অসমত কংগ্ৰেছে কাক কাক দিলে প্ৰাৰ্থিত্ব ? ৰাজ্যৰ ১২ খন আসনৰ প্ৰাৰ্থী ঘোষণা
Congress Candidate List Assam: অৱশেষত কংগ্ৰেছ ঘোষণা কৰিলে অসমৰ 12 গৰাকী প্ৰাৰ্থীৰ নাম ৷ 14 খন আসনৰ ডিব্ৰুগড় আৰু লখিমপুৰৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা নাই দলটোৱে ৷

Published : March 12, 2024 at 7:57 PM IST
গুৱাহাটী, ১২ মাৰ্চ : অসমৰ ১২খন আসনৰ প্ৰাৰ্থী ঘোষণা কৰিলে কংগ্ৰেছ দলে । ঘোষণা কৰা হৈছে কংগ্ৰেছৰ সৰ্বভাৰতীয় দ্বিতীয়খন প্ৰাৰ্থী তালিকা ৷ এই দ্বিতীয় তালিকাত দেশৰ মুঠ ৪৩ খন আসনৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয় ৷ কংগ্ৰেছে এই তালিকাত অসমৰ ১৪ খন আসনৰ ১২ খন আসনত নিজা প্ৰাৰ্থী ঘোষণা কৰে৷
অসমৰ ১২খন আসনৰ কংগ্ৰেছ প্ৰাৰ্থীসকল হ’ল:
যোৰহাট: গৌৰৱ গগৈ

নগাঁও: প্ৰদ্যুৎ বৰদলৈ

দৰং-ওদালগুৰি: মাধৱ ৰাজবংশী

গুৱাহাটী: মীৰা বৰঠাকুৰ

কাজিৰঙা: ৰ’জলীনা তিৰ্কি

বৰপেটা: দীপ বায়ন

ধুবুৰী: ৰকিবুল হুছেইন

শিলচৰ: সূৰ্যকান্ত সৰকাৰ

কৰিমগঞ্জ: হাফিজ বছিৰ আহমেদ চৌধুৰী

কোকৰাঝাৰ: গৰ্জন মুছাহাৰী

ডিফু: জয়ৰাম ইংলেং

শোণিতপুৰ: প্ৰেমলাল গঞ্জু

আনহাতে সকলো জল্পনা-কল্পনাৰ ওৰ পেলাই কংগ্ৰছে যোৰহাটত প্ৰাৰ্থিত্ব দিলে গৌৰৱ গগৈক । এতিয়া যোৰহাট লোকসভা নিৰ্বাচনত বিজেপিৰ তপন গগৈ আৰু গৌৰৱ গগৈৰ মাজত হ’ব লোকসভা নিৰ্বাচনৰ যুঁজ । ইফালে বৰপেটাত প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হ’ল আব্দুল খালেক ।
নঁগাৱত পুনৰ প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে কংগ্ৰেছে ৷ আনহাতে লখিমপুৰ আৰু ডিব্ৰুগড় সমষ্টিত কংগ্ৰেছে ঘোষণা কৰা নাই প্ৰাৰ্থিত্ব ৷ লখিমপুৰ সমষ্টিৰ প্ৰাৰ্থীক লৈ এতিয়াও চূড়ান্ত সিদ্ধান্ত ল’ব পৰা নাই কংগ্ৰেছে । আনহাতে ডিব্ৰুগড় আসনখন অসম জাতীয় পৰিষদক এৰি দিয়াৰ কথা সোমবাৰে ঘোষণা কৰে কংগ্ৰেছৰ অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ।
উল্লেখ্য যে এই তালিকা ঘোষিত হোৱাৰ পূৰ্বে বঞ্চিত টিকট প্ৰত্যাশীয়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজৰা পৰিলক্ষিত হয় ৷ টিকট নাপাই মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতিৰ পদ ত্যাগ কৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাই ৷ আনহাতে ডিব্ৰুগড়ৰ আসনখনত চকু দি থকা প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে লুৰীণজ্যোতি গগৈ তথা অজাপক কংগ্ৰেছে ডিব্ৰুগড়ৰ আসনখন এৰি দিয়া কাৰ্য মানি ল’ব পৰা নাই ৷
লগতে পঢ়ক: টিকট নাপাই উপ-সভাপতি পদত্যাগ কৰিলে কংগ্ৰেছ নেতা দ্বীজেন শৰ্মাই

