ETV Bharat / politics

সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল বিজেপি !

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 7:25 AM IST

Suresh Borah campaign for Loksabha election 2024 in Nagaon
সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল বিজেপি !

Lok Sabha Election 2024: আত্মবিশ্বাসী ন-বিজেপি সুৰেশ বৰা ! সমাগত লোকসভা নিৰ্বাচনত 10 নং নগাঁও লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়াইছে সুৰেশ বৰাই ৷ সংখ্যালঘু ৰাইজৰ মাজত পৰিৱৰ্তন আহিছে বাবেই নিৰ্বাচনত জিকিব বুলি আত্মবিশ্বাসী বৰা ৷

সংখ্যালঘু ভোটাৰৰ ওপৰত নিৰ্ভৰশীল বিজেপি !

নগাঁও, 5 মাৰ্চ: বিজেপি দলত ব্যক্তিগত ৰণকৌশল প্ৰয়োগৰ কোনো প্ৰয়োজন নাই বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিলে নগাঁও লোকসভাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী সুৰেশ বৰাই ৷ সোমবাৰে বিজেপিৰ মনোনীত প্ৰাৰ্থীগৰাকীক মৰিগাঁৱত উষ্ম আদৰণি জনাই দলীয় নেতা-কৰ্মীসকলে । ৰাজ্যৰ আন আন লোকসভা সমষ্টিৰ লেখীয়াকৈ 10 নং নগাঁও লোকসভা সমষ্টিটো শাসকীয় বিজেপি দলে ব্যাপকভাৱে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে ।

সোমবাৰে দলৰ প্ৰাৰ্থী সুৰেশ বৰাক মৰিগাঁও দন্দুৱাৰ পৰা আদৰি আনে জিলা বিজেপিৰ কৰ্মকৰ্তাসকলে । ইয়াৰ পিচতে মৰিগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত দলীয় কৰ্মীৰ পৰা আদৰণি গ্ৰহণ কৰি দলীয় কৰ্মীৰে মত বিনিময় কৰে বৰাই । এই মত বিনিময় অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক ৰমাকান্ত দেউৰী ৷

দেউৰীয়ে কয়, "কেন্দ্ৰীয়‌ নেতৃত্বই মনোনীত কৰা প্ৰাৰ্থী সুৰেশ বৰাক আমি ভোট দি জয়যুক্ত কৰিব লাগিব । ৰাজভোগ লাগে । নাজানো সুৰেশ বৰাৰ কপালত কিমান ৰাজভোগ আছে । এআইইউডিএফৰ ঘাটি লাহৰীঘাট আৰু ধিং । পিছে এইবাৰ ধিং, লাহৰীঘাটত এ আই ইউ ডি এফৰ ঘাটি ভাগি গ’ল । সেয়েহে লাহৰীঘাট, ধিং বিধানসভা সমষ্টিত কংগ্ৰেছ, এআইইউডিএফ দলে 50/60 শতাংশ ভোট লাভ কৰিলে আমাৰ প্ৰাৰ্থী জয় হোৱাতো নিশ্চিত ।"

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে প্ৰথমবাৰলৈ মৰিগাঁৱত উপস্থিত হৈ মন্তব্য কৰি সুৰেশ বৰাই কয়, "আমি এইবাৰ এটা ভোটত হ’লেও জিকিম । মই দীৰ্ঘদিন ধৰি দল-সংগঠন কৰি আহিছো । মই অতি সাধাৰণভাৱে থকা ল'ৰা । পূৰ্বে মই 375 টা ভোটত হাৰিছো । গতিকে সংখ্যাগৰিষ্ঠসকলে সংখ্যালঘুসকলক আহ্বান জনাব লাগিব । কাৰণ এতিয়া সংখ্যালঘুসকলৰ মাজত পৰিৱৰ্তন আহিছে ।"

লগতে পঢ়ক: উন্নয়ন দেখি সংখ্যালঘূসকল এইবাৰ বিজেপিৰ লগত থাকিব: সুৰেশ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.