ETV Bharat / politics

আপলৈ ভয় কৰিছে বিজেপিয়ে ! তিনিচুকীয়াত দিল্লীৰ শিক্ষামন্ত্ৰীৰ মন্তব্য - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 9, 2024, 9:49 PM IST

Atishi Marlena in Assam: বিজেপিয়ে ভয় কৰিছে আম আদমি পাৰ্টীৰ প্ৰাৰ্থীলৈ ৷ সেয়েহে ডিব্ৰুগড়ত নৰেন্দ্ৰ মোদীৰ লগতে সকলোৱে প্ৰচাৰ চলাইছে ৷ এই মন্তব্য দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লীনাৰ ৷ মঙলবাৰে মনোজ ধানোৱাৰৰ হৈ প্ৰচাৰ চলালে আপৰ কেন্দ্ৰীয় নেত্ৰীগৰাকীয়ে ৷

Atishi Marlena in Assam
তিনিচুকীয়াত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লীনা

তিনিচুকীয়াত দিল্লীৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লীনা

তিনিচুকীয়া, ৯ এপ্ৰিল : ‘জয় আই অসম’ ধ্বনিৰে মঙলবাৰে তিনিচুকীয়াত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে দিল্লী চৰকাৰৰ শিক্ষামন্ত্ৰী আতিশী মাৰ্লীনাই ৷ ডিব্ৰুগড় লোকসভা সমষ্টিৰ আম আদমি পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰক কাষত লৈ ৰোড শ্ব’ কৰিলে আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ সদস্যগৰাকীয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

নিৰ্বাচনী ৰেলীত অংশগ্ৰহণ কৰি আপ নেত্ৰীগৰাকীয়ে কয় যে ডিব্ৰুগড় লোকসভা সমষ্টিত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো নিশ্চিত ৷ আম আদমি পাৰ্টীলৈ ভয় কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে ৷ সেয়েহে এটা সমষ্টিলৈকে গৃহমন্ত্ৰী অমিত শ্বাহকে আদি কৰি বিজেপিৰ শীৰ্ষ নেতাসকলে প্ৰচাৰ কৰিবলৈ আহিছে ৷ সমষ্টিটোত আম আদমি পাৰ্টীৰ প্ৰাৰ্থীগৰাকী জয়ী হ’ব বুলি জানিয়েই বিজেপিয়ে সমষ্টিটোত এনেদৰে প্ৰচাৰ চলোৱা বুলি মন্তব্য কৰে আতিশী মাৰ্লীনাই ৷

ৰাইজ এইবাৰ বিজেপিৰ লগত নাই বুলি মন্তব্য কৰি আতিশীয়ে কয় যে বিজেপি চৰকাৰৰ পৰা চাহ শ্ৰমিকসকলে বৰ্ধিত পাৰিশ্ৰমিক, ভূমিপট্টা , জনজাতিকৰণ, উন্নত হাস্পতাল-বিদ্যালয় একো লাভ নকৰিলে ৷ সেইবাবেই এইবাৰ ৰাইজে আম আদমি পাৰ্টীক ভোটদান কৰিব বুলি কয় দিল্লীৰ শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে তিনিচুকীয়াৰ দহোতীয়াচুক খেলপথাৰৰ পৰা দুই সহস্ৰাধিক জনতাক লগত লৈ থানা চাৰিআলি হৈ তিনিকোণীয়াৰ সমীপলৈ বাহিৰ কৰা হয় সমদলটো ৷ ইফালে মঙলবাৰৰ দিনটোতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ হৈ প্ৰচাৰ চলায় গৃহমন্ত্ৰী অমিত শ্বাহে ৷ হাজাৰ হাজাৰ লোক অংশগ্ৰণেৰে বিশাল পদযাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷ গৃহমন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ চলিহা নগৰ খেলপথাৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ পদযাত্ৰা কৰে বিজেপিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ৷

লগতে পঢ়ক: একেদিনাই অসমত প্ৰচাৰ চলাব নৰেন্দ্ৰ মোদী-ৰাহুল গান্ধীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.