ETV Bharat / politics

কোন দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু প্ৰদ্যুৎ বৰদলৈ ? - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 7:15 AM IST

fight will be against the two communal forces in UPCOMING LS 2024 SAID congress leader Pradyut Bordoloi
কোন দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু প্ৰদ্যুত বৰদলৈ ?

Lok sabha Election 2024: নগাঁও লোকসভা সমষ্টিত বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাৰাথন নিৰ্বাচনী প্ৰচাৰ ৷ দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈ ৷

কোন দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু প্ৰদ্যুত বৰদলৈ ?

মৰিগাঁও, 3 এপ্ৰিল: "আগন্তুক 2024 ৰ লোকসভা নিৰ্বাচনত 9 নং নগাঁও লোকসভা সমষ্টিত দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ হ'ব" মঙলবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত জাগীৰোডৰ উলুকুছিত এই মন্তব্য আগবঢ়ায় নগাঁৱৰ সাংসদ তথা কংগ্ৰেছ আৰু বিৰোধী ঐক্যৰ সমৰ্থিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে । দুই সাম্প্ৰদায়িক শক্তিৰ বিৰুদ্ধে যুঁজ দিবলৈ নিৰ্বাচনী প্ৰচাৰ তৎপৰতাৰে আৰম্ভ কৰিছে কংগ্ৰেছী সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

শাসকীয় বিজেপি আৰু মৌলানা বদৰুদ্দিন আজমলৰ নেতৃত্বাধীন এ আই ইউ ডি এফৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিপৰীতে এইবাৰ 2024 ৰ লোকসভা নিৰ্বাচনত এঘৰী যুঁজিবলৈ কঁকালত টঙালি বান্ধিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । জাগীৰোডৰ উলুকুছিত অৱস্থিত শীতলা মন্দিৰত মঙলবাৰে সেৱা জনায় বৰদলৈয়ে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ইয়াৰ পিচত কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে সুৰেশ বৰাক কটাক্ষ কৰি কয়, " মোদী মেজিক আৰু মামা মেজিকৰ ভয়ত অলপ ধতুৱা সুৰেশ বৰাই কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে ৷" ইফালে, মাজুলীত মুখ্যমন্ত্ৰীয়ে চাইকেলেৰে নিৰ্বাচনী প্ৰচাৰ চলোৱা সন্দৰ্ভত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকীয়ে কয়, এনেকুৱা নিৰ্বাচনী চমক বিজেপিৰ নেতাসকলে দিয়ে ৷ কিন্তু পৰৱৰ্তী সময়ত সেয়া পাহৰি যায় আৰু ৰাইজৰ সমস্যা সমাধানত পিঠি দিয়ে ৷"

আনহাতে কংগ্ৰেছ আৰু বিৰোধী দলসমূহে দাখিল কৰা মহাঅভিযোগনামা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এটাও মাত নামাতিলে কিয় বুলিও প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈয়ে ৷

উল্লেখ্য যে, সোমবাৰে সমষ্টিটোত প্ৰদ্যুৎ বৰদলৈৰ সমৰ্থনত প্ৰচাৰ অভিযানত অংশ লৈছিল অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই ৷ এই অভিযানত অংশ লৈ বৰাই কয়, "... নগাঁও লোকসভা সমষ্টিটোত বিজেপি দলে মানুহ বিচাৰি নাপালে । আমাৰ দলৰ পৰা বলিৰ পঠা সজাবলৈ দূৰ্গা পূজাত ছাগলী বলি দিবলৈ ডিঙিত ৰছী লগাই সুৰেশ বৰাক টানি টানি নিছে ।"

লগতে পঢ়ক: বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.