ETV Bharat / politics

CIDৰ সন্মুখত হাজিৰ হ’বলৈ অপাৰগ দেৱব্ৰত শইকীয়া-ভূপেন বৰা

author img

By ETV Bharat Assamese Team

Published : Mar 1, 2024, 8:38 PM IST

Debabrat Saikia CID Summon
Bhupen Borah CID Summon

Bharat Jodo Nyay Yatra: চিআইডিৰ চমন স্বত্বেও শুকুৰবাৰে হাজিৰ নহ’ল দেৱব্ৰত শইকীয়া ৷ ভূপেন বৰাও হাজিৰ নহয় শনিবাৰে ৷ এই কথা চিআইডিকো নিজেই জনালে কংগ্ৰেছ নেতা দুগৰাকীয়ে ৷

নিউজ ডেস্ক, 1 মাৰ্চ: চিআইডিয়ে চমন জাৰি কৰাৰ পিচতো তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত শুকুৰবাৰে উপস্থিত নহ’ল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ৷ কেৱল বিৰোধী দলপতিগৰাকীয়েই নহয়, শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাও উপস্থিত নহয় চিআইডিৰ কাৰ্যালয়ত ৷

  • " class="align-text-top noRightClick twitterSection" data="">

উল্লেখ্য যে ৰাহুল গান্ধীৰ নেতৃত্বত অসম চলা ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাজ্যখনৰ কেবাটাও স্থানত সংঘটিত হৈছিল অপ্ৰীতিকৰ পৰিস্থিতি ৷ প্ৰশাসনে বান্ধি দিয়া নিয়ম অমান্য কৰাৰ অপৰাধত অভিযুক্ত হৈছিল যাত্ৰীসকল ৷ ব্যতিক্ৰম নহয় খোদ ৰাহুল গান্ধীও ৷ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যাত্ৰীসকল আৰক্ষী-প্ৰশাসনৰ লগত তৰ্কযুদ্ধত লিপ্ত হোৱাও পৰিলক্ষিত হৈছিল ৷ ইয়াৰ পিচতে গোচৰ ৰুজু হৈছিল ৰাহুল গান্ধী, ভূপেন বৰা, দুদিন পূৰ্বে গেৰুৱা হোৱা ৰাণা গোস্বামীসহ কেবাজনো কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ৷

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত প্ৰশাসনে বান্ধি দিয়া নিয়ম অমান্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল ন্যায় যাত্ৰীৰ বিৰুদ্ধে ৷ আৰক্ষীৰ বেৰিকেড ভেদি পাৰ হোৱাৰ অভিযোগতো অভিযুক্ত কৰা হৈছিল কংগ্ৰেছ নেতাক ৷

সেই অনুসৰি 1 মাৰ্চত দিনৰ 11:30 ৰ পূৰ্বে উলুবাৰীস্থিত চিআইডি কাৰ্যালত উপস্থিত হোৱাৰ নিৰ্দেশ দিয়া হৈছিল বিৰোধী দলপতি তথা কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়াক ৷ আনহাতে 2 মাৰ্চ অৰ্থাৎ শনিবাৰে 11:30 বজাৰ পূৰ্বে হাজিৰ হোৱাৰ নিৰ্দেশ দিয়া হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাক ৷

কিন্তু শুকুৰবাৰে চিআইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল দেৱব্ৰত শইকীয়া ৷ উপস্থিত হ’ব নোৱৰাৰ লিখিত কাৰণো দৰ্শাইছে কংগ্ৰেছ নেতাগৰাকীয়ে ৷ দেৱব্ৰত শইকীয়াই চিআইডিক জনোৱা অনুসৰি শুকুৰবাৰে তেওঁ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল পৰিদৰ্শনৰ এক কাৰ্যসূচী হাতত ল’বলগীয়া হয় ৷ সেয়েহে তেওঁ চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে আৰু পৰৱৰ্তী এটা দিন ধাৰ্য কৰি দিবলৈ চিআইডিক অনুৰোধ জনায় ৷

আনহাতে শনিবাৰে ভূপেন বৰা হাজিৰ নোৱাৰে চিআইডিৰ কাৰ্যালয়ত ৷ কিয়নো সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী শুকুৰবাৰে উৰা মাৰে দিল্লীলৈ ৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ নিৰ্দেশমৰ্মে দিল্লীলৈ যাবলগীয়া হোৱা বুলি ইতিমধ্যে ভূপেন বৰাই চিআইডিক জনাইছে ৷ চিআইডিৰ চমনৰ পিচতো ভিন্ন কাৰণত দুগৰাকী জ্যেষ্ঠ কংগ্ৰেছী চিআইডিৰ কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিলে ৷

লগতে পঢ়ক: এয়া আক্ৰোশমূলক : চি আই ডিৰ তলব সন্দৰ্ভত দেবব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.