ETV Bharat / bharat

তেজস্বী যাদৱক জেৰা ইডিৰ; ইডি কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ প্ৰতিবাদ

Bihar Land for Job case : মঙলবাৰে ইডিয়ে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱক ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰৰ সন্দৰ্ভত সোধা পোছা কৰে । ইয়াৰ সমান্তৰাভাবে পাটনাৰ ইডিৰ কাৰ্যালয়ৰ বাহিৰত RJD ৰ সমৰ্থকসকলে ভিৰ কৰেহি ৷

Bihar Land for Job case
ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিৰ সোধা পোছা তেজস্বী যাদৱক
author img

By ETV Bharat Assamese Team

Published : January 30, 2024 at 1:59 PM IST

|

Updated : January 30, 2024 at 4:57 PM IST

2 Min Read
Choose ETV Bharat

নেশ্যনেল ডেস্ক, 30 জানুৱাৰী : ইডিৰ কাৰ্যালয়ত ইজনৰ পিচত সিজনকৈ RJD ৰ নেতা ৷ ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে লালু যাদৱৰ পিচতে মঙলবাৰে তেজস্বী যাদৱক সোধা পোছা কৰি আছে ৷ ইয়াৰ পিচতে ৰাবড়ী সিঙৰ বাসগৃহৰ পৰা ইডি কাৰ্যালয়লৈকে আৰজেডি নেতা আৰু কৰ্মীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ সমান্তাৰলকে আৰজেডিৰ মুখপাত্ৰ মনোজ ঝাই অভিযোগ কৰিছিল যে লালুৰ পৰিয়ালক হাৰাশাস্তি কৰা হৈছে ।

মুখপাত্ৰ মনোজ ঝা লগতে কয়, "ইডি বুলি আপোনালোকে এনেয়ে কয়,আপোনালোকে বিজেপি, নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, আদি সঠিক শব্দবোৰ ব্যৱহাৰ কৰা উচিত ৷ আপোনলোকে এনেবোৰ শব্দবোৰ প্ৰয়োগ কৰিলে মইও ইয়াক উপভোগ কৰিম আৰু তেওঁলোকেও ভাল পাব । যেতিয়া ক্ষমতাৰ চকা ঘূৰিব, সকলোৱে ইয়াৰ কবলত পৰিব।"

আৰজেডিৰ মুখপাত্ৰ মৃত্যুঞ্জয় তিৱাৰীয়ে অভিযোগ কৰি কয় যে বিৰোধী দলৰ নেতাসকলক ইচ্ছাকৃতভাৱে হাৰাশাস্তি কৰা হৈছে। সোমবাৰে গুৰুতৰভাৱে অসুস্থ হোৱা স্বত্বেও লালু প্ৰসাদ যাদৱক হাৰাশাস্তি কৰা হৈছিল । তেওঁক ১০ ঘণ্টা ধৰি সোধা পোছা কৰা হৈছিল আৰু আজি তেজস্বী যাদৱক মাতি অনা হৈছে। জনসাধৰণে সকলোবোৰ চাই আছে আৰু বিজেপিৰ মানুহে কেনে ধৰণৰ কাম কৰি আছে । সময় আহিলে ৰাইজে ইয়াৰ উত্তৰ দিব।

ইডিয়ে চমন প্ৰেৰণ কৰিছিল: RJD ৰ নেতা লালু প্ৰসাদ যাদৱ আৰু তেজস্বী যাদৱৰ বিৰুদ্ধে ইডিয়ে পূৰ্বে চমন জাৰী কৰিছে । ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে নেতা দুগৰাকীক কাৰ্যালয়লৈ সোধা পোছাৰ বাবে মাতি পঠিওৱা হৈছিল ৷

হঠাতে, ৰাজধানী পাটনাত ইডিয়ে লালু প্ৰসাদ যাদৱৰ লগতে তেজস্বী যাদৱক সোধা পোছাৰ সন্দৰ্ভত হুলস্থূলীয়া পৰেৱশৰ উদ্ভৱ হয় । ৰাবড়ী দেৱীৰ বাসগৃহ আৰু ইডি কাৰ্যালয়ৰ বাহিৰত বহু সংখ্যক সমৰ্থক সমবেত হয় ৷ লগে লগে কোনো অঘটন ঘটিব নোৱোৰাকৈ চিআৰপিএফৰ বেটেলিয়ন নিৰাপত্তাৰ বাবে মোতায়েন কৰা হয় ।

লগতে পঢ়ক: লালু আৰু তেজস্বীক পুনৰ ইডিৰ চমন

Last Updated : January 30, 2024 at 4:57 PM IST