ETV Bharat / politics

কংগ্ৰেছৰ কোন কোন নেতাই নিশা হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিছিল ? ক’ব দাদু টায়েই

Golaghat Congress: ন্যায় বিচাৰি শনিবাৰে প্ৰতিবাদত নামিব গোলাঘাট কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতি দাদু টায়ে ৷ কংগ্ৰেছ দল কাৰো পৈতৃক সম্পত্তি নহয় বুলিও মন্তব্য কৰে দাদু টায়ে ৷ ইফালে পদবী হেৰুৱাৰ হোৱাৰ পিচতে গৌৰৱ গগৈ, ভূপেন বৰাৰ বিৰুদ্ধে কটু মন্তব্য প্ৰকাশ কৰিছে দাদু টায়ে ৷

Dadu Taye
গোলাঘাট কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়ে
author img

By ETV Bharat Assamese Team

Published : February 16, 2024 at 6:13 PM IST

|

Updated : February 16, 2024 at 6:55 PM IST

3 Min Read
Choose ETV Bharat
গোলাঘাট কংগ্ৰেছৰ অপসাৰিত সভাপতি দাদু টায়ে

গোলাঘাট, 16 ফেব্ৰুৱাৰী: কংগ্ৰেছ দলৰ বহু নেতাই নিশা বিজেপি দলৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত নিশা লগ ধৰিছিল, কিন্তু সেইসকল কংগ্ৰেছৰ নেতাৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । এক সংবাদ মেলত কংগ্ৰেছ নেতৃত্বৰ বিৰূদ্ধে এই বিস্ফোৰক অভিযোগ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সদ্য অপসাৰিত সভাপতি দাদু টায়েৰ ।

দাদু টায়েই কয় যে গোলাঘাট জিলা কংগ্ৰেছ দলৰ বিপৰ্যয়ৰ সময়ত তেওঁ জিলা কংগ্ৰেছ কমিটিৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল । কংগ্ৰেছ দলত তেওঁ সততা আৰু নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি আহিছিল ৷ কিন্তু তাৰ পিচতো মাত্ৰ এখন ফটোক কেন্দ্ৰ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কোনোধৰণৰ আত্মপক্ষ সমৰ্থনৰ সুযোগ নিদিয়াকৈ গোলাঘাট জিলা কংগ্ৰেছ কমিটিৰ সভাপতি পদৰ পৰা অব্যাহতি দিয়া বুলি অভিযোগ উত্থাপন কৰিছে দাদু টায়েই ।

উল্লেখ্য যে যোৱা ১৪ ফ্ৰেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক দলীয় কাৰ্যসূচী লৈ সৰুপথাৰ সমষ্টিৰ ৰজা পুখুৰী শ্যাম গাঁৱত নিশা কটাবলৈ আহিছিল ৷ সেই সময়ত গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়েই মুখ্যমন্ত্ৰীগৰাকীক লগ ধৰি গামোচা পিন্ধোৱাৰ এখন ফটো সামাজিক মাধ্যমত প্ৰকাশ হোৱাৰ পিচত দাদু টায়েক প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা এক পত্ৰ প্ৰেৰণ কৰি তেখেতক জিলা সভাপতি পদৰ পৰা অব্যাহতি দিয়ে ।

কিন্তু দাদু টায়েই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ কথা সম্পূৰ্ণ ব্যক্তিগত বুলি তেখেতে জানিবলৈ দিয়ে তেওঁ ৷ ইয়াৰোপৰি তেওঁ কয় যে দলৰ সভাপতি আৰু কলিয়াবৰৰ সাংসদক জনাইহে তেওঁ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিছিল । বহু নেতাই মুখ্যমন্ত্ৰীক লগ কৰাৰ ফটোও তেওঁৰ হাতত আছে বুলি জানিবলৈ দিয়ে দাদু টায়েই । আনহাতে গৌৰৱ গগৈয়ে নগাঁৱত ৰকিবুল হুছেইনৰ লুঙীৰ তলত সোমাবলৈ গৈছে বুলি মন্তব্য কৰি অপসাৰিত সভাপতিগৰাকীয়ে কয় যে কংগ্ৰেছ কাৰো পৈত্তিক সম্পতি নহয় ।

কাইলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত অনশনত বহি বুলি জানিবলৈ দি ন্যায় নোপোৱালৈকে যুঁজি যাব বুলি মন্তব্য কৰে দাদু টায়েই । ইয়াৰোপৰি বহুত বাঘা বাঘা নেতাৰ মুখা খুলিব বুলিও এক প্ৰকাৰে ভাবুকি প্ৰদান কৰে দাদু টায়েই ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতিৰ পদ হেৰুৱালে দাদু টায়েই । গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা তৎকালে অপসাৰন কৰা হয় বোকাখাতৰ দাদু টায়েক । ৭২ ঘন্টাৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে দাদু টায়েলৈ । ইফালে জাননী লাভ কৰিয়েই গোলাঘাট জিলা কংগ্ৰেছৰ সদ্য অপসাৰিত সভাপতিগৰাকীয়ে বোকাখাতত এক সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, ৰকিবুল হুছেইনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীক গামোচা পিন্ধাই অপসাৰিত হ’ল গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি দাদু টায়ে

Last Updated : February 16, 2024 at 6:55 PM IST