গৈ চকুৰ চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়ালে শাসকীয় দলৰ বিধায়ক পদ্ম হাজৰিকাই । গৰুখুঁটি প্ৰকল্পত গৰু নাই, খুঁটিডালহে আছে বুলি বিধায়ক অখিল গগৈয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত আজি এইদৰে কয় বিধায়ক পদ্ম হাজৰিকাই ।

গৰুখুঁটি প্ৰকল্পৰ প্ৰসংগত অখিল গগৈয়ে উত্থাপন কৰা সকলো অভিযোগ খণ্ডন কৰি বিধায়ক তথা গৰুখুঁটি কৃষি প্ৰকল্পৰ অধ্যক্ষ পদ্ম হাজৰিকাই কয় যে অখিল গগৈয়ে যদি শংকৰদেৱ নেত্ৰালয়ত চিকিৎসা কৰাত অসুবিধা হয়, তেন্তে নেপাললৈ গৈ চিকিৎসা কৰাই অহা ভাল ।

অখিল গগৈৰ চকুৰ ইমান গণ্ডগোল হ'ল নেকি বুলি প্ৰশ্ন কৰি বিধায়কগৰাকীয়ে কয় যে অখিল গগৈয়ে কিয় গৰুখুঁটিলৈ গৈ চাই নাহে ? শূন্যত গদা ঘূৰাই কিয় এইবোৰ কথা কৈ থাকে বুলি অখিল গগৈক প্ৰশ্ন কৰি তেওঁ কয় যে অখিল গগৈ কেনেকুৱা মই নাজানো নেকি !

অখিল গগৈয়ে ৰাইজৰ স্বাৰ্থত কিমান কাম কৰে, কিমান অভিনয় কৰে সেই কথাবোৰ তেওঁ ভালদৰে জানে বুলি প্ৰকাশ কৰি পদ্ম হাজৰিকাই কয় যে অখিল গগৈয়ে বিধানসভাত অভিনয় কৰি থাকে । তেওঁ লগতে কয় যে গৰুখুঁটিত যদি সঁচাই কৃষকৰ স্বাৰ্থত কাম হোৱা তেন্তে কিয় অখিল গগৈয়ে গৈ চাই নাহে ?

অখিল গগৈক পদ্ম হাজৰিকাই গৰুখুঁটি প্ৰকল্প চোৱাৰ বাবে নিমন্ত্ৰণ জনায় । গৰুখুঁটিক লৈ সংখ্যালঘু বিধায়কে কিবা স্বাৰ্থৰ বাবে ক’ব পাৰে বুলি মন্তব্য কৰি তেওঁ কয় যে অখিল গগৈৰ দৰে অসমীয়া ল’ৰা এজনে ক’ব নালাগে । খিলঞ্জীয়াৰ বিৰুদ্ধে অখিল গগৈয়ে কথা কোৱাটো উচিত নেকি বুলি তেওঁ প্ৰশ্ন কৰে । গৰুখুঁটিত ১২২ জনী গাই আছে বুলি সদৰী কৰি পদ্ম হাজৰীকাই কয় যে ১২০ ৰো অধিক পোৱালী আছে । অখিল গগৈয়ে চোৱাৰ পিচত কথা কওক বুলি মন্তব্য কৰি গৰুখুঁটি প্ৰকল্পৰ অধ্যক্ষগৰাকীয়ে কয় যে বিধানসভাৰ প্ৰমুল্যবোধ তথা পৱিত্ৰতা ৰক্ষা কৰাটো প্ৰতিগৰাকী বিধায়কৰে দায়িত্ব ।

গৰুখুঁটিক লৈ তেওঁৰ জাতীয় দায়বদ্ধতা আছে বুলি মন্তব্য কৰি পদ্ম হাজৰিকাই কয় যে যিসকল সংখ্যালঘু বিধায়কে গৰুখুঁটি প্ৰকল্পত তেওঁলোকৰ মানুহ বহুৱাম বুলি ভাবিছে, তেওঁলোকে সেই আশা বাদ দিয়ক ।

লগতে পঢ়ক: গৰুখুঁটি প্ৰকল্পত এতিয়া গৰুৰ সলনি কেৱল খুঁটিডালহে আছে; অখিল গগৈ