ETV Bharat / politics

ডিফুত তিনি লাখ ভোটত বিজয়ী হোৱাৰ দাবী জে আই কাথাৰৰ - Lok Sabha election 2024

Diphu Lok Sabha constituency:এপিএইচএলচি সমর্থিত নির্দলীয় প্রার্থী জে আই কাথাৰে সংবাদমেলত বিজেপিক কৰিলে ক্ষুৰধাৰ সমালোচনা । উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰখনে ষষ্ঠ অনুসূচীত অঞ্চলটোত পঞ্চায়তীৰাজ ব্যবস্থা প্রবর্তন কৰা বাবে ডিমা হাচাওত জনতাৰ মাজত ক্ষোভৰ সৃষ্টি হোৱা বুলি কয় কাথাৰে ।

Diphu Lok Sabha constituency
জে আই কাথাৰৰ সংবাদমেল
author img

By ETV Bharat Assamese Team

Published : April 29, 2024 at 11:00 PM IST

2 Min Read
Choose ETV Bharat
জে আই কাথাৰৰ সংবাদমেল

ডিফু, ২৯ এপ্রিল: ৬নং ডিফু লোকসভা সমষ্টিত ভোটগ্রহণ সম্পন্ন হৈ যোৱাৰ পাছত শাসক-বিৰোধী সকলো ব্যস্ত হিচাপ-নিকাচত । শাসকীয় বিজেপি দলৰ প্রার্থী অমৰছিং তিচ'য়ে ৪ লাখ ভোটত বিজয়ী হ'ব বুলি দাবী কৰাৰ পাছত এইবাৰ আঞ্চলিক ৰাজনৈতিক দল এপিএইচএলচি সমর্থিত নির্দলীয় প্রার্থী জে আই কাথাৰে সমষ্টিটোৰ পৰা তিনি লাখৰ অধিক ভোটত বিজয় সাব্যস্ত কৰিব বুলি কয় । জে আই কাথাৰে আজি এখন সংবাদমেলত তেওঁৰ সপক্ষে বিপুল ভোট প্রদান কৰা বাবে জনজাতীয় ভোটা সকলৰ উপৰি অসমীয়া খিলঞ্জীয়া আৰু আদিবাসী ভোটাৰ সকলক ধন্যবাদ জ্ঞাপন কৰে ।

কাথাৰে কয় যে এইবাৰ কেচিৰ চিহ্নত ব্যাপক হাৰত ভোটদান হোৱাৰ বাবে ইভিএমৰ কেচিৰ চিহ্ন থকা বুটামটো আনকি অধিক দাবী যোৱা পৰিলক্ষিত হৈছে । বিজেপিক সাম্প্রদায়িক দল আখ্যা দি কাথাৰে কয়," আমাৰ ধনবল নাছিল যদিও ৰাইজে তেওঁলোকৰ সুৰক্ষাৰ বাবে আমাক ব্যাপক হাৰত ভোটদান কৰিলে ।" জনজাতীয় তথা খিলঞ্জীয়া অসমীয়া আৰু আদিবাসী সকলকেই নহয়, সকলো সম্প্রদায়ৰ লোককেই সমদৃষ্টিৰে তেওঁৰ দলে চাব বুলিও কাথাৰে সংবাদমেলত দাবী কৰে। তেওঁৰ দল বিজয়ী হ'লে সামাজিক পৰিৱৰ্তন পাহাৰৰ জনতাই দেখিবলৈ পাব বুলিও কাথাৰে দাবী কৰে ।

তেওঁ কয়," পাহাৰৰ জনতাৰ মাজত এটা ধাৰণা আছে পাহাৰত ক্ষমতা খায় বুলি । আমি এই ধাৰণা সলনি কৰি ক্ষমতা যে জনসাধাৰণৰ বাবে সেইটো নিশ্চিত কৰিম । " ডিমা হাচাও জিলাৰ পৰা এইবাৰ তেওঁৰ দলে ৪০ হেজাৰৰো অধিক ভোট লাভ কৰিব বুলি দাবী কবি কাথাৰে কয় যে বিজেপি নেতৃত্বাধীন উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদৰ চৰকাৰখনে ষষ্ঠ অনুসূচীত অঞ্চলটোত পঞ্চায়তীৰাজ ব্যবস্থা প্রবর্তন কৰাৰ বাবে ডিমা হাচাও জিলাত এতিয়া জনতাৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে ।

বিজেপি দলে ইভিএম মেচিনত গণ্ডগোল কৰাৰ আশংকাও প্রকাশ কৰে কাথাৰে । বিজয়ী হ'লে জে আই কাথাৰে ইন্ডিয়া মৰ্চাৰ সৈতে থাকিব বুলি দাবী কৰি বিজেপি দলৰ পৰা অহা গৰাকীকে কংগ্রেছ দলে প্রার্থিত্ব প্রদান কৰা বুলিও কটাক্ষ কৰে । পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ সমষ্টিতো আনকি তেওঁৰ দলে অধিক ভোট লাভ কৰিব বুলিও কাথাৰে দাবী কৰে । বিজেপি দলে 'কা' জাপি দি তেওঁলোকৰ সমাজবিৰোধী মনোভাব প্রকাশ কৰি দিয়া বুলিও কাথাৰে কয় ।

লগতে পঢ়ক:ডিফুত ভোটদানৰ হাৰ 75.74 শতাংশ: হাওৰাঘাটত সৰ্বাধিক ভোটদান - LOK SABHA ELECTION 2024