ETV Bharat / politics

সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হ’বনে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ চৰকাৰে ! - বিহাৰ বিধানসভা

NDA government in Bihar : বিহাৰ বিধানসভাত সোমবাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সমৰ্থনত গ্ৰহণ কৰা হ’ব আস্থা ভোট ৷ উদ্বিগ্নতা-উৎকণ্ঠাই বিৰাজ কৰা পৰিলক্ষিত হৈছে বিজেপি নেতৃত্বাধীন এন ডি এৰ মাজত ৷ ভোটগ্ৰহণৰ পূৰ্বে শাসকীয় জনতা দলে বিধায়কসকলক পাটনাৰ চাণক্য হোটেলত আৱদ্ধ কৰি ৰাখিছে ।

মুখ্যমন্ত্ৰী নীতিশ কুমাৰ
মুখ্যমন্ত্ৰী নীতিশ কুমাৰ
author img

By ANI

Published : February 12, 2024 at 7:36 AM IST

Updated : February 12, 2024 at 11:30 AM IST

3 Min Read

নেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী: সোমবাৰে বিহাৰ বিধানসভাত অনুষ্ঠিত হ’ব আস্থা ভোটগ্ৰহণ ৷ এই ভোটগ্ৰহণৰ পূৰ্বে এক উদ্বিগ্নতা-উৎকণ্ঠাই বিৰাজ কৰা পৰিলক্ষিত হৈছে বিজেপি নেতৃত্বাধীন এন ডি এৰ মাজত ৷ ভোটগ্ৰহণৰ পূৰ্বে শাসকীয় জনতা দলে বিধায়কসকলক হোটেলত আৱদ্ধ কৰি ৰাখিছে ।

সংবাদ মাধ্যমত প্ৰকাশিত এটা ভিডিঅ’ দৃশ্যাংশত জেডি(ইউ)ৰ বিধায়কসকলে পাটনাৰ চাণক্য হোটেললৈ ৰাওনা হোৱা দেখা গৈছে । নৱমবাৰৰ বাবে শপত গ্ৰহণ কৰা মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সোমবাৰে মুখামুখি হ’ব ফ্ল’ৰ টেষ্টৰ আৰু শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সহযোগত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিবলৈ আশাবাদী কুমাৰৰ লগতে মিত্ৰজোট ।

উল্লেখ কৰা প্ৰয়োজন যে, চলিত মাহৰ আৰম্ভণিতে কুমাৰে বিৰোধী ব্লক INDIA ৰ আহ্বায়ক হিচাপে নিযুক্তি নোপোৱাৰ বাবে ত্যাগ কৰিছিল বিৰোধী মিত্ৰজোঁট ৷ ইয়াৰ পিচতে বিজেপি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ সহযোগত নতুন চৰকাৰ গঠনৰ দিশে আগবাঢ়িছিল কুমাৰ ।

নিজৰ ভৱিষ্যত আৰু বিহাৰৰ মহাজোঁটবন্ধনৰ ভৱিষ্যতক লৈ চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলায় নীতিশ কুমাৰে 28 জানুৱাৰীত মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে ৷ 18 মাহতকৈ কম সময়ৰ ভিতৰত কুমাৰে গ্ৰহণ কৰা এইটো দ্বিতীয়টো আছিল বৃহৎ সিদ্ধান্ত ।

আৰজেডি আৰু কংগ্ৰেছৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি জেডিইউৰ শীৰ্ষগৰাকীয়ে বিজেপি আৰু এনডিএৰ অংশীদাৰসকলৰ সমৰ্থনত চৰকাৰ গঠন কৰে । INDIA ৰ স্থিতি ‘সঠিক নহয়’ বুলি উল্লেখ কৰি নীতিশে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ দলীয় কৰ্মীকে ধৰি সমৰ্থক আৰু শুভাকাংক্ষীসকলে এই সন্দৰ্ভত বহু পৰামৰ্শ আগবঢ়ায় আহিছিল আৰু এই সকলো পৰামৰ্শৰ অধাৰত কুমাৰে পৰৱৰ্তী ৰাজনৈতিক গতিপথ নিৰ্ধাৰণ কৰিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

সোমবাৰে হ‘বলগীয়া ফ্ল’ৰ টেষ্টক লৈ সৃষ্টি হোৱা উৎকণ্ঠাৰ মাজতে দেওবাৰে সন্ধিয়া পাটনাত আহ্বান কৰা হৈছিল গুৰুত্বপূৰ্ণ বৈঠক ৷ অৱশ্যে এই বৈঠকত জেডিইউৰ তিনিজন বিধায়ক উপস্থিত নহ’ল বুলি জানিব পৰা গৈছে । 243 জনীয়া সদনত জেডি(ইউ)ৰ 45 জন বিধায়ক থকাৰ বিপৰীতে ইয়াৰ অংশীদাৰ বিজেপি আৰু হিন্দুস্তানী আৱাম মৰ্চা-চেকুলাৰ (হাম-এছ)ত ক্ৰমে 79 জন আৰু 4 জন চিটিং বিধায়ক আছে । আন এজন নিৰ্দলীয় বিধায়কৰ সমৰ্থনত এন ডি এৰ সদনত 128 জন বিধায়কৰ বিপৰীতে মহাজোঁটবন্ধনৰ 115 জন বিধায়ক আছে ৷

সদনত সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰিবলৈ শাসকীয় মিত্ৰজোঁটক প্ৰয়োজন 122 টা ভোটৰ । উল্লেখ্য যে, 12 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰৰ দিনটোৰ আস্থা বোটৰ ফলাফলে নীতিশ কুমাৰৰ পৰৱৰ্তী ৰাজনৈতিক পৰিক্ৰমাৰ বাবেও বিশেষ তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হ’ব ৷

লগতে পঢ়ক: অলপ চাপ পালেই ইউ টাৰ্ণ লয় নীতিশ কুমাৰে: ৰাহুল গান্ধী

Last Updated : February 12, 2024 at 11:30 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.