ETV Bharat / politics

হাজাৰ হাজাৰ সমর্থকৰ ৰেলীৰ মাজেৰে গৈ বিজুলী কলিতা মেধিৰ মনোনয়ন দাখিল - Lok Sabha Election 2024

Lok Sabha Election 2024: বিশাল সমদল লৈ মনোনয়ন দাখিল কৰিলে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে ৷ প্ৰাৰ্থীগৰাকীৰ মতে তেওঁ ৫ লাখ ভোটত জয়ী হ’ব ৷ ভৱেশ কলিতাৰ মতে গুৱাহাটীত বিৰোধীয়েই নাই ৷

BIJULI KALITA MEDHI
গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মনোনয়ন দাখিল
author img

By ETV Bharat Assamese Team

Published : April 19, 2024 at 4:02 PM IST

2 Min Read
Choose ETV Bharat
গুৱাহাটীৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ মনোনয়ন দাখিল

গুৱাহাটী, 19 এপ্ৰিল : আনন্দ-উল্লাসৰ মাজেৰে শুকুৰবাৰে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰার্থী বিজুলী কলিতা মেধিয়ে সদলবলে মনোনয়ন দাখিল কৰি কৰিলে শক্তি প্ৰদৰ্শন । আজিৰ এই মনোনয়ন দাখিল পৰ্বত বিজেপিৰ সমৰ্থকসকলে স্বতঃস্ফূর্তভাবে ওলাই আহি প্ৰার্থীগৰাকীক সমর্থন জনোৱা পৰিলক্ষিত হয় ।

মনোনয়নপত্ৰ দাখিলৰ‌ পূৰ্বে খানাপাৰা খেলপথাৰত সমবেত দলীয় কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীসকলক মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সম্বোধন কৰে । মনোনয়নপত্ৰ দাখিল কার্যসূচীৰ সমদলত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, হেমাংগ ঠাকুৰীয়া, সিদ্ধাৰ্থ ভট্টাচাৰ্য, ৰমেন কলিতা, মৃগেন শৰণীয়াকে ধৰি দলীয় নেতৃবৰ্গৰ সৈতে কেবাশতাধিক সমৰ্থকে অংশগ্ৰহণ কৰে ।

দলৰ নেতৃবর্গকে ধৰি হাজাৰ হাজাৰ কর্মী-সমর্থকে আকৌ এবাৰ মোদী চৰকাৰ, বিজেপি জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ বিজুলী কলিতা মেধি জিন্দাবাদ, গুৱাহাটী লোকসভা সমষ্টিৰ পৰা বিজেপি জিকিবই ধ্বনি দি আকাশ-বতাহ মুখৰ কৰি তোলে । গুৱাহাটীৰ খানাপাৰা খেলপথাৰৰ পৰা পৰা সহস্ৰাধিক নেতা-কর্মী, সমর্থকে ঢোলে-দগৰে সমদল উলিয়াই বিজুলী কলিতা মেধিক হেঙেৰাবাৰীস্থিত কামৰূপ মহানগৰ জিলা আযুক্তৰ কার্যালয়লৈ আগবঢ়াই নিয়ে ।

সমদলৰ অন্তত মনোনয়নপত্ৰ দাখিল কৰি সংবাদ মাধ্যমৰ আগত বিজুলী কলিতা মেধিয়ে কয়, ‘‘মুখ্যমন্ত্ৰীয়ে কোৱা কথা আখৰে আখৰে ফলিয়াইছে । ৰাইজ মিত্ৰজোঁটৰ লগত আছে । ৰাইজ উন্নয়ন, প্ৰগতি, বিকাশৰ লগত আছে । ৰাইজ আমাৰ লগত আছে ৷ আমি দৃঢ়বিশ্বাসী ।’’

৫ লাখ ভোটত জয় হ’ব বুলি আত্মবিশ্বাসী বিজুলী কলিতা । ভৱেশ কলিতাই কয়, ‘‘গুৱাহাটীত বিৰোধী নাই । ৫ লাখতকৈ অধিক ভোটত জয় হ'ব বিজুলী কলিতা ।’’ উল্লেখ্য যে ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ বাবে ইতিপূৰ্বে মনোনয়ন পত্ৰ দাখিল কৰা ৬ গৰাকী প্ৰাৰ্থী হ'ল কংগ্ৰেছৰ মীৰা বৰঠাকুৰ গোস্বামী, একম সনাতন ভাৰত দলৰ অমিতাভ শৰ্মা, নিৰ্দলীয় প্ৰাৰ্থী অৰ্পিতা চৌধুৰী, ভোটাৰ্চ পাৰ্টী ইন্টাৰনেশ্যনেল দলৰ দীপক কুমাৰ বড়ো, নিৰ্দলীয় প্ৰাৰ্থী কাজী নেকিব আহমেদ আৰু কৰ্ণেল গোকুল চন্দ্ৰ সিংহ ৷

উল্লেখ্য যে আজি বিয়লি ৩ বজা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়নপত্ৰ দাখিলৰ অন্তিম সময়সীমা ৷

লগতে পঢ়ক: বিজয়ৰ লক্ষ্যৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ কেইবাগৰাকীও লোকসভাৰ প্ৰাৰ্থীয়ে