ETV Bharat / politics

ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 8:29 AM IST

Loksabha Election 2024: বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ আক্ৰমণ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ লগতে সাংসদ নৱ কুমাৰ শৰণীয়াক । 110.177 কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন আঁচনিৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে ব্ৰহ্মই । হাগ্ৰামা মহিলাৰীয়ে লোকসভাত জিকিবলৈ হ'লে বিদেশলৈ যাব লাগিব বুলি কটাক্ষ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ।

Minister Ug Brahma slams MP Naba Kumar Saraniya and BPF Hagrama Mohilary in Chirang
ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

চিৰাং, 6 মাৰ্চ: আগন্তক লোকসভা নিৰ্বাচনত কোকৰাঝাৰ লোকসভা সমষ্টিত বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি দাবী কৰিলে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ লগতে বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক উভতি ধৰি মন্ত্ৰীগৰাকীয়ে কয়, "হাগ্ৰামা মহিলাৰীয়ে লোকসভাত জিকিবলৈ হ'লে বিদেশলৈ যাব লাগিব ৷ অসমত কাম নহ'ব । কোকৰাঝাৰ লোকসভা সমষ্টিত ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই । হাগ্ৰামা মহিলাৰীৰ বিপিএফ আছে যদিও ইউপিপিএলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় । হাগ্ৰামা মহিলাৰীয়ে ডেৰ লাখ ভোট পাব ।"

ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম
ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

চিৰাঙত বিকাশ যাত্ৰাৰ অধীনত বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত মংগলবাৰে অংশগ্ৰহণ কৰি এনেদৰে বিপিএফ দলক কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে ৷ জিলাখনৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই 95.58 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া 17 টা বিভিন্ন আঁচনিৰ আধাৰশিলা স্থাপন কৰে ৷ লগতে 14.5970 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা 13 টা বিভিন্ন আঁচনিৰ উদ্বোধন কৰে । আধাৰশিলা আৰু উদ্বোধনৰ পিচতে জিলা সদৰ কাজলগাঁও বজাৰ প্ৰাংগনত চিৰাং জিলা প্ৰশাসনে আয়োজিত বিকাশ যাত্ৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীজনে কয় যে অসমৰ মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত অসমৰ চুকে-কোণে বিকাশ হৈছে ৷

Minister Ug Brahma slams MP Naba Kumar Saraniya and BPF Hagrama Mohilary in Chirang
ইউপিপিএল দলৰ কোনো প্ৰতিদ্বন্দী নাই; মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম

বিপিএফৰ সমান্তৰালভাৱে মন্ত্ৰীজনে সাংসদ নৱ কুমাৰ শৰণীয়াক সমালোচনা কৰি কয়, "নৱ কুমাৰ শৰণীয়াক মই উপদেশ দি আছো যে লোকসভা নিৰ্বাচনত নমিনেশ্যন নিদিয়া ভাল হ'ব কাৰণ জাতিগত প্ৰমাণ-পত্ৰ বাতিল কৰিছে । এনে অৱস্থাত কোনোবাই আদালতলৈ গ’লে তেওঁৰ প্ৰাৰ্থিত্ব বাতিল হোৱাটো নিশ্চিত ।"

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে, 2014 চনত নৱ শৰণীয়াৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়ায় লোকসভা নিৰ্বাচনত বেয়াকৈ পৰাজিত হৈছিল উৰ্খাও গৌৰা ব্ৰহ্ম । মংগলবাৰৰ অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে বিকাশ যাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্য সভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, চিদলী-চিৰাং সমষ্টিৰ বিধায়ক জয়ন্ত বসুমতাৰীৰ লগতে বহু দলীয় নেতা-কৰ্মীয়ে ।

লগতে পঢ়ক: গুণগত মান বৃদ্ধি পাইছে শিক্ষাৰ: ইউ জি ব্ৰহ্ম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.