ETV Bharat / politics

প্ৰতিকূল বতৰকো নেওচি মহানগৰীৰ ৰাজপথত কংগ্ৰেছৰ বিশাল ৰেলী - Lok sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : May 5, 2024, 4:46 PM IST

Updated : May 5, 2024, 5:52 PM IST

Mira Borthakur : নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা মহানগৰীৰ ৰাজপথত কংগ্ৰেছৰ বিশাল ৰেলী বাহিৰ ৷ এ বি চি-স্থিত ৰাজীৱ ভৱনৰ পৰা দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ বাহিৰ কৰা হয় এই বিশাল ৰেলী ৷ উল্লেখ্য যে, আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ শেষৰটো দিন ৷

Mira Borthakur
মহানগৰীৰ ৰাজপথত কংগ্ৰেছৰ বিশাল ৰেলী (ইটিভি ভাৰত অসম)

মহানগৰীৰ ৰাজপথত কংগ্ৰেছৰ বিশাল ৰেলী (ইটিভি ভাৰত অসম)

গুৱাহাটী, 5 মে’ : প্ৰতিকূল বতৰকো নেওচি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা বিশাল ৰোড শ্ব'ৰে গুৱাহাটী মহানগৰীত শক্তি প্ৰদৰ্শন কৰে কংগ্ৰেছ দলে । 5 নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ নিৰ্বাচনী প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীৰ সমৰ্থনত ৰাজীৱ ভৱনৰ পৰা ওলোৱা হয় দিছপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সলৈ উলিওৱা হয় এই বিশাল ৰেলী ।

মীৰা বৰঠাকুৰ গোস্বামীয়ে হাতত ভাৰতীয় সংবিধানখন লৈ অংশগ্ৰহণ কৰে এই ৰোড শ্ব'ত ৷ প্ৰাৰ্থীগৰাকীক এই ৰেলীত সংগ দিয়ে কংগ্ৰেছ নেতা ৰেকিবুদ্দিন আহমেদ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈকে ধৰি দলীয় তথা বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই ৷

ৰেলীৰ অন্তত কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে কয়, "প্ৰতিকূল বতৰকো নেওচি ৰাইজ ওলাই আহিছে । বৰষুণত তিতি তিতি হ’লেও আজি ইমান ৰাইজে ৰেলীত অংশ লৈছে ৷ এয়াই প্ৰমাণ কৰে যে, ৰাইজে এইবাৰ সংবিধানক সুৰক্ষা প্ৰদান কৰিব ৷ ৰাইজে সংবিধানৰ স্বাৰ্থত ভোট দিব ৷ মোৰ বিশ্বাস বাঢ়িছে যে মই ৭ তাৰিখে জয়ী হ'ব পাৰিম"।

ইফালে ৰেকিবুদ্দিন আহমেদে এই ৰেলীৰ সন্দৰ্ভত কয় যে, "আজি এটা আনন্দৰ সময় ৷ আজি ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে ৷ লগতে সকলোকে ধন্যবাদ জনাই আহমেদে কয়,'আমি প্ৰায় ৩ লাখ ভোটৰ ব্যৱধানত গুৱাহাটী সমষ্টিৰ পৰা জয়যুক্ত হ’ম" ৷

ৰেলীত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, "গুৱাহাটী লোকসভা সমষ্টিত আমি জনতাৰ চুনামি দেখিবলৈ পাইছোঁ ৷ মীৰা বৰঠাকুৰ গোস্বামীক অগ্নিকন্যা আখ্যা দি লুৰীণে কয়, "আমাৰ হৈ যুঁজিবলৈ, আমাৰ অধিকাৰৰ হৈ মাত মাতিবলৈ গুৱাহাটী সমষ্টিৰ ৰাইজে এগৰাকী অগ্নিকন্যা মীৰা বৰঠাকুৰ বাইদেউক নিৰ্বাচিত কৰি দিল্লীলৈ পঠিয়াব ৷ আজিৰ এই জনসমুদ্ৰই এটা কথাকে প্ৰমাণ কৰিছে যে, জাতিক কৰা অন্যায়ৰ বিৰুদ্ধে এইবাৰ জনতাই ভোটদান কৰিব ৷

লগতে পঢ়ক : ভোট যুদ্ধৰ শেষ প্ৰচাৰ; ৪ সমষ্টিত অন্তিম শক্তি প্ৰদৰ্শনৰ প্ৰয়াস প্ৰাৰ্থীৰ - Lok Sabha Election 2024

Last Updated :May 5, 2024, 5:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.