ETV Bharat / bharat

অলপ চাপ পালেই ইউ টাৰ্ণ লয় নীতিশ কুমাৰে: ৰাহুল গান্ধী

author img

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 8:29 PM IST

Rahul Gandhi On Nitish Kumar: বিহাৰৰ ভূমিত থিয় দি বিহাৰৰ মুখ্যমন্ত্ৰী তথা দুদিন আগলৈকে সতীৰ্থ হৈ থকা নীতিশ কুমাৰক সমালোচনা ৰাহুল গান্ধীৰ ৷ বিজেপিৰ জালত নীতিশ বান্ধ খোৱা বুলি মন্তব্য ৰাহুলৰ ৷

Rahul Gandhi On Nitish Kumar
Nitish Kumar

নিউজ ডেস্ক, 30 জানুৱাৰী: অৱশেষত নীতিশ কুমাৰৰ ৰাজনৈতিক শিবিৰ সলনি সন্দৰ্ভত মুখ খুলিলে ৰাহুল গান্ধীয়ে ৷ ইণ্ডি মিত্ৰজোঁটৰ অন্যতম অংশীদাৰ তথা বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে যোৱা সপ্তাহত শিবিৰ সলনি কৰে ৷ নীতিশ এতিয়া এন ডি এৰ মিত্ৰ ৷ দেওবাৰে পুৱা মহাজোঁটৰ সৈতে থকা মিত্ৰতা ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা ইস্তাফা দিয়ে নীতিশে ৷ একেদিনাই বিয়লিলৈ বিজেপিৰ সৈতে মিত্ৰতাৰে নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয় নেতাগৰাকীয়ে ৷ নীতিশৰ এই পাল্টি ইণ্ডি মিত্ৰজোঁটৰ বাবে এক মোক্ষম আঘাত ৷

মঙলবাৰে বিহাৰৰ পূৰ্ণিয়াত উপস্থিত হয় ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা ৷ তাতেই এখন জনসভাক সম্বোধন কৰে ৰাহুল গান্ধীয়ে ৷ ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয়, ‘‘ক্ষন্তেক আগতে যেতিয়া অখিলেখজীয়ে ভাষণ দি আছিল, তেতিয়া বাঘেলজীয়ে মোক এটা কৌতুক শুনাইছিল ৷ এই কৌতুকটো বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে খাপ খায় ৷’’ ৰাহুলে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সামান্য চাপ পালেই ইউ টাৰ্ণ লৈ লয় ৷

পূৰ্ণিয়াৰ ৰংভূমি খেলপথাৰত এখন জনসভাত ভাষণ দি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে এই কৌতুক কয় । তেওঁ কয়, ‘‘ৰাজভৱনত বৰ আড়ম্বৰ আৰু শ্ব' আছিল । সকলো নেতা বহি আছিল । নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰোতে বহুত হাত চাপৰি বাজিছিল ৷ তাৰ পিছত নীতিশজী গুচি যায় । হঠাৎ গম পায় যে ৰাজভৱনত যেন চাদৰখন ৰৈ গ’ল । ঘূৰি অহাত ৰাজ্যপালে সুধিলে তেওঁ ইমান সোনকালে উভতি আহিল । গতিকে বিহাৰৰ এই অৱস্থা । অলপ চাপ দিলেই ইউ টাৰ্ণ এটা লয় ।’’

‘‘কিয় হেঁচা আছিল ? কাৰণ বিহাৰত আমাৰ মিত্ৰতাই এটা কথা জনসাধাৰণৰ সন্মুখত ৰাখিছে । এই যাত্ৰাত আমি পাঁচটা ন্যায়ৰ কথা কৈছো । সেয়া কাইলৈ আপোনালোকে ​​সামাজিকভাৱে শ্বেয়াৰ কৰিব পাৰিব, আমি ইয়াৰ ওপৰত কাম কৰি আছো । মই কৈছো যে এই দেশত বিভিন্ন শ্ৰেণীৰ মানুহ আছে ৷ পিছপৰা, দলিত, জনজাতীয়, সংখ্যালঘু প্ৰতিখন সমাজৰ মানুহ আছে । প্ৰতিখন সমাজতে দুৰ্বল মানুহ আছে, অ'বিচি দেশৰ সৰ্ববৃহৎ সম্প্ৰদায় ৷ কিন্তু অ'বিচিৰ জনসংখ্যা কিমান বুলি সুধিলে কোনেও নাজানে ।'' কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় ।

বিজেপিৰ চক্ৰবেহুত বন্দী নীতিশ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘‘নীতিশজী কেনেকৈ জালত বন্দী হ’ল সেই বিষয়ে বুজা উচিত ৷ মই নীতিশজীক স্পষ্টকৈ কৈছিলো, চাওক আপুনি বিহাৰত জাতীয় পিয়ল কৰিব লাগিব ৷ আমি আপোনাক ৰেহাই নিদিওঁ ৷ আমি আৰজেডিৰ সৈতে মিলি চাপ সৃষ্টি কৰি হ’লে নীতিশজীৰ পৰা এয়া আদায় কৰিম ৷ কিন্তু দ্বিতীয় পক্ষৰ পৰা চাপ আহিল ৷ এইক্ষেত্ৰত বিজেপিয়ে দেশৰ এক্স-ৰে’ হোৱাটো নিবিচাৰে ৷

‘‘যদি দেশত জাতিগত লোকপিয়ল আৰম্ভ হয়, তেন্তে সকলো আইনাৰ দৰে স্পষ্ট হৈ পৰিব ৷ কিন্তু বিজেপিয়ে দেশত জাতিগত লোকপিয়ল হোৱাটো নিবিচাৰে ৷ ইয়াত নীতিশজী মাজত সাঙোৰ খালে আৰু বিজেপিয়ে তেওঁক ৰাস্তা দেখুৱাই দিলে ৷ দেশত সামাজিক ন্য়ায় প্ৰদানৰ দায়িত্ব আমাৰ জোঁটবন্ধনৰ, ইয়াত নীতিশজীৰ কোনো প্ৰয়োজনীয়তা নাই ৷’’ ৰাহুলে শেষত কয় ৷

লগতে পঢ়ক: তেজস্বী যাদৱক জেৰা ইডিৰ; ইডি কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.