ETV Bharat / bharat

লালু আৰু তেজস্বীক পুনৰ ইডিৰ চমন

author img

By ETV Bharat Assamese Team

Published : Jan 29, 2024, 12:19 PM IST

Bihar Land for Job case: প্ৰতিদিনে বিহাৰৰ ৰাজনৈতিক প্ৰেক্ষাপট সলনি হৈছে । নতুন চৰকাৰ গঠনৰ লগে লগে পূৰ্বৰ চৰকাৰৰ অংশ আৰজেডিৰ সন্মুখত প্ৰত্যাহ্বান । আৰজেডিৰ শীৰ্ষ নেতা লালু প্ৰসাদ যাদৱ আৰু পুত্ৰ তেজস্বীক ইডিৰ চমন । তেজস্বীয়ে এইবাৰো ইডিৰ সন্মুখীন নোহোৱাৰ সম্ভাৱনা ।

Land For Jobs Case
লালু আৰু তেজস্বীক পুনৰ ইডিৰ চমন

নেশ্যনেল ডেস্ক,২৯ জানুৱাৰী : লালু প্ৰসাদ যাদৱৰ আৰজেডিৰ সংগ এৰি ইতিমধ্যে নীতিশ কুমাৰে বিজেপিৰ সৈতে বিহাৰত নতুন চৰকাৰ গঠন কৰিছে । নীতিশ কুমাৰ নেতৃত্বাধীন জেডি (ইউ)-বিজেপিয়ে নতুন চৰকাৰ গঠন কৰাৰ লগে লগে আৰজেডিৰ বাবে বৃহৎ প্ৰত্যাহ্বানৰ আশংকা কৰা হৈছে । নীতিশ কুমাৰে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিচতে বিদায়ী উপ মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱ আৰু আৰজেডিৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱৰ ওপৰতো সমস্যা আহিছে । দুয়োগৰাকীৰ বিৰুদ্ধে ইডিয়ে পুনৰ চমন জাৰী কৰিছে । ৰে'লৱেত ভূমিৰ বিনিময়ত নিযুক্তিৰ গোচৰত ইডিয়ে নেতা দুগৰাকীক কাৰ্যালয়লৈ সোধা-পোছাৰ বাবে মাতি পঠিয়াইছে ।

জানিব পৰা মতে তেজস্বী পূৰ্বনিৰ্ধাৰিত তাৰিখত ইডিৰ সন্মুখত হাজিৰ হ'ব নোৱাৰিব । ইডিয়ে ১৯ জানুৱাৰীত গোচৰটোত আৰজেডিৰ পৃষ্ঠপোষক লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পুত্ৰ তেজস্বীক চমন জাৰি কৰিছিল । লালুক ২৯ জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ'বলৈ কোৱা হৈছিল । তেজস্বীক ৩০ জানুৱাৰীত ইডি কাৰ্যালয়লৈ মাতি পঠিওৱা হৈছে । ইডিয়ে পাটনাৰ বাসগৃহত পিতৃ-পুত্ৰক জাননী প্ৰদান কৰিছে ।

প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱ ইডিৰ কাৰ্যালয়ত হাজিৰ হ'ব নে নাই তাক লৈ এতিয়াও সন্দেহ আছে । খবৰ মতে এইবাৰো তেওঁ ইডিৰ সন্মুখত হাজিৰ নহ'ব ৷ ইয়াৰ পূৰ্বে ২২ ডিচেম্বৰ আৰু ৫ জানুৱাৰীত ইডিয়ে তেজস্বী যাদৱক চমন জাৰি কৰিছিল ৷

কিন্তু বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰীয়ে দুয়োবাৰে তদন্তকাৰী সংস্থাটোৰ কাৰ্যালয়ত হাজিৰ হোৱা নাছিল । প্ৰথম চমনৰ পিচত, তেজস্বীয়ে কৈছিল যে বিৰোধী নেতাসকলক চমন জাৰি কৰাৰ বাবে এইটো কেন্দ্ৰীয় তদন্ত সংস্থাৰ নিয়মীয়া কাৰ্যসূচী হৈ পৰিছে । ইডিয়ে তৃতীয় বাৰ চমন জাৰি কৰাৰ লগে লগে সূত্ৰৰ পৰা জানিব পৰা মতে তেজস্বীয়ে তেওঁৰ ব্যস্ত সময়সূচীৰ বাবে সময় বিচাৰিব পাৰে ।

ভূমিৰ বিনিময়ত ৰে'লৱেত নিযুক্তি কেলেংকাৰীৰ গোচৰটো ১৪ বছৰ পুৰণি ঘটনা । যেতিয়া লালু প্ৰসাদ যাদৱ কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী আছিল । চিবিআইৰ অভিযোগনামা অনুসৰি, ৰে'ল মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত নিযুক্তিৰ বিনিময়ত ভূমি লোৱা হৈছিল । এই ক্ষেত্ৰত, চিবিআইয়ে লালুৰ পৰিয়াল আৰু তেওঁৰ ঘনিষ্ঠ সহযোগীসকলৰ ওপৰতো অভিযান চলাইছিল । লালুৰ ঘনিষ্ঠ বুলি জনাজাত ভোলা যাদৱকো গোচৰটোত গ্ৰেপ্তাৰ কৰা হৈছিল ।

লগতে পঢ়ক :2024তে ধ্বংস হ’ব নীতিশ কুমাৰৰ জেডিইউ: তেজস্বী যাদৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.