বিজয়ৰ লক্ষ্যৰে ভোটাধিকাৰ সাব্যস্ত কৰিলে ৰাজ্যৰ কেইবাগৰাকীও লোকসভাৰ প্ৰাৰ্থীয়ে - Lok sabha Election 2024
1st phase of Lok sabha Election: নিজ নিজ লোকসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱা, তপন কুমাৰ গগৈ আৰু বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে ৷ ভোটদান কৰি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে সংবাদ মাধ্যমৰ আগত ৷

Published : April 19, 2024 at 12:09 PM IST
নিউজ ডেস্ক, 19 এপ্ৰিল: ৰাজ্যত প্ৰথম পৰ্যায়ত আৰম্ভ হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে সৰ্বসাধাৰণৰ সমান্তৰালভাবে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱা প্ৰাৰ্থীসকলেও ৷ 78 নং ধেমাজি বিধানসভা সমষ্টিৰ অধীনৰ 158 নং ধেমাজি ৰূপনাথ ব্ৰহ্ম হাইস্কুলৰ ভোটগ্ৰহণ কেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাই ৷ বিগত বৰ্ষতকৈ এইবাৰ অধিক ভোটৰ ব্যৱধানত নিৰ্বাচনত জয়লাভ কৰিব বুলি দাবী কৰে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷
আনহাতে, বিৰোধী ঐক্য মঞ্চৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী লুৰীণজ্যোতি গগৈয়ে লাইপুলিৰ উচ্চ মাধ্যমিক বিদ্যালয়ত প্ৰদান কৰে ভোটদান ৷ লাইপুলি উচ্চ মাধ্যমিক বিদ্যালয়ত ভোটদান কৰি দেশৰ গণতন্ত্ৰ, সংবিধান ৰক্ষাৰ বাবে ভোটদান কৰিবলৈ সকলোলৈ আহ্বান জনায় ৷ লগতে 95 শতাংশ ভোটদান সাব্যস্ত কৰিবলৈ আহ্বান জনাইছে আটাইকেইটা সমষ্টিতে ৷
সমান্তৰালভাবে, পুৱাই পিতৃৰ চৰণ চুই ভোটাধিকাৰ সাব্যস্ত কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে ৷ সোণাৰিৰ নগাহাট উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান কৰিলে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে । পিতৃ নগেন গগৈ, সহধৰ্মিনী ড° বিনীতা শইকীয়াসহ ভোটদান কৰিলে তপন কুমাৰ গগৈয়ে ।
ভোটাধিকাৰ সাব্যস্ত কৰি তপন কুমাৰ গগৈয়ে কয়, "ৰাইজে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ভোটদান কৰিব ৷ ৰাইজৰ ওপৰত বিশ্বাস আছে । উন্নয়নৰ স্বাৰ্থত সকলো শ্ৰেণীৰ লোকে ভোটদান কৰিব । সাংসদ হিচাপে যি উন্নয়নমূলক কাম কৰিব পাৰিলো তাক চাই ৰাইজে ভোট প্ৰদান কৰিব ।"
যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বৰ্তমানৰ সাংসদ তপন কুমাৰ গগৈৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ’ব বুলি ৰাজনৈতিক মহলত তীব্ৰ চৰ্চা চলা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক: আজি ইভিএমত বন্দী হ’ব 35 গৰাকী প্ৰাৰ্থীৰ ভাগ্য ! কোন কোন সেইসকল ৰথী-মহাৰথী - lok sabha election 2024

