ETV Bharat / politics

দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ - ASSAM CONGRESS LEADERS QUIT PARTY

author img

By ETV Bharat Assamese Team

Published : Mar 30, 2024, 3:50 PM IST

Updated : Mar 30, 2024, 6:33 PM IST

Assam Congress: যেন অভিশপ্ত শনিবাৰ কংগ্ৰেছৰ বাবে ! একেলগে চাৰিগৰাকী প্ৰভাৱশালী নেতাই শনিবাৰৰ দিনটোতেই চিৰনমস্কাৰ জনালে ৰাজীৱ ভৱনক ৷

Assam Congress
দুই প্ৰাক্তন মন্ত্ৰীৰ পুত্ৰসহ চাৰিজনে এৰিলে কংগ্ৰেছ

গুৱাহাটী, ৩০ মাৰ্চ : বিড়ম্বনাৰ যেন শেষেই নহ’ব কংগ্ৰেছ দলত৷ আজি শনিবাৰৰ দিনটোতেই আকৌ এবাৰৰ বাবে শনি লাগিল কংগ্ৰেছত ৷ এজন নহয়, দুজন নহয়, একেলগে চাৰিজনকৈ প্ৰভাৱশালী কংগ্ৰেছ নেতাই আজিৰ দিনটোত কংগ্ৰেছ দল আৰু ৰাজীৱ ভৱনক চিৰনমস্কাৰ জনাই নতুন বাটেৰে বাট বুলিলে ৷ প্ৰতিবেদনৰ আৰম্ভণিতেই দি ল’ব খুজিছোঁ আজিৰ দিনটোত কংগ্ৰেছ ত্যাগ কৰা নেতা চাৰিজনৰ নাম ৷ প্ৰথমজন হ’ল প্ৰবীণ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰা, দ্বিতীয়জন প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ কিশোৰ ভট্টাচাৰ্য, তৃতীয়জন অল ইণ্ডিয়া প্ৰফেশ্যনেলছ কংগ্ৰেছৰ অসমৰ সভাপতি গৌৰৱ সোমানী আৰু চতুৰ্থজন হৈছে প্ৰাক্তন মন্ত্ৰী প্ৰয়াত শৰৎ বৰকটকীৰ পুত্ৰ তথা শিৱসাগৰ জিলাৰ প্ৰভাৱশালী নেতা অনুজ বৰকটকী ৷

প্ৰবীণ কংগ্ৰেছ নেতা, প্ৰাক্তন মন্ত্ৰী অকণ বৰাৰ পুত্ৰ মানস বৰাই আজি নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খৰ্গেলৈ । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগপত্ৰ প্ৰেৰণ কৰি গৌৰৱ সোমানীয়ে দলটোৰ প্ৰাথমিক সদস্য পদৰ পৰা পদত্যাগ কৰে । যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ ঘনিষ্ঠ এই দুয়োজন যুৱনেতাৰ কংগ্ৰেছ ত্যাগে যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

কালিলৈকে মানস বৰা আৰু তেওঁৰ পিতৃ অকণ বৰাই গৌৰৱ গগৈৰ হৈ যোৰহাট লোকসভা সমষ্টিত প্ৰচাৰ চলোৱা দেখা গৈছিল । বিগত কেইবা বছৰ ধৰি সাংসদ গৌৰৱ গগৈৰ ছাঁটোৰ দৰে বিভিন্ন ঠাইত দেখা পোৱা গৈছিল মানস বৰাক ৷ আজি কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যোৱাৰ বাবে নিজৰ বাট মুকলি কৰিলে মানস বৰাই । এয়া ৰাজ্যখন আৰু ৰাজ্যৰ জনতাৰ হকে কাম কৰাৰ বাবে নতুন সুযোগ আৰু যাত্ৰা আৰম্ভ কৰাৰ সময় বুলি নিজৰ পদত্যাগপত্ৰত উল্লেখ কৰি বিজেপিত যোগ দিয়াৰেই এক প্ৰকাৰ স্পষ্ট ইংগিত দিছে মানস বৰাই ।

পদত্যাগ পত্ৰত কংগ্ৰছে ত্যাগী মানস বৰাই উল্লেখ কৰিছে- “ গধুৰ অন্তৰেৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰাথমিক সদস্য পদৰ পদৰ পৰা মই পদত্যাগপত্ৰ আগবঢ়াইছো ৷ মোক ৰাজ্যৰ জনসাধাৰণৰ সেৱা কৰাৰ বাবে যি সুযোগ অৰ্পণ কৰিলে আৰু মোৰ কাৰ্যকালত আপোনালোকে মোক দিয়া সকলো দায়িত্ব আৰু কৰ্তব্যৰ বাবে মই আন্তৰিকতাৰে কৃতজ্ঞ । মোৰ পদত্যাগ ৩০ মাৰ্চ, 2024 তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ গ্ৰহণ কৰিব । মই বিশ্বাস কৰোঁ যে মোৰ ওপৰত বিশ্বাস থকা জনসাধাৰণ আৰু মই প্ৰতিনিধিত্ব কৰা ৰাষ্ট্ৰৰ কল্যাণৰ বাবে নতুন সুযোগ আৰু যাত্ৰা কৰাৰ সময় এয়া ৷” এইদৰে পদত্যাগ পত্ৰত উল্লেখ কৰি বিজেপিত যোগদানৰ ইংগিতো দিলে মানস বৰাই ৷

আনহাতে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰালৈ লিখা পত্ৰখনত আনজন যুৱনেতা গৌৰৱ সোমানীয়ে উল্লেখ কৰিছে- “যোৱা ২৪ টা বছৰত কংগ্ৰেছ দলত মোৰ যাত্ৰা সম্পূৰ্ণৰূপে উৎসৰ্গিত আছিল ৷ ১৯৯৯ চনত এন এছ ইউ আইৰ সৈতে ছাত্ৰ ৰাজনীতিত মোৰ যাত্ৰা আৰম্ভ কৰি যুৱ কংগ্ৰেছ আৰু পিছত সৰ্বভাৰতীয় পেছাদাৰী কংগ্ৰেছ (AIPC) অসম ইউনিটৰ ৰাজ্যিক সভাপতিৰ লগতে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক আৰু কংগ্ৰেছ দলৰ মুখপাত্ৰ হিচাপে সেৱা আগবঢ়োৱাৰ সুবিধা লাভ কৰিছিলো ৷”

দলটোৰ ৰাজ্যিক নেতৃত্বৰ প্ৰতি ক্ষোভ উজাৰি জনতাৰ খং আৰু অসন্তুষ্টি অসমত দলটোৱে সঠিকভাৱে ব্যৱহাৰ কৰাৰ কৰাত ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন কৰে গৌৰৱ সোমানীয়ে ।

লগতে পঢ়ক: ৰাজ্যত শীঘ্ৰে প্ৰযোজ্য হ’ব ইউচিচি : মুখ্যমন্ত্ৰী

Last Updated : Mar 30, 2024, 6:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.