ETV Bharat / international

আমেৰিকাৰ বৈদেশিক উপ সচিব ৰিচাৰ্ড বাৰ্মাৰ ভাৰত ভ্ৰমণ

Richard Verma India visit: ৰিচাৰ্ড বাৰ্মা ভাৰতৰ কেইবাগৰাকী মন্ত্ৰী আৰু উচ্চ পদস্থ বিষয়াক সাক্ষাৎ কৰে । আমেৰিকা-ভাৰত বিশ্বব্যাপী অংশীদাৰিত্ব শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় । মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতিত অটল আমেৰিকা ।

Richard Verma India visit
আমেৰিকাৰ বৈদেশিক উপ সচিব ৰিচাৰ্ড বাৰ্মাৰ ভাৰত ভ্ৰমণ
author img

By ETV Bharat Assamese Team

Published : February 23, 2024 at 1:07 PM IST

2 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৩ ফেব্ৰুৱাৰী : শেহতীয়াকৈ ভাৰত ভ্ৰমণত আছিল আমেৰিকাৰ বৈদেশিক উপ সচিব ৰিচাৰ্ড বাৰ্মা । এই ভ্ৰমণৰ অংশ হিচাপে বাৰ্মাই নতুন দিল্লীত ভাৰতৰ একাংশ মন্ত্ৰীক সাক্ষাৎ কৰে । যাৰ উদ্দেশ্য হৈছে আমেৰিকা-ভাৰত বিশ্বব্যাপী অংশীদাৰিত্ব গভীৰ কৰা আৰু মুক্ত ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰা ।

প্ৰৱন্ধন আৰু সম্পদ বিভাগৰ উপ-সচিব বাৰ্মা হৈছে বৈদেশিক বিভাগৰ এগৰাকী উচ্চ পদস্থ ভাৰতীয়-আমেৰিকান । ভাৰতত আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰা বাৰ্মাই ১৯-২১ ফেব্ৰুৱাৰীলৈ ভাৰতলৈ চৰকাৰী ভ্ৰমণলৈ আহিছিল । ৱাশ্বিংটনত আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰে বৃহস্পতিবাৰে কয় যে বাৰ্মাই নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ, বৈদেশিক সচিব বিনয় মোহন কোৱাত্ৰা, প্ৰতিৰক্ষা সচিব গিৰিধৰ আৰমনে আৰু উপ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা বিক্ৰম মিছৰীক সাক্ষাৎ কৰে ।

মন্ত্ৰী তথা উচ্চ পদস্থ বিষয়াসকলৰ সৈতে হোৱা বাৰ্মাৰ বৈঠকত এক মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চল নিশ্চিত কৰাৰ বাবে আমেৰিকা-ভাৰত সহযোগিতা আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক শক্তিশালী কৰাৰ সুযোগ সম্পৰ্কে আলোচনা কৰা হয় । মিলাৰে কয় যে আমেৰিকাৰ বৈদেশিক উপ সচিব ৰিচাৰ্ড বাৰ্মাই বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলকো সাক্ষাৎ কৰে । এই সাক্ষাতৰ সময়ত আমেৰিকা আৰু ভাৰতৰ মাজত বাণিজ্য আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে ।

বাৰ্মাই বিভিন্ন দেশৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ বাবে ভাৰত, শ্ৰীলংকা আৰু মালদ্বীপলৈ ৬ দিনীয়া চৰকাৰী ভ্ৰমণ কৰিছে । যিয়ে এক মুক্ত, সুৰক্ষিত আৰু সমৃদ্ধ অঞ্চলৰ প্ৰতি আমেৰিকাৰ প্ৰতিশ্ৰুতিক পুনৰ নিশ্চিত কৰিছে ।

লগতে পঢ়ক :আমেৰিকাৰ নেতৃত্বত বিমান আক্ৰমণ সত্ত্বেও অটল স্থিতিত হুথি বিদ্ৰোহী