ETV Bharat / politics

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানত বেছি চলিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

author img

By ETV Bharat Assamese Team

Published : Apr 29, 2024, 9:30 PM IST

Lok Sabha Election 2024
কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানত বেছি চলিব: মুখ্যমন্ত্ৰী

Lok Sabha Election 2024: একেদিনাই বৰপেটা লোকসভা সমষ্টিৰ কেইবাটাও স্থানত নিৰ্বাচনী প্ৰচাৰ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ । বৰক্ষেত্ৰীৰ মুগদীৰ প্ৰচাৰ সভাত কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ । কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰৰো তীব্ৰ সমালোচনা মুখ্যমন্ত্ৰীৰ ।

কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানত বেছি চলিব: মুখ্যমন্ত্ৰী

নলবাৰী,২৯ এপ্ৰিল : অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন স্থানত নিৰ্বাচনী প্ৰচাৰ চলায় । তাৰ অংশ হিচাপে নলবাৰীৰ বৰক্ষেত্ৰীৰ মুগদীতো এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে । সৰুপেটাৰ পৰা হেলিকপ্তাৰযোগে পোনে পোনে নলবাৰীৰ মুগদীত উপস্থিত হয় মুখ্যমন্ত্ৰীগৰাকী ।

ভাষণ প্ৰসংগত পৰিয়ালৰ মুৰব্বীৰ নামত দুটাকৈ বীমাকৰণ কৰাৰ কথা ঘোষণা কৰাৰ লগতে নতুনকৈ ৫০ হাজাৰ লোকক চৰকাৰী চাকৰি দিয়াৰ কথাও ঘোষণা কৰে । একেদৰে ৰেচন কাৰ্ড থকা সকলোকে অৰুণোদয় দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে । আনহাতে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সূৰ্যৰ লগত তুলনা কৰাৰ লগতে মুখ্যমন্ত্ৰীসকলক চন্দ্ৰ বুলি অভিহিত কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

একেদৰে কংগ্ৰেছৰ নিৰ্বাচনী ইস্তাহাৰ পাকিস্তানত হে চলিব ভাৰতত নহয় বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । নিৰ্বাচনী প্ৰচাৰৰ অন্তত সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে বৰক্ষেত্ৰী ৰাইজৰ প্ৰশংসা কৰে । আনহাতে চিপিআইএমৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ কিম্বা বিৰোধীৰ কোনো প্ৰাৰ্থীৰ বিৰুদ্ধে একো মন্তব্য নকৰি বিনামূলীয়া প্ৰচাৰ নচলায় বুলিও তেওঁ মন্তব্য কৰে ।

ইফালে ভূপেন বৰাই বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক যুদ্ধৰ মাজতে টোপনি যোৱা সেনাপতি আখ্যা দিয়া সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয় যে ফণীভূষণ চৌধুৰী এগৰাকী জ্যেষ্ঠ নেতা । কোনো ৰাজনীতিকে এনেকুৱা জ্যেষ্ঠ লোকৰ ওপৰত অশালীন মন্তব্য নকৰাতো ভাল । কিয়নো নিৰ্বাচনৰ পিচত সকলোৱে ইজনে সিজনক লগ পাব আৰু তেতিয়া সকলোৱে ভালকৈয়েই সম্বোধন কৰিব ।

অখিল গগৈয়ে বৰপেটাত বিৰোধীৰ সকলো প্ৰাৰ্থীক এক হৈ নিৰ্বাচন খেলিবলৈ দিয়া মন্তব্য সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত কোনো স্থানতে বিৰোধী দেখা পোৱা নাই বুলি উল্লেখ কৰে । অসমৰ ৬-৭ গৰাকী বিৰোধী প্ৰাৰ্থীৰ আজিলৈকে ৰাইজে কোনো নামেই শুনা নাই বুলিও তেওঁ দাবী কৰে । কংগ্ৰেছক সমালোচনা কৰি তেওঁ কয় যে কংগ্ৰেছত কোনো মানুহেই নাই, ৰাজীৱ ভৱনত বহা কোনো মানুহেই নাই ।

লগতে পঢ়ক :কোলাত কেঁচুৱা থকা মহিলাক ৰোড শ্ব’ৰ পৰা বিৰত থকাৰ আহ্বান মুখ্যমন্ত্ৰীৰ - LOK SABHA ELECTION 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.