ETV Bharat / bharat

যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা দেৱৰাজে গৌড়া - BJP leader Devaraje Gowda

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 2:27 PM IST

BJP leader Devaraje Gowda arrested: যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ বিজেপি নেতা দেৱৰাজে গৌড়া ৷ এগৰাকী মহিলাৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বিজেপি নেতাজনক ৷

BJP leader Devaraje Gowda arrested for molestation, sexual harassment
বিজেপি নেতা দেৱৰাজে গৌড়া (etv bharat karnataka)

নেশ্যনেল ডেস্ক, 11 মে’ : যৌন নিৰ্যাতন গোচৰৰ সৈতে জড়িত থকাৰ অভিযাগত বিজেপি নেতা তথা অধিবক্তা দেৱৰাজে গৌড়াক চিত্ৰদুৰ্গৰ হিৰিউৰৰ কে আৰ হাল্লী গেটৰ সমীপত আৰক্ষীয়ে আটক কৰিছে ।

উল্লেখ্য যে, 1 এপ্ৰিলত এগৰাকী মহিলাই যৌন নিৰ্যাতন আৰু ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰি দেৱৰাজে গৌড়াৰ বিৰুদ্ধে হোলেনাৰসীপুৰ থানাত এজাহাৰ দাখিল কৰিছিল । অধিবক্তা দেৱৰাজে গৌড়াক আৰক্ষীয়ে আটক কৰি উক্ত অভিযোগ সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে ।

শুকুৰবাৰৰ নিশা হাছান আৰক্ষীৰ তথ্যৰ ভিত্তিত হিৰিউৰ আৰক্ষীয়ে আটক কৰে দেৱৰাজে গৌড়াক । দেৱৰাজে গৌড়াক হিৰিউৰ থানালৈ লৈ যোৱা হৈছে আৰু হাছান আৰক্ষীক গতাই দিয়া হ’ব ।

দেৱৰাজে গৌড়াই ইনোভা গাড়ীৰে যাত্ৰা কৰিছিল :

দেৱৰাজে গৌড়াই বেগ লৈ ইনোভা গাড়ীৰে গৈ থকা অৱস্থাতে আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হৈছে । হাছান জিলাৰ হোলেনাৰসীপুৰ থানাত 1 এপ্ৰিলৰ দিনা ভুক্তভোগীয়ে দাখিল কৰা অভিযোগ অনুসৰি অভিযুক্ত দেৱৰাজে গৌড়াই ছাইটটো বিক্ৰী কৰাত সহায় কৰাৰ অজুহাত দেখুৱায় তেওঁক যৌন আতিশয্য চলোৱাৰ অভিযোগ তুলিছে ৷

ইয়াৰ লগতে ফটোসমূহ ছ’চিয়েল মিডিয়াত পোষ্ট কৰাৰ ভাবুকিও প্ৰদান কৰিছে যদিহে মহিলাগৰাকীয়ে তেওঁৰ কথা নামানে । বৰ্তমান জনতা দল চেকুলাৰৰ পৰা নিলম্বিত নেতা প্ৰজ্বল ৰেভানাৰ কিছুমান বিতৰ্কিত ভিডিঅ' ভাইৰেল হৈ পৰিছে । হাছানৰ সাংসদ প্ৰজ্বল ৰেৱন্নাৰ যৌন নিৰ্যাতন সম্বন্ধীয় বিতৰ্কিত পেন ড্ৰাইভ ভাইৰেল কৰা অভিযোগৰো সন্মুখীন হৈছে বিজেপি নেতা তথা অধিবক্তা দেৱৰাজে গৌড়া ৷ ৰাজ্য চৰকাৰে উক্ত ঘটনাটো তদন্তৰ বাবে এছআইটি গঠন কৰিছে । মঙলবাৰে ৰেৱন্নাক দলৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক: যৌন নিৰ্যাতনৰ অভিযোগ, দলৰ পৰা নিলম্বিত প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ নাতি - Prajwal Revanna Suspension

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.