ETV Bharat / bharat

2024তে ধ্বংস হ’ব নীতিশ কুমাৰৰ জেডিইউ: তেজস্বী যাদৱ

author img

By ETV Bharat Assamese Team

Published : Jan 28, 2024, 7:47 PM IST

Bihar Political Crisis: নীতিশ কুমাৰে মহাজোঁটবন্ধনৰ চৰকাৰক বিদায় জনোৱাৰ পিছত তেজস্বী যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । আৰজেডি নেতা তেজস্বী যাদৱে দাবী কৰিছে যে জেডিইউ দলটো ২০২৪ চনতেই ধ্বংস হৈ যাব ।

Tejashwi Yadav
Bihar Political Crisis

পাটনা, 28 জানুৱাৰী: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগ সন্দৰ্ভত আৰজেডি নেতা তেজস্বী যাদৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ তেওঁ কয়, ‘‘এটা কথা মই স্পষ্টকৈ কওঁ যে খেলখন এতিয়া আৰম্ভহে হৈছে ৷ খেলখন এতিয়াও বহুত বাকী আছে । মই যি কওঁ সেয়া কৰিও দেখুৱাও । আপুনি লিখি ৰাখক যে জে ডি ইউ দলটো ২০২৪ চনতেই শেষ হৈ যাব ।’’

আৰজেডি নেতা তেজস্বী যাদৱে লগতে কয়, ‘‘আমি কৰা কামৰ কৃতিত্ব আমি কিয় নল’ম ? যি মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাকৰি দিয়াটো অসম্ভৱ, আমি চাকৰি দিছিলো আৰু দেখুৱাই দিছিলো যে চাকৰি দিয়াটো সম্ভৱ ৷ আমি পৰ্যটন, তথ্য প্ৰযুক্তি আৰু ক্ৰীড়াক্ষেত্ৰতো নতুন নীতি আনিলো ৷ ১৭ মাহত আমি কৰা কাম ১৭ বছৰত বিজেপি-জেডি(ইউ)য়ে কৰিব নোৱৰিলে । আমি ১৭ মাহত ঐতিহাসিক কাম কৰিছিলো ৷’’

বিজেপিক অভিনন্দন: তেজস্বী যাদৱে কয়, ‘‘যেতিয়া নীতিশ কুমাৰ আমাৰ সৈতে আছিল, তেতিয়া তেওঁ কৈছিল যে ইমান কাম কৰা হৈছে । আপুনি কেতিয়াবা নীতিশ কুমাৰক আগতে নিযুক্তি পত্ৰ বিতৰণ কৰা দেখিছে নেকি ? আমিয়েই তেওঁৰ দ্বাৰা নিযুক্তি পত্ৰ বিতৰণ কৰাইছিলো আৰু পিছত কেন্দ্ৰীয় চৰকাৰেও আমাক অনুসৰণ কৰিছিল ৷ নীতিশ কুমাৰক তেওঁলোকৰ লগত লৈ যোৱাৰ বাবে আমি বিজেপিক অভিনন্দন জনাইছোঁ ।’’

প্ৰতিবাদত বহিব তেজস্বী যাদৱ : জানিব পৰা মতে নীতিশ কুমাৰে মিত্ৰতা ভংগ কৰাৰ চেষ্টা বহুদিনৰে পৰা চেষ্টা কৰি আছিল ৷ শেষত দেওবাৰে তেওঁ পদত্যাগ কৰে । যি ঘটনাই আৰজেডিত যথেষ্ট কঁপনি তোলে ৷ কালিলৈকে তেজস্বী যাদৱে কৈ আছিল যে সকলো মহাজোঁবন্ধনত আছে, কিন্তু হঠাতে নীতিশ কুমাৰে তেওঁৰ স্থিতি সলনি কৰিলে । তেজস্বী যাদৱৰ বক্তব্যৰ পৰা এনে লাগিছে যে নীতিশ কুমাৰে সংগ ত্যাগ কৰাৰ বাবে তেওঁ অতি দুখিত ।

নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ : মিত্ৰতা ভংগ কৰি এন ডি এত যোগদান কৰিলে নীতিশ কুমাৰে । দেওবাৰে সন্ধিয়া পুনৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰে শপত ল'লে । এইবাৰ, দুজন উপ-মুখ্যমন্ত্ৰী নিযুক্তি দিয়া হয় ৷ তেওঁলোক হ’ল সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা ।

লগতে পঢ়ক: কোন কোন থাকিব নীতিশ কুমাৰৰ নতুন মন্ত্ৰীসভাত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.