ETV Bharat / politics

30 লাখ মহিলাক লাখপতি দিদি বনাব প্ৰধানমন্ত্ৰীয়ে !

author img

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:26 AM IST

Updated : Mar 6, 2024, 8:27 AM IST

Minister of State Pratima Bhoumik campaign in Diphu for LS Election 2024
46 কোটি লোকক মুদ্ৰা ঋণৰ জৰিয়তে সংস্থাপন দিছে; কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক

BJP campaign for LS Election 2024: ডিফুত কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক ৷ লাখপতি বাইদেউৰ ঘৰত খাদ্যগ্ৰহণ কৰিলে ভৌমিকে ৷ দেশৰ জনতাই মোদীক ভোট দিবলৈ ৰৈ আছে বুলি দাবী কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰীগৰাকীৰ ৷ মোদী চৰকাৰে 20 কোটি নহয় 46 কোটি লোকক মুদ্ৰা ঋণৰ জৰিয়তে সংস্থাপন দিয়া বুলি উল্লেখ বিজেপি নেত্ৰীগৰাকীৰ ৷

46 কোটি লোকক মুদ্ৰা ঋণৰ জৰিয়তে সংস্থাপন দিছে; কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক

ডিফু, 6 মাৰ্চ: বিজেপি দলে ডিফু লোকসভা সমষ্টিৰ দলীয় প্ৰাৰ্থীৰূপে অমৰ ছিং তিচ’ৰ নাম ঘোষণা কৰাৰ পিছৰে পৰা কাৰ্বি পাহাৰখনত দলটো তৎপৰতাৰে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ বিৰোধী দলে ঐক্যৱদ্ধ প্ৰাৰ্থী থিয় প্ৰক্ষেপ কৰাৰ আলোচনা কৰি থাকোতেই বিজেপি দলৰ কৰ্মকৰ্তাসকল ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা কামো আৰম্ভ কৰিছে ৷

বিজেপি দলৰ সভাপতি জে পি নাড্ডাৰ নিৰ্দেশত মঙলবাৰে ডিফুত উপস্থিত হয় কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতীমা ভৌমিক ৷ দলটোৱে মন্ত্ৰীগৰাকীক শিলচৰ, কৰিমগঞ্জ আৰু ডিফু লোকসভা সমষ্টিৰ পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে ৷ মংগলবাৰৰ পুৱা ডিফুত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে দলীয় কৰ্মকৰ্তাসকলৰ সৈতে এক বৈঠকত ভাগ লৈ কি কি ইচ্ছ্যু লৈ জনতাৰ কাষলৈ যাব, বিৰোধীৰ বাবে কি কি ৰণনীতি গ্ৰহণ কৰা হ’ব আদি সন্দৰ্ভত আলোচনা কৰে ৷

বিজেপি দলৰ ৱাল পেইণ্টিঙৰ কাৰ্যসূচীত ভাগ লৈ উপস্থিত হৈ মন্ত্ৰীগৰাকী উপস্থিত হয় লাখপতি বাইদেউৰ ঘৰত ৷ ডিফু ৰেডিঅ’ ষ্টেচনৰ ওচৰৰ ৰেংকা টকবিপীৰ ঘৰত তেওঁ দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি কয়, "এইসকল মহিলা আজি মোদীজীৰ বাবেই লাখপতি হৈছে ৷ দেশৰ ৰাইজ অধীৰ আগ্ৰহেৰে ৰৈ আছে, মোদীজীক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী পতাৰ বাবে ভোট দিবলৈ ৷ বিগত নিৰ্বাচনতকৈ এইবাৰ এই তিনিটা সমষ্টিত বিজেপি দলে 20 ৰ পৰা 25 শতাংশ বেছি ভোট পাব ৷ মোডী চৰকাৰে সমগ্ৰ দেশত বাট-পথ নিৰ্মাণকে ধৰি যিমান উন্নয়ন কৰিলে সেয়া আগতে কেতিয়াও হোৱা নাছিল ৷ ডিফুত আহিও তেওঁ দিল্লীৰ দৰেই উন্নতি হোৱা দেখিছে ৷"

  • " class="align-text-top noRightClick twitterSection" data="">

ভৌমিকে কয়, "অসমতটো আৰু ডাবল ধামাকা হৈছে ৷ প্ৰধানমন্ত্ৰী মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত দাদাই অসমত উন্নয়নৰ ঢল বোৱাইছে ৷ 30 লাখ মহিলাক অৰুণোদয় আঁচনিৰ সুবিধা দিছে ৷ পূৰ্বতে এগৰাকী প্ৰধানমন্ত্ৰীয়ে কৈছিল দিল্লীয়ে দিয়া উন্নয়নৰ ধনৰ 1% গৈ ৰাইজৰ হাতত পৰিছিল ৷ আমাৰ উত্তৰ-পূবলৈ 1% অহা নাছিল ৷ এতিয়া 100 টকাৰ 100 টকাই আহে ৷ মোদীজীয়ে কোৱা অনুসৰি 10 বছৰত 20 কোটিক সংস্থাপন দিব লাগিছিল ৷ কিন্তু কেৱল মুদ্ৰা ঋণৰ জৰিয়তেই 46 কোটি লোকক সংস্থাপনৰ বাট দিছে ৷ এতিয়া 30 লাখ মহিলাক লাখপতি দিদি বনাব ৷"

দেশৰ লোকসভা নিৰ্বাচনৰ তাৰিখ নিৰ্বাচন আয়োগে 15 মাৰ্চত আনুষ্ঠানিকভাবে ঘোষণা কৰাৰ কথা ৷ কিন্তু শাসকীয় দল বিজেপি দিন চূড়ান্ত হোৱাৰ পূৰ্বেই আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক আদৰিবলৈ কেনেদৰে সাজু হৈছে কাজিৰঙা ?

Last Updated :Mar 6, 2024, 8:27 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.