ETV Bharat / politics

ডিব্ৰুগড় লোকসভা সমষ্টিৰ‌ অৱলোকন: সমষ্টিৰ পৰিধি বৃদ্ধি, ভোটাৰো বৃদ্ধি

author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 9:32 PM IST

Dibrugarh Lok Sabha Constituency
ডিব্ৰুগড় লোকসভা সমষ্টি

Dibrugarh Lok Sabha Constituency: চাহ বাগিচাৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা সমষ্টি হৈছে ডিব্ৰুগড় । য’ত এইবাৰ বিজেপিৰ পৰা সৰ্বানন্দ সোণোৱাল, আপৰ মনোজ ধানোৱাৰে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ অজাপৰ লুৰীণজ্যোতি গগৈয়ে প্ৰাৰ্থিত্ব লাভৰ সম্ভাৱনা ৷ ভোটাৰৰ সংখ্যা বৃদ্ধিয়ে কি প্ৰভাৱ পেলাব সমষ্টিটোত ?

গুৱাহাটী, ১২ মাৰ্চ : লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনৰ বাবে সকলো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধিছে ৷ অসমৰ 14 টা লোকসভা সমষ্টিতে দেখা গৈছে সকলো‌ দলৰ নিৰ্বাচনী তৎপৰতা ৷ অৱশ্যে এইবাৰ ৰাজনৈতিক প্ৰেক্ষাপট কিছু সলনি হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিচত লোকসভা নাইবা বিধানসভাৰ সমষ্টি সংখ্যা একেই আছে যদিও সীমাৰ ব্যাপক সাল-সলনি হৈছে ৷ তদুপৰি কেতবোৰ সমষ্টিৰ বিলুপ্তিকৰণৰ লগতে কেতবোৰ নতুন সমষ্টি গঠন কৰা হৈছে ৷ এক কথাত সমষ্টিৰ জনগাঁথনি বহুখিনি সলনি হৈছে ৷

নিৰ্বাচনী ফলাফলতো ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে ৷ ৰাজ্যৰ 14 টা লোকসভা সমষ্টিৰ ভিতৰত ডিব্ৰুগড় লোকসভা সমষ্টিৰ এক গুৰুত্ব আছে । কাৰণ এই সমষ্টিৰ পৰা সাংসদ হোৱা কেবাগৰাকী সাংসদ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ পদ অলংকৃত কৰিছে ।

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে আৰু পিচত ডিব্ৰুগড় লোকসভা সমষ্টি:

ডিব্ৰুগড় লোকসভা সমষ্টি উজনি অসমৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ এটা অসংৰক্ষিত সমষ্টি ৷ ভোটাৰৰ সংখ্যাৰ দিশৰ পৰা অসমৰ ১৪ টা সমষ্টিৰ ভিতৰত এই সমষ্টিটো গুৰুত্বপূৰ্ণ স্থান আছে ৷ ডিব্ৰুগড় সমষ্টিটো সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ৯ টা বিধানসভাৰ সমষ্টি আছিল ।

সেইকেইটা ক্ৰমে- মৰাণ, ডিব্ৰুগড়, লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ৷ সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিটো ১০ টা বিধানসভা সমষ্টিলৈ বৃদ্ধি কৰা হয় । সেইকেইটা ক্ৰমে- ডিব্ৰুগড়, চাবুৱা-লাহোৱাল, দুলীয়াজান, টিংখাং, নাহৰকটীয়া, তিনিচুকীয়া, ডিগবৈ, মাকুম, খোৱাং আৰু মাৰ্ঘেৰিটা বিধানসভা সমষ্টি ।

ভোটাৰ সংখ্যা বৃদ্ধি:

সমষ্টি পুনৰ্নিদ্ধাৰণৰ পূৰ্বে ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ১২,৯৭,৬৭১গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ আছিল ৬,৫৬,৪৮৭ জন আৰু মহিলা ভোটাৰ ৬,৪১,১৬১ গৰাকী আছিল । তৃতীয় লিংগৰ ভোটাৰ আছিল ২৩ গৰাকী । সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হয় ১৬,৫০,৭০৬ গৰাকী । ইয়াৰে পুৰুষ ভোটাৰ ৮,০৬,৯৩৫ জন আৰু মহিলা ভোটাৰ ৮,৪৩,৭৩৮ গৰাকী । তৃতীয় লিংগৰ ভোটাৰ ৩৩ গৰাকী ।

ইয়াৰ পৰা দেখা যায় যে সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ৩,৫৩,০৩৫ গৰাকীলৈ বৃদ্ধি হৈছে ৷ সমষ্টি পুনৰ্নিদ্ধাৰণৰ পিচত ডিব্ৰুগড় লোকসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা বৃদ্ধি হৈছে । ঠিক সেইদৰে পুৰুষ, মহিলা‌ আৰু তৃতীয় লিংগৰ ভোটাৰ বহুতখিনি বৃদ্ধি হৈছে ।

ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদৰ ইতিহাস ১৯৫১ চনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত কংগ্ৰেছৰ যোগেন্দ্ৰ নাথ হাজৰিকা সমষ্টিটোৰ প্ৰথমজন সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । সমষ্টিটো বৰ্তমান বিজেপিৰ দখলত আছে । সাংসদ ৰামেশ্বৰ তেলী ।

উল্লেখযোগ্য যে ২০০৪ আৰু ২০১৪ চনৰ বাদে আটাইকেইটা নিৰ্বাচনত সমষ্টিটো কংগ্ৰেছৰ দখলত আছিল । ২০০৪ চনৰ সাধাৰণ নিৰ্বাচনত সমষ্টিটোৰ পৰা সৰ্বানন্দ সোণোৱাল অগপ দলৰ পৰা নিৰ্বাচিত হৈছিল । ২০০৯ চনত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰে পুনৰ সমষ্টিটো দখল কৰে । কিন্তু ২০১৪ চনত সমষ্টিটো বিজেপিৰ দখললৈ যায় । ৰামেশ্বৰ তেলী জয়ী হয় ঘাটোৱাৰক হৰুৱায় । তেলীয়ে ৪,৯৪,৩৬৪টা ভোট পায় ।

দ্বিতীয় স্থানত থকা ঘাটোৱাৰতকৈ তেওঁ ১,৮৫,৩৪৭টা ভোট বেছিকৈ পায় । ২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ৮ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছিল । তেওঁলোক হ’ল ক্ৰমে- বিজেপিৰ ৰামেশ্বৰ তেলী, কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ, নিৰ্দলীয় নুৰুল হুদা, ইমদাদুল ইচলাম শইকীয়া, বহুজন মুক্তি পাৰ্টিৰ ড৹ টাইটাছ ভেংৰা, নিৰ্দলীয় ৰুবুল বুঢ়াগোহাঁই, নিৰ্দলীয় ইজৰাইল নন্দা, নিৰ্দলীয় অপূৰ্ব শইকীয়া, এন পি পিৰ ভবেন বৰুৱা ।

২০১৯ চনৰ দেশৰ সপ্তদশ লোকসভা নিৰ্বাচনত বিজেপিৰ ৰামেশ্বৰ তেলীয়ে পুনৰ বিজয়ী হৈ দ্বিতীয়বাৰৰ বাবে ডিব্ৰুগড় লোকসভাৰ সাংসদ হয় । ‌পাঁচবাৰৰ বাবে সাংসদ হোৱা পৱনসিং ঘাটোৱাৰক ২০১৯ চনত ৩ লাখ ৬৪ হাজাৰ ৫৬৬ টা ভোটত পৰাস্ত কৰিছিল ৰামেশ্বৰ তেলীয়ে । ২০১৪চনত তেলীয়ে ১,৮৫,৩,৪৭টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ।

উল্লেখ্য যে ১৯৫১, ১৯৫৭, ১৯৬২ আৰু ১৯৬৭ চনত চনত জে. এন. হাজৰিকাই কংগ্ৰেছৰ পৰা একেৰাহে সাংসদ‌ হয়‌ । ১৯৭১ চনত ৰবীন্দ্ৰনাথ কাকতি (ভাৰতীয় জাতীয় কংগ্ৰেছ) , ১৯৭৭ চনত হৰেণ ভূমিজ (ভাৰতীয় জাতীয় কংগ্ৰেছ), ১৯৮৪ চনত হৰেণ ভূমিজ (ভাৰতীয় জাতীয় কংগ্ৰেছ), ১৯৯১, ১৯৯৬, ১৯৯৮, ১৯৯৯ চনত একেৰাহে পৱন সিং ঘাটোৱাৰ (ভাৰতীয় জাতীয় কংগ্ৰেছ) , ২০০৪ চনত সৰ্বানন্দ সোণোৱাল (অসম গণ পৰিষদ), ২০০৯ চনত পৱন সিং ঘাটোৱাৰ (ভাৰতীয় জাতীয় কংগ্ৰেছৰ) পৰা সাংসদ হৈছিল ।

উল্লেখ্য যে এই সমষ্টিটো চাহ বাগিচাৰ ভোটাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে । এইবাৰ বিজেপিৰ পৰা সৰ্বানন্দ সোণোৱালক ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিছে । আনহাতে আপে মনোজ ধানোৱাৰক প্ৰাৰ্থিত্ব দিছে ।‌ ইপিনে বুজাবুজিৰ আধাৰত কংগ্ৰেছ দলে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থিত্ব দিয়াৰ আলোচনা চলি আছে । কিন্তু সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই । গতিকে এনে পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ত লোকসভাৰ নিৰ্বাচনী যুঁজ আকৰ্ষণীয় হৈ উঠিব ।

লগতে পঢ়ক: অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.