ETV Bharat / politics

আপে তিনিটাকৈ সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰাটো দুৰ্ভাগ্যজনক : অখিল গগৈ

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 8:53 PM IST

Candidates list of AAP : বিৰোধী ঐক্য মঞ্চক নস্যাৎ কৰি আপে নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰা কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা বিধায়ক অখিল গগৈৰ ৷ বিৰোধী ঐক্য মঞ্চ আৰু ইণ্ডি এলায়েন্সৰ বাবে এয়া বিশ্বাসঘাতকতা বুলি মন্তব্য কৰে অখিল গগৈয়ে ৷

Candidates list of AAP
অখিল গগৈৰ প্ৰতিক্ৰিয়া

আপে প্ৰাৰ্থী তালিকা ঘোষণা কৰাটো দুৰ্ভাগ্যজনক আখ্যা অখিল গগৈৰ

গুৱাহাটী, 9 ফেব্ৰুৱাৰী : আম আদমি পাৰ্টি চমুকৈ আপে বিৰোধী ঐক্য মঞ্চক নসাৎ কৰি নিজাববীয়াকৈ প্ৰাৰ্থী ঘোষণা কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে ৷ উল্লেখ্য যে লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত 15 টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ অসমত বিৰোধী ঐক্য মঞ্চ গঠন কৰিছে ৷ এই ঐক্য মঞ্চত আপো আছে ৷ কিন্তু বিৰোধী ঐক্য মঞ্চৰ সহমত অবিহনে বৃহস্পতিবাৰে আপে নিজাববীয়াকৈ তিনিটা সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰে ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে ৷ বিধায়ক গগৈয়ে কয় যে আম আদমী পাৰ্টিয়ে কৰা এই কাম দুৰ্ভাগ্যজনক ৷ বিৰোধী ঐক্য মঞ্চ আৰু ইণ্ডি এলায়েন্সৰ বাবে এয়া বিশ্বাসঘাতকতা ৷ আপে দেশবাসীৰ প্ৰতি বিশ্বাসঘাতকতা কৰিলে বুলিও তেওঁ কয় ৷ আলোচনা অব্যাহত থকাৰ সময়তে আপে এই কামটো ভাল নকৰিলে বুলি সদৰী কৰি অখিল গগৈয়ে কয় যে আৰু কিছু অপেক্ষা কৰা হ'লে সকলোৱে একেলগে প্ৰাৰ্থী ঘোষণা কৰিব পাৰিলেহেতেন ৷ তথাপিও তেওঁ ঐক্যবদ্ধ হৈ থকাৰ বাবে পুনৰ আপৰ লগত আলোচনা কৰিব বুলি সদৰি কৰি কয় যে অসমত যাতে 15 টা দলৰ ঐক্য বিঘ্নিত নহয় তাৰ বাবে তেওঁ চেষ্টা কৰিব ৷

উল্লেখ্য যে, বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কংগ্ৰেছৰ নেতৃত্বত 15 টা বিৰোধী দল একগোট হৈ গঠন হৈছিল বিৰোধী ঐক্য মঞ্চ ৷ বিজেপিক পৰাভূত কৰাৰ বাবে ৰাজ্যৰ আটাইকেইটা লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰত সহমতত 15 টা দল ঐক্যমতত উপনীত হৈছিল ৷ কিন্তু বৃহস্পতিবাৰে হঠাৎ দিল্লীত অসমৰ তিনিটা লোকসভা সমষ্টিৰ বাবে আম আদমি পাৰ্টীয়ে প্ৰাৰ্থী ঘোষণা কৰি কুঠাৰঘাত কৰে ঐক্য মঞ্চৰ মিত্ৰতাত৷ ইয়াৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

আপে ঘোষণা কৰা অনুসৰি গুৱাহাটী লোকসভা সমষ্টিত ডাঃ ভবেন চৌধুৰী, তেজপুৰত ঋষিৰাজ কৌণ্ডিন্য আৰু ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দিয়া হৈছে ৷ এই প্ৰাৰ্থী তালিকা প্ৰকাশৰ পাছতে বিৰোধী ঐক্য মঞ্চত জোকাৰণিৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : শিৱসাগৰত নিৰ্বাচন খেলক মুখ্যমন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.