ETV Bharat / politics

বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা - LOK SABHA ELECTION 2024

Lok Sabha Election 2024: লাহৰীঘাট বিধানসভা সমষ্টিত বিৰোধী ঐক্যৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ মাৰাথন প্ৰচাৰত অংশগ্ৰহণ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰাক মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচন কৰিম বুলি দাবী কৰি অহা সন্দৰ্ভতো নিজা প্ৰতিক্ৰিয়া ব্যক্ত বৰাৰ ৷

Bhupen Kumar Borah criticized BJP for giving nomination Suresh Bora from Nowgong Lok Sabha constituency
বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা
author img

By ETV Bharat Assamese Team

Published : April 2, 2024 at 7:22 AM IST

2 Min Read
Choose ETV Bharat
বলিৰ পঠা সজোৱা হৈছে ন বিজেপি সুৰেশ বৰাক: ভূপেন বৰা

মৰিগাঁও/ধিং, 2 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসক-বিৰোধী উভয়ে আৰম্ভ কৰিছে মাৰাথন নিৰ্বাচনী প্ৰচাৰ ৷ সোমবাৰে নগাঁও লোকসভা সমষ্টিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই সমষ্টিটোত বিৰোধী ঐক্যৰ দ্বাৰা প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰে ৷

সংখ্যালঘু ভোটাৰ অধ্যুষিত লাহৰীঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কেবাঠাইত কংগ্ৰেছ দলে প্ৰচাৰ অভিযান চলায় ৷ লাহৰীঘাটৰ বিধায়ক আচিফ নাজাৰে আয়োজন কৰা এক ইফটাৰ পাৰ্টীত অংশগ্ৰহণ কৰিবলৈ অহা বৰাই কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ হৈ প্ৰচাৰ চলায় কয়, "হিমন্ত বিশ্ব শৰ্মাৰ অনুগ্ৰহত কংগ্ৰেছে চৰকাৰ নকৰে । ৰাইজৰ সমৰ্থনত কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিব । নগাঁও লোকসভা সমষ্টিটোত বিজেপি দলে মানুহ বিচাৰি নাপালে । আমাৰ দলৰ পৰা বলিৰ পঠা সজাবলৈ দূৰ্গা পূজাত ছাগলী বলি দিবলৈ ডিঙিত ৰছী লগাই সুৰেশ বৰাক টানি টানি নিছে ।"

সমান্তৰালভাৱে, বিজেপি প্ৰাৰ্থী সুৰেশ বৰা আৰু কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুত বৰদলৈৰ কোনো কাৰণতে তুলনা নহয় বুলি দাবী কৰে বৰাই ।

ইয়াৰোপৰি বিজেপি দলত যোগদান কৰিলে কংগ্ৰেছ সভাপতিগৰাকীক ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ দাবী কৰি অহা সন্দৰ্ভত বৰাই কয়, "আমি অসমৰ ৰাইজৰ কৃপাত চৰকাৰ গঠন কৰিম, হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত আমি চৰকাৰ গঠন নকৰো । ৰাইজৰ সেৱা আৰু কাম কৰিবলৈ আমাৰ মন আছে ৷ গতিকে ৰাইজৰ আশীৰ্বাদতহে আমি চৰকাৰ গঠন কৰিম । বিজেপি উজনি অসমত ধূলিসাৎ হ’ব আৰু নগাঁওতো বিজেপিৰ চিন-চাপ নাইকিয়া হ’ব ৷"

ইয়াৰ লগতে হিমন্ত বিশ্ব শৰ্মা কোন বুলিও কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লাগ-বান্ধ নোহোৱা কথা ক’ব আৰু আপোনালোকে আমাৰ পৰা উত্তৰ বিচাৰিব ? মূল্যবৃদ্ধিৰ বিষয়টোত আপোনালোকে কথা কিয় নাপাতে " মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ দলৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত সংবাদ মাধ্যমে সোধা প্ৰশ্নৰ ক্ষেত্ৰত এনেদৰে প্ৰতিক্ৰিয়া আগবঢ়ায় জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰদ্যুত বৰদলৈয়ে ।

  • " class="align-text-top noRightClick twitterSection" data="">

লগতে পঢ়ক: ৰকিবুল হুছেইনৰ সৈতে এতিয়াও ককাই-ভাইৰ দৰেই সম্পৰ্ক আছে: সুৰেশ বৰা - Lok Sabha Election 2024