ETV Bharat / politics

বেজ-বেজালি নাইকিয়া কৰিব বিচৰা চৰকাৰৰ মন্ত্ৰী বিধাকৰ হাতত আঙুঠিয়েই আঙুঠি !

author img

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 8:23 PM IST

Akhil Gogoi on Assam CM: মুখ্যমন্ত্ৰীৰ হাতৰ ৰঙা সূতা আৰু আঙুলিত থকা আঙুঠিৰ হিচাপ অখিল গগৈৰ ৷ বিধানসভাত মুখ্যমন্ত্ৰীয়ে ৰাস্তাৰ গুণ্ডাৰ দৰে আচৰণ কৰাৰ অভিযোগ বিধায়কজনৰ ৷

mla akhil gogoi slams himanta biswa sarma and bjp govt
বিধায়ক অখিল‌ গগৈ

বিধায়ক অখিল‌ গগৈৰ ভাষ্য

গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী : অসম বিধানসভাৰ বাজেট অধিৱশনৰ অন্তিম দিনা অসম চৰকাৰে সোমবাৰে 'দ্য আছাম হিলিং (প্ৰিভেনশ্যন অৱ্ ইভিল) প্ৰেক্টিচেছ বিধেয়ক-২০২৪ গৃহীত কৰে । চিকিৎসাৰ নামত হিলিং কৰা তথা সন্মোহন নাইবা বেজালি কৰাৰ প্ৰচলিত ব্যৱস্থা নোহোৱা কৰিবৰ বাবে অসম চৰকাৰে কৰা আইনখনৰ সন্দৰ্ভত সদনৰ বাহিৰত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিধায়ক অখিল‌ গগৈয়ে মুখ্যমন্ত্ৰীৰ হাতত আৰু আঙুলিত পিন্ধা ৰঙা সূতা আৰু আঙুঠিৰ হিচাপ দিয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এগৰাকী অন্ধবিশ্বাসী আৰু বিজ্ঞানমনস্কতা নথকা লোক বুলি সমালোচনা কৰে । তেওঁ কয়, ‘অসমত যাদু মন্ত্ৰ, বেজ-বেজালি নোহোৱা কৰাৰ বাবে আইন অনা মুখ্যমন্ত্ৰীগৰাকীৰ হাতখন আৰু আঙুলিকেইটা এবাৰ মন কৰিবচোন ৷ মুখ্যমন্ত্ৰীৰ হাতত আৰু আঙুলিত কিমান ৰঙা, বগা সূতা আছে, আঙুঠি আছে । বিজ্ঞান‌ প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ‌ মহন্তৰ দহটা আঙুলিত এঘাৰটা আঙুঠি আছে । এইবোৰ কিহৰ পৰিচয় । আচলতে বেছি‌ অন্ধবিশ্বাসী চৰকাৰখনে মানুহৰ ওপৰত অযথা অত্যাচাৰ কৰিব খুজিছে ।’

উল্লেখ্য যে, শেহতীয়াকৈ ১০ ফেব্ৰুৱাৰীৰ ৰাজ্যিক কেবিনেটত এই বিধেয়কখন অনুমোদন জনোৱা হৈছিল ৷ ইয়াৰ পিচত সোমবাৰে বিধানসভাত বিধেয়কখন উত্থাপন কৰা হয় । আইনত পৰিণত হোৱা এই বিধেয়কখনেৰে বেজ-বেজালি নাইবা ক’লা যাদুক অপৰাধ হিচাপে গণ্য কৰা হ’ব । ইয়াৰ বাবে ১ লাখ টকাৰ জৰিমনাৰ লগতে ৫ বছৰৰ কাৰাদণ্ড বিহাৰ ব্যৱস্থা কৰা হৈছে ।

ইপিনে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কা বলৱৎ কৰিব বুলি ঘোষণা কৰা সন্দৰ্ভত অখিল গগৈয়ে কয়, ‘অসমৰ‌ৰ মানুহ আকৌ ৰাজপথলৈ ওলাব লাগিব ।‌ এই আইনখনে অসমীয়া জাতিক ধ্বংস কৰিব । আইনখনৰ জৰিয়তে চৰকাৰে বিদেশী ভাৰতলৈ আনিব ।’

আনহাতে মুছলিম বিবাহ বিষয়ক আইনৰ সন্দৰ্ভত গগৈয়ে কয়, ‘মুছলিম বিবাহ বিষয়ক আইন বাতিল কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ সময়ত বাকীবোৰৰ মাইক বন্ধ কৰি দিয়া হৈছিল । যাতে কোনেও ইয়াৰ বিৰোধিতা কৰিব নোৱাৰে । এয়া ফেচীবাদ ।’ বিধানসভাত মুখ্যমন্ত্ৰীয়ে ৰাস্তাৰ গুণ্ডাৰ দৰে আচৰণ কৰিছে বুলি তেওঁ অভিযোগ কৰে ।‌ মুখ্যমন্ত্ৰীক আচৰণ ভাল কৰিবলৈ আহ্বান জনাই তেওঁ ।

লগতে পঢ়ক : আপে তিনিটাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাটো দুৰ্ভাগ্যজনক : অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.