ETV Bharat / politics

ৰাজ্যত শীঘ্ৰে প্ৰযোজ্য হ’ব ইউচিচি : মুখ্যমন্ত্ৰী - Lok Sabha elections 2024

Lok Sabha elections 2024: শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীক শুভেচ্ছা জনোৱাৰ লগতে সমষ্টিটোৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত ভৱিষ্যদ্বাণী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

Assam CM said UCC will come into force in Assam after the Lok Sabha elections 2024
ৰাজ্যত শীঘ্ৰে প্ৰয়োজ্য হ’ব ইউচিচি: মুখ্যমন্ত্ৰী
author img

By ETV Bharat Assamese Team

Published : March 30, 2024 at 7:19 AM IST

|

Updated : March 30, 2024 at 1:26 PM IST

2 Min Read
Choose ETV Bharat
ৰাজ্যত শীঘ্ৰে প্ৰয়োজ্য হ’ব ইউচিচি: মুখ্যমন্ত্ৰী

গুৱাহাটী, 30 মাৰ্চ : লোকসভা নিৰ্বাচনৰ পাচতেই ৰাজ্যত প্ৰযোজ্য হ’ব ইউচিচি । শুকুৰবাৰে ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত উপস্থিত হৈ এই সদৰী কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ সমাগত নিৰ্বাচন সন্দৰ্ভত মন্তব্য আগবঢ়ায় শৰ্মাই কয়, "কৰিমগঞ্জ ,নগাঁৱত তিনিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ’ব আৰু অৱশেষত বিজেপি জয়ী হ’ব । 11 খন আসনত বিজেপিৰ কাৰো সৈতে প্ৰতিদ্বন্দ্বিতা নাই । নগাঁৱত কংগ্ৰেছ-এআইডিএফ-বিজেপিৰ হ’ব ত্ৰিকোণীয়া যুঁজ ।"

আনহাতে যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাটত যিমান মানুহ হৈছে আন মিটিঙত তেনে মানুহ নাই । কংগ্ৰেছৰ মিটিঙত উপস্থিত মানুহৰ ফটো কংগ্ৰেছীয়েই মোলৈ পঠিয়াই থাকে ।" ইফালে ভূপেন বৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী শৰ্মাই কয়, ‘‘মুখ্যমন্ত্ৰী হ’বলৈ ইচ্ছা থাকিলে ভূপেন বৰা বিজেপিলৈ আহিব লাগিব’’ ৷

মাজুলীক জিলা ঘোষণা তথা জিলাখনত বিকাশ বিজেপিয়েহে আনিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "যোৰহাটত সৰ্বাধিক লীড কম্পিটিশ্যন হ’ব ৷ কিন্তু মাজুলীত আমাৰ লীড হ’ব । কংগ্ৰেছে অখিল গগৈক অনুসৰণ কৰি প্ৰতিবাদ কৰা হৈছে । তিতাবৰত অজস্ৰ লীড পাম, সেয়া আমাৰ কাৰণে গৌৰৱৰ কথা ।"

লগতে পঢ়ক : গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ সৈতে বিশেষ সাক্ষাৎকাৰ - Lok Sabha Election 2024

উল্লেখ্য যে, অহা 6 এপ্ৰিলত ৰাজ্যৰ লখিমপুৰ সমষ্টিত এখন নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ । এই প্ৰচাৰ সভাক লৈ ৰণকৌশল প্ৰস্তুত কৰাৰ লগতে বিজেপি মিত্ৰজোঁটৰ অগপ আৰু ইউপিপিএল তথা সন্মিলিত গণ শক্তিৰ কাৰ্যকৰ্তা দলীয় সদস্যসকলে কিদৰে সমন্বয়ৰে প্ৰচাৰ চলাব তাক লৈ পুংখানুপুংখ আলোচনা কৰা হয় কালিৰ এই বৈঠকত ।

  • " class="align-text-top noRightClick twitterSection" data="">

1 এপ্ৰিলৰ পৰা 15 এপ্ৰিললৈ ধাৰাবাহিকভাবে প্ৰচাৰ কাৰ্যসূচীত ব্যস্ত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । প্ৰাক্তন বিজেপি কৰ্মকৰ্তা হিচাবে মীৰা বৰঠাকুৰ গোস্বামীক শুভেচ্ছা জনায় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

লগতে পঢ়ক: আগদুৱাৰেদিয়েই ইউ চি চি আনিব অসম চৰকাৰে : ঘোষণা মুখ্যমন্ত্ৰীৰ

Last Updated : March 30, 2024 at 1:26 PM IST