ETV Bharat / politics

কংগ্ৰেছৰ গোপনীয় কথা মুখ্যমন্ত্ৰীয়ে হঠাতেই গম পায়: গৌৰৱ গগৈ - Lok Sabha elections 2024

author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 10:08 PM IST

Jorhat Lok Sabha constituency
কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ

Priyanka Gandhi Assam visit: অহা ১৬ এপ্ৰিলত প্ৰিয়ংকা গান্ধীয়ে যোৰহটীয়া ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ আহিব । আজি এই কথা সদৰী কৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ।

কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ

যোৰহাট, ১৪ এপ্ৰিল: এতিয়া ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈছে যোৰহাট লোকসভা সমষ্টিত । সেয়েহে শাসক পক্ষৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰা আদি কৰি মন্ত্ৰী-বিধায়কে যোৰহাট সমষ্টিটোত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে । সমান্তৰালভাৱে প্ৰচাৰ চলাইছে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে । তাৰকাবিহীনভাৱেই প্ৰচাৰ চলাই গৈছে গৌৰৱ গগৈয়ে ।

আজি ৰংঘৰৰ বাকৰিত বিহু উপভোগ কৰি নিশাৰ ভাগত যোৰহাট টাউনত উপস্থিত হয় গৌৰৱ গগৈ । ইয়াৰ পিচতেই তেওঁ কয় যে অহা ১৬ এপ্ৰিলত প্ৰিয়ংকা গান্ধীয়ে যোৰহটীয়া ৰাইজৰ সমস্যা বুজ ল'বলৈ আহিব আৰু যোৰহাটৰ লগতে তিতাবৰলৈ যাব । লগতে তেওঁ কয় যে প্ৰিয়ংকা গান্ধী আহিব যোৰহাট লোকসভা সমষ্টিৰ ৰাইজৰ কন্ঠ সবল কৰিবলৈ ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰথমতে গৌৰৱ গগৈয়ে নগৰৰ মাজমজিয়াত থকা মন্দিৰত সেৱা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়,"মুখ্যমন্ত্ৰীৰ ৰেলীত অংশগ্ৰহণ কৰিবলৈ অহা লোকসকলে ৫০০টকাৰ বাবেহে আহে । কিন্তু ভোটটো মোকেই দিব ।" লগতে তেওঁ কয় যে যোৰহাটৰ ৰাইজ তথা ব্যৱসায়ীসকলে নগৰৰ মাজমজিয়াত হ'বলগা উৰণীয়া সেতুৰ বিৰোধিতা কৰিছে । সেয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ পিছতেই উৰণীয়া সেতু নিৰ্মাণৰ সিদ্ধান্ত বাতিল কৰিব লাগে বুলি তেওঁ মুখ্যমন্ত্ৰীক আহ্বান জনায় ।

তেওঁ পুনৰ কয় যে কংগ্ৰেছৰ গোপনীয় কথা মুখ্যমন্ত্ৰীগৰাকীয়ে হঠাতেই গম পায় যায় । কিন্তু ভোগদৈৰ ঐতিহ্যত আঘাত হানি অৱৈধভাৱে মাফিয়াই খনন কৰি আছে সেয়া গম নাপায় । লগতে তেওঁ কয় যে চাহ বাগিচা বন্ধ কৰি চাহ শ্ৰমিকসকলক ভূমিহীন কৰি তুলিব বিচাৰিছে । আজি গৌৰৱ গগৈয়ে নিশাৰ ভাগত উজনি অসম চেম্বাৰছ অৱ কৰ্মাচৰ যোৰহাটস্থিত কাৰ্যালয়ত ব্যৱসায়ী সকলৰ সৈতে এক মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই মতবিনিময় অনুষ্ঠানৰ জৰিয়তে ব্যৱসায়ী সকলৰ সমস্যাৰাজিৰ বিষয়ে আলোকপাত কৰা হয় ।

লগতে পঢ়ক:আজমলে সাম্প্ৰদায়িক মন্তব্য কৰি থকাটো বিজেপিয়ে বিচাৰে: গৌৰৱ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.