ETV Bharat / politics

উন্নয়ন দেখি সংখ্যালঘূসকল এইবাৰ বিজেপিৰ লগত থাকিব: সুৰেশ বৰা

author img

By ETV Bharat Assamese Team

Published : Mar 3, 2024, 4:41 PM IST

Nagaon Lok Sabha Constituency: ফেচবুক ফেচবুক সাংসদ নালাগে, কাম কৰা সাংসদ লাগে ৷ প্ৰদ্যুৎ বৰদলৈক এনেদৰেই সমালোচনা কৰিলে বিধায়ক জিতু গোস্বামীয়ে ৷ আনহাতে সংখ্যালঘূসকল এইবাৰ বিজেপিৰ লগত থকা বুলি দাবী কৰিছে নগাঁৱৰ প্ৰাৰ্থী সুৰেশ বৰাই ৷

Nagaon BJP Candidate
BJP Candidate Suresh Bora

জিতু গোস্বামী আৰু সুৰেশ বৰাৰ সংবাদমেল

চামগুৰি, 3 মাৰ্চ: শনিবাৰে বিজেপিয়ে ঘোষণা কৰিলে লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা ৷ অসমত বিজেপিয়ে আগবঢ়াবলগীয়া 11 খন আসনৰ প্ৰাৰ্থীৰ নামো ঘোষণা কৰা হ’ল ৷ সেই অনুসৰি বহুচৰ্চিচ নগাঁও সমষ্টিৰ বাবে টিকট লাভ কৰিলে প্ৰায় চাৰিমাহ পূৰ্বে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰা সুৰেশ বৰাই ৷

শনিবাৰে নাম ঘোষণা হোৱাৰ পিচতে দেওবাৰে নগাঁৱত প্ৰাৰ্থীগৰাকী লগতে যৌথভাৱে সংবাদেমেল সম্বোধন কৰে বিধায়ক জিতু গোস্বামীয়ে ৷ কংগ্ৰেছৰ দখলত থকা নগাঁও লোকসভা সমষ্টিৰ সন্দৰ্ভত বিধায়ক জিতু গোস্বামীয়ে কয় যে নগাঁওবাসী অনুতপ্ত হৈছে । নগাঁৱত যদি যোৱা পাঁচটা বছৰে বিজেপিৰ সাংসদ থাকিলেহেঁতেন, তেন্তে ৰাইজে বহুত উন্নয়ন দেখা পালেহেঁতেন ।

জ্যেষ্ঠ বিজেপি নেতা ৰাজেন গোহাঁইৰ প্ৰসংগ টানি জিতু গোস্বামীয়ে কয় যে ৰাজেন গোহাঁই ৰে’লমন্ত্ৰী থকাৰ সময়ত নগাঁওবাসীয়ে ৰে’লৱে অভাৰব্ৰীজ পাইছিল, ৰে’লৱে ট্ৰেক পাইছিল । ফেচবুক সাংসদ নালাগে, কাম কৰা সাংসদহে লাগে বুলিও বিৰোধী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক সমালোচনা কৰে বিধায়ক জিতু গোস্বামীয়ে ।

আনহাতে নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুৰেশ বৰাই কয় যে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত উন্নয়ন হৈছে, বহু নিবনুৱা যুৱক-যুৱতীয়ে সংস্থাপন লাভ কৰিছে ৷ উন্নয়নৰ যাত্ৰা দেখি জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষ সকলোৱে বিজেপিক সহায় কৰিব বুলি মন্তব্য কৰে প্ৰাৰ্থী সুৰেশ বৰাই ।

ইফালে নগাঁও সমষ্টিৰ অন্তৰ্গত সংখ্যালঘূ অধ্যুষিত অঞ্চলসমূহত শেহতীয়াকৈ যথেষ্ট পৰিৱৰ্তন হোৱা বুলি মন্তব্য কৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই ৷ তেওঁ কয় যে সংখ্যালঘু লোকসলৰ আগতকৈ যথেষ্ট সজাগ হৈছে ৷ সংখ্যালঘূসকলে এতিয়া কেৱল উন্নয়ন বিচাৰে বুলি মন্তব্য কৰি সুৰেশ বৰাই কয় যে প্ৰধানমন্ত্ৰী মোদীৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কামসমূহ সংখ্যালঘূ লোকসকলে দেখিছে ৷ সেয়েহে তেওঁলোক এইবাৰ বিজেপিৰ লগত থাকিব বুলি মন্তব্য কৰে নগাঁৱৰ বিজেপি প্ৰাৰ্থীগৰাকীয়ে ৷

লগতে পঢ়ক: কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাত পলম হোৱাৰ কথা স্বীকাৰ দেৱব্ৰত শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.