ETV Bharat / politics

Beauty of Democracy সন্দৰ্ভত মৰাণত কি ক’লে মন্ত্ৰী বিমল বড়াই ? - LOK SABHA Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 10, 2024, 12:25 PM IST

Minister Sarbananda sonowal and Bimal Bora election campaign for LS Election 2024 in moran
Beauty of Democracy সন্দৰ্ভত মৰাণত কি ক’লে মন্ত্ৰী বিমল বড়াই ?

Dibrugarh Lok Sabha constituency: কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনতে অসমত উন্নয়ন আৰু প্ৰগতিৰ বাট মুকলি হৈছিল বুলি দাবী মন্ত্ৰী বিমল বৰাৰ ৷ মৰাণৰ ঔফুলীয়া চাহ বাগিচাত মঙলবাৰৰ নিশা বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভা ৷

Beauty of Democracy সন্দৰ্ভত মৰাণত কি ক’লে মন্ত্ৰী বিমল বড়াই ?

মৰাণ, 10 এপ্ৰিল: ডিব্ৰুগড় লোকসভা সমষ্টিত দিনে-নিশাই নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে শাসনাধিষ্ঠিত বিজেপি দলে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ইতিমধ্যে সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ চলাই গৈছে ৷ তদুপৰি বিজেপি প্ৰাৰ্থী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কেবিনেট মন্ত্ৰী বিমল বড়াই দিনে-নিশাই সমষ্টিটোত প্ৰচাৰ অভিযান তুংগত কৰি তুলিছে ৷

মঙলবাৰৰ নিশা টিংখাং সমষ্টিৰ অন্তৰ্গত মৰাণৰ কুশল নগৰত এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি সৰ্বানন্দ সোণোৱালে বিজেপি দলৰ প্ৰতি ৰাইজৰ আস্থা আৰু বিশ্বাস অক্ষত আছে বুলি উল্লেখ কৰে ৷ কংগ্ৰেছৰ অপশাসন, দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ সবকা সাথ, সবকা বিকাশ নীতিয়ে দেশক উন্নতিৰ শিখৰলৈ লৈ যোৱা বুলি উল্লেখ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱাৰ ক্ষেত্ৰত ৰাইজক সহযোগ আগবঢ়াবলৈ আহ্বান জনায় সোণোৱালে ৷

আনহাতে, সভাত বক্তব্য ৰাখি অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াই বিৰোধীক কেৰাচিন তেল, জুইশলা আৰু জ্বলা টায়াৰৰ লগত তুলনা কৰি কয়, "দেশৰ উন্নয়ন নিবিচাৰে বিৰোধীয়ে ৷ জাতীয়তাবাদৰ নামত ভণ্ডামী কৰাৰ বাবেই অসমখন বহু দূৰ পিছুৱাই গ'ল ৷ কংগ্ৰেছক এতিয়া কোনেও নিবিচাৰে ৷ সৰ্বানন্দ সোণোৱালৰ দিনতে অসমত উন্নয়ন আৰু প্ৰগতিৰ বাট মুকলি হৈছিল । অসমীয়া ভাষা, কৃষ্টি-সংস্কৃতি ৰক্ষাৰ বাবে বিজেপিৰ বিকল্প নাই ৷"

লগতে সমবেত জনতাৰ ভিৰ দেখি উৎফুল্লিত হৈ বড়াই কয়, " এয়াই হ’ল Beauty of Democracy . আজি ইয়াত ইমান হাজাৰ হাজাৰ মানুহে গোট খাইছে ৷ সকলোৰে চকুৰ ভাষাক আমি পৰ্যবেক্ষণ কৰিছো ৷ উদাস চাৱনিক পৰ্যবেক্ষণ কৰিছো ৷ বুকুৰ বিষক আমি উপলব্ধি কৰিছো.... ৷"

আনহাতে, সন্ধিয়া মৰাণৰ সমীপৰ তথা টিংখাং সমষ্টিৰ অন্তৰ্গত ঔফুলীয়া চাহ বাগিচাত চাহ জনগোষ্ঠীৰ ঢোল বজাই সৰ্বানন্দ সোণোৱালৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী বিমল বড়াই । লগতে নিৰ্বাচনী সভাত গীত পৰিৱেশন কৰি সৰ্বানন্দ সোণোৱালৰ বাবে প্ৰচাৰ চলাই চাজন নায়ক, সুলেখা ছেত্ৰীয়ে ।

লগতে পঢ়ক: আপলৈ ভয় কৰিছে বিজেপিয়ে ! তিনিচুকীয়াত দিল্লীৰ শিক্ষামন্ত্ৰীৰ মন্তব্য - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.