ETV Bharat / politics

মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক সভাপতিৰ উপস্থিতিত আজি মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে - Sarbananda Sonowal

author img

By ETV Bharat Assamese Team

Published : Mar 26, 2024, 8:36 AM IST

Lok Sabha Election 2024
আজি মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে

Lok Sabha Election 2024: প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মনোনয়ন দাখিল কৰিব । সোণোৱালৰ মনোনয়ন দাখিলৰ সময়ত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ পৰাই দলীয় কৰ্মীসকল আহি পদযাত্ৰাত অংশগ্ৰহণ কৰিব ।

ডিব্ৰুগড় ২৬ মাৰ্চ: আজি মনোনয়ন দাখিল কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ফুলবাগানস্থিত পুৰণি হাইস্কুল খেলপথাৰৰ পৰা পদযাত্ৰা কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন দাখিল কৰিব সৰ্বানন্দ সোণোৱালে । মনোনয়ন দাখিলৰ সময়ত সোণোৱালৰ সৈতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, ডিব্ৰুগড় লোকসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ লগতে অসম গণ পৰিষদ আৰু UPPL দলৰ নেতৃত্ব উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিলৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বিজেপি নেতৃত্বই । বিজেপি প্ৰাৰ্থীগৰাকীৰ মনোনয়ন দাখিলৰ বাবে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ প্ৰতিটো সমষ্টিৰ পৰাই দলীয় কৰ্মীসকল আহি পদযাত্ৰাত অংশগ্ৰহণ কৰিব । উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে প্ৰচাৰ তুংগত কৰি তুলিছে প্ৰতিটো ৰাজনৈতিক দলে । ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত অতি আকৰ্ষণীয় হৈ উঠিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ নিৰ্বাচনী যুঁজ ।

ডিব্ৰুগড় লোকসভা সমষ্টিত বৰ্তমানৰ সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীৰ টিকট কৰ্তন কৰি শাসক দল বিজেপিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । ইয়াৰ সমান্তৰালভাৱে ডিব্ৰুগড় লোকসভা সমষ্টিত বিৰোধী ঐক্য মঞ্চই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক প্ৰাৰ্থীত্ব প্ৰদান কৰিছে । লগতে আপে ডিব্ৰুগড়ত মনোজ ধানোৱাৰক প্ৰাৰ্থীত্ব দি প্ৰচাৰ অব্যাহত ৰাখিছে ।

ডিব্ৰুগড় লোকসভা সমষ্টিত সৰ্বানন্দ সোণোৱাল প্ৰাৰ্থী হোৱাত উৎফুল্লিত ডিব্ৰুগড়ৰ বিজেপি কৰ্মীসকল । ইতিমধ্যে ডিব্ৰুগড় লোকসভা সমষ্টিত থকা ১০টা বিধানসভা সমষ্টিত বিজেপি দলে আৰম্ভ কৰিছে জোৰদাৰ প্ৰচাৰ অভিযান । বিৰোধীক দুৰ্বল বুলি নভৱা সৰ্বানন্দ সোণোৱালে বিধায়ক আৰু দলীয় কৰ্মীসকলক লগত লৈ প্ৰতিটো বিধানসভা সমষ্টিত ব্যাপক প্ৰচাৰ অভিযান চলাইছে ।

লগতে পঢ়ক: মনোনয়ন দাখিলৰ পূৰ্বে কৃষ্ণগুৰু সেৱাশ্ৰমত আশীৰ্বাদ ল’লে সৰ্বানন্দ সোণোৱালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.