লোকসভাৰ বাবে মনোনয়ন দাখিল অমৃতপাল সিঙৰ : কিমান সম্পত্তি আছে খাদুৰ চাহিবৰ প্ৰাৰ্থীগৰাকীৰ ? - Lok Sabha Election 2024
Amritpal Files Nomination : ডিব্ৰুগড় কাৰাগাৰত বন্দী খালিস্তানী সমৰ্থক অমৃতপাল সিঙে খাদুৰ চাহিবৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। নিৰ্বাচনী শপতনামা অনুসৰি অমৃতপালৰ সম্পত্তি, বেংক বেলেন্স কিমান ? সম্পূৰ্ণ খবৰ পঢ়ক...

Published : May 11, 2024 at 6:36 PM IST
নেশ্যনেল ডেস্ক, 11 মে’ : শুকুৰবাৰে পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ে ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপল সিঙে দাখিল কৰা আবেদন নাকচ কৰে ৷ ইয়াত তেওঁ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন দাখিল কৰাৰ বাবে সাত দিনৰ অস্থায়ী মুক্তিৰ আবেদন জনাইছিল ৷ জিলা ৰিটাৰ্নিং বিষয়াৰ কাৰ্যালয়ত অমৃতপালৰ হৈ মনোনয়ন দাখিল কৰে পৰিয়ালৰ লোকে ৷ পঞ্জাৱৰ খাদুৰ চাহিব লোকসভা সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে তেওঁ ৷
বৰ্তমান ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (এন এছ এ)ৰ অধীনত অসমৰ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে খালিস্তানী সমৰ্থক অমৃতপাল সিং ৷ অমৃতপালৰ নিৰ্বাচনী শপতনামা অনুসৰি, অমৃতসৰৰ এছ বি আই শাখা, ৰায়িয়া, বাবা বাকলাত অমৃতপালৰ বেংক বেলেন্স 1,000 টকা ৷ ইয়াৰ উপৰিও, শপতনামা অনুসৰি তেওঁৰ কোনো স্থাৱৰ বা অস্থাৱৰ সম্পত্তি নাই ৷
খাদুৰ চাহিব লোকসভা সমষ্টিত কংগ্ৰেছৰ কুলবীৰ সিং জিৰা, আম আদমী পাৰ্টিৰ লালজিৎ সিং ভূল্লাৰ, ভাৰতীয় জনতা পাৰ্টিৰ মঞ্জিত সিং মান্না, নিৰ্দলীয় প্ৰাৰ্থী অমৃতপাল সিং আৰু শিৰোমণি আকালি দলৰ প্ৰাৰ্থী বীৰছা সিং ভালটোহাৰ মাজত হ’ব প্ৰতিদ্বন্দ্বিতা ৷ 1 জুন অৰ্থাৎ অন্তিম পৰ্যায়ত পঞ্জাৱৰ 13 খন লোকসভা আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব ৷
উল্লেখ্য যে, 2023 চনৰ এপ্ৰিল মাহত এন এছ এ এক্ট, 1980ৰ অধীনত অমৃতপাল সিঙক গ্ৰেপ্তাৰ কৰি আটক কৰি ৰখা হৈছিল আৰু পিচত মাৰ্চ মাহত অমৃতসৰ জিলা দণ্ডাধীশে অমৃতপাল সিঙৰ বিৰুদ্ধে দ্বিতীয়টো ডিটেনচন আদেশ জাৰি কৰিছিল ৷ যোৱা বছৰৰ ১৮ মাৰ্চত জলন্ধৰ জিলাত বাহন আৰু চেহেৰা সলনি কৰি আৰক্ষীৰ হাতৰ পৰা পলায়ন কৰিছিল অমৃতপাল সিঙে ৷
লগতে পঢ়ক : যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা দেৱৰাজে গৌড়া - BJP Leader Devaraje Gowda

