ETV Bharat / politics

গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Mar 29, 2024, 9:21 PM IST

Updated : Mar 29, 2024, 10:43 PM IST

Mira Borthakur: প্ৰতিদ্বন্দ্বীক শুভেচ্ছা জনালে মীৰা বৰঠাকুৰে ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাক দক্ষ বুলি কৈয়ো কিয় কঠোৰ সমালোচনা ? পিচে বিজেপিৰ পুৰণি জ্যেষ্ঠ নেতাৰ বিষয়ে কি ক’লে গুৱাহাটী সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ? ই টিভি ভাৰত অসমৰ ব্যুৰ’ চীফ প্ৰশান্ত কুমাৰ বৰুৱাৰ সৈতে মীৰা বৰঠাকুৰৰ বিশেষ প্ৰাক-নিৰ্বাচনী সাক্ষাৎকাৰ ৷

MIRA BORTHAKUR
মীৰা বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

মীৰা বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ ই টিভি ভাৰতৰ বিশেষ সাক্ষাৎকাৰ

গুৱাহাটী, ২৯ মাৰ্চ : লোকসভা নিৰ্বাচনৰ ৰণশিঙা বাজিছে অসমৰ চাৰিওদিশে ৷ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ৫ টা সমষ্টিত প্ৰচাৰৰ লহৰ উঠিছে ৷ কিন্তু তাৰ মাজতো গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্বাচনী যু্ঁজখন আকৰ্ষণীয় হৈ পৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

মনোনয়ন পত্ৰ দাখিল পৰ্ব আৰম্ভ হোৱা নাই যদিও বিজেপি আৰু কংগ্ৰেছৰ মাজতেই যে মূল ভোটযুদ্ধখন যে হ’ব সেয়া প্ৰায় নিশ্চিত হৈছে । দুয়োটা দলেই গুৱাহাটী সমষ্টিত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে মহিলা প্ৰাৰ্থী ৷ সৰৱ আৰু বাকপটু ৰাজনীতিকৰূপে পৰিচিত মীৰা বৰঠাকুৰক কংগ্ৰেছ দলে সমষ্টিটোত প্ৰাৰ্থিত্ব দিছে । আনহাতে বিজেপিয়েও প্ৰক্ষেপ কৰিছে দলটোৰ এগৰাকী অভিজ্ঞ মহিলা ৰাজনীতিক হিচাবে পৰিচিত বিজুলী কলিতা মেধিক ।

প্ৰচাৰৰ ক্ষেত্ৰত বিজুলী কলিতা মেধিক কিদৰে প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছৰ মীৰা বৰঠাকুৰে ? কি কি বিষয়ক মূল ইছ্যু হিচাবে লৈ নিৰ্বাচনী যুঁজত নামিছে কংগ্ৰেছৰ গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ ? গুৱাহাটীৰ মূল সমস্যা কি কি বুলি ভাৱে মীৰা বৰঠাকুৰে ? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা কিয় কংগ্ৰেছে প্ৰাৰ্থীগৰাকীৰ ? বিজেপিৰ নীতিৰ সমালোচনাত মুখৰ নেত্ৰীগৰাকীয়ে কিদৰে চলাইছে নিজৰ নিাৰ্বচনী প্ৰচাৰ ?

বিজেপিলৈ সোঁত বৈছে কংগ্ৰেছী নেতা-কৰ্মীৰ ৷ গুৱাহাটী সমষ্টিত কি প্ৰভাৱ পৰিছে কংগ্ৰেছীৰ বিজেপি গমনৰ ফলত ? বুথ কমিটি পৰ্যায়ত কিদৰে প্ৰচাৰ চলাইছে মীৰা বৰঠাকুৰে ? সংসদৰ মজিয়াত অসমৰ কি কি সমস্যা লৈ সৰৱ হোৱাৰ পৰিকল্পনা কংগ্ৰেছী নেত্ৰীগৰাকীৰ ? গুৱাহাটীৰ খোৱাপানীৰ সমস্যা, কৃত্ৰিম বানপানীৰ সমস্যাক লৈ কিমান সচেতন তেওঁ ? কেতিয়াবা গুৱাহাটীৰ পাহাৰবাসীয়ে পাবনে মাটিৰ পট্টা ? গুৱাহাটীৰ পাহাৰসমূহত বাস কৰা ভূমিহীন লোকসকল আৰু শিলসাঁকোৰ উচ্ছেদিত লোকসকলৰ মাটিৰ পট্টাৰ প্ৰসংগত কি কয় কংগ্ৰেছৰ গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ?

গুৱাহাটী মহানগৰৰ পৰা ক্ষেত্ৰী, বকো, দুধনৈ, গোৱালপাৰালৈকে ২০ লাখৰো অধিক ভোটাৰৰ মন জয় কৰিব কেনেকৈ ? ৰাজ্যৰ নিৱনুৱা সমস্যা, বান-খহনীয়া, এফালে লাখ কোটিৰ ঘৰত ঋণৰ বোজা ৷ আনফালে হাজাৰ হাজাৰ কোটি টকাৰ হিতাধিকাৰী আঁচনি লোৱা বিজেপি চৰকাৰৰ নীতি আৰু কংগ্ৰেছৰ প্ৰত্যশাক লৈ কি কয় কংগ্ৰেছ নেত্ৰী গুৱাহাটীৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰে ?

লগতে পঢ়ক: সংসদত সাংসদগৰাকীৰ ভূমিকা কেনে হোৱাটো বাঞ্ছনীয় ? ক’লে তেজপুৰৰ যুৱ প্ৰজন্মই

Last Updated :Mar 29, 2024, 10:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.