সৰ্বসাধাৰণৰ লগতে ভোটকেন্দ্ৰত শাৰী পাতি ভোট দিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থীয়েও - lok sabha election 2024
Lok Sabha Election 2024: সৰ্বসাধাৰণৰ লগতে প্ৰাৰ্থীসকলেও সাব্যস্ত কৰিলে ভোটাধিকাৰ ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জু, আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ, কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা আৰু কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে সাব্যস্ত কৰে ভোটাধিকাৰ ৷

Published : April 19, 2024 at 2:45 PM IST
নিউজ ডেস্ক, 19 এপ্ৰিল: সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আজি পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ৷ শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে ভোটাধিকাৰ সাব্যস্ত কৰিলে নিজৰ জন্ম স্থান কমাৰপুখুৰীত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে তেওঁৰ জয় নিশ্চিত আৰু বিপুল সংখ্যক ভোটত জয়যুক্ত হ’ব বুলি দাবী কৰে ।
আনফালে, ডিব্ৰুগড়ৰ আম আদমী পাৰ্টীৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ভোটাৰৰ শাৰীত থিয় হৈ ভোটদান সাব্যস্ত কৰে । 164 নং ডিব্ৰুগড় ডাইনিজান প্ৰাথমিক বিদ্যালয়ত আপৰ প্ৰাৰ্থীগৰাকীয়ে ভোটাৰৰ শাৰীত থিয় হৈ চলি থকা নিৰ্বাচনত ভোটাৰে পৰিৱৰ্তনৰ আশাৰে ভোটদান কৰিব বুলি আশা প্ৰকাশ কৰে । পত্নীক লগত লৈ ভোট প্ৰদান কৰি জয়যুক্ত হ’ব বুলি দাবী কৰে ডিব্ৰুগড়ৰ আপ প্ৰাৰ্থী মনোজ ধানোৱাৰে ।
260 নং গড়মূৰ দুলীয়া গাঁৱৰ প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাই । কাজিৰঙা লোকসভা সমষ্টিত তেওঁ বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে ।লগতে কংগ্ৰেছৰ বৰ্তমান সময়ত কাম নাই সেইকাৰণে চিঞৰি বুলিও বিৰোধী দলটোক সমালোচনা কৰে ৷
উল্লেখযোগ্য যে 14 নং যোৰহাট লোকসভা সমষ্টিৰ অন্তগত বিভিন্ন ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাৰ পৰাই ভোটদাতাৰ ভিৰ পৰিলক্ষিত হৈছে ৷
12 নং লখিমপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকাই ভোটদান সাব্যস্ত কৰে নগৰৰ সমীপৰ জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰত স্হাপন কৰা ভোট গ্রহণ কেন্দ্রত । নীৰৱ ৰাইজৰ ভোট পৰিৱৰ্তনৰ পক্ষত আছে বুলি উল্লেখ কৰি কংগ্রেছ দলৰ প্ৰাৰ্থীৰ উক্ত সমষ্টিত বিপুল ভোটত বিজয় হ’ব বুলি উল্লেখ কৰে ৷
শেহতীয়াকৈ তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা বিভিন্ন বিতৰ্ক সন্দৰ্ভত বক্তব্য আগবঢ়াই হাজৰিকাই কয়, " উপৰ্যুপৰি দুৰ্যোগৰ মাজত সোমাই পৰিলেও প্ৰচণ্ড আত্মবিশ্বাসী হৈ আছে ৷ "
পিতৃৰ সৈতে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে কাজিৰঙা লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ৰ'জলিনা তিৰ্কীয়ে । নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পিতৃ তথা সৰুপথাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক আৰ্কলিয়াছ তিৰ্কীৰ সৈতে পূৰ্বৰ সৰুপথাৰ আৰু বৰ্তমানৰ খুমটাই সমষ্টিৰ অন্তৰ্গত ৰঙাজান গাওঁ পঞ্চায়তৰ চৰিয়াখাট প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত উপস্থিত হয় ৰ'জলীনা তিৰ্কীয়ে । ভোটদান সাব্যস্ত কৰি সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত প্ৰাৰ্থী গৰাকীয়ে জয়ী হোৱাটো 100% নিশ্চিত বুলি দাবী কৰি অকল কাজিৰঙা লোকসভা সমষ্টিতেই নহয় অসম তথা ভাৰতবৰ্ষত ইণ্ডি মিত্ৰজোঁটে ভাল ফল লাভ কৰিব বুলি আশা ব্যক্ত কৰে ।

