ETV Bharat / international

আমেৰিকাৰ নেতৃত্বত বিমান আক্ৰমণ সত্ত্বেও অটল স্থিতিত হুথি বিদ্ৰোহী

author img

By PTI

Published : Feb 21, 2024, 9:55 AM IST

US Airstrikes on Houthi : বিশ্লেষকসকলে সতৰ্ক কৰি দিছে যে হুথিৰ আক্ৰমণ যিমানে দীঘলীয়া হ'ব, আন্তৰ্জাতিক জাহাজ চলাচলত ব্যাঘাত হোৱাৰ আশংকাত সিমানেই বিশ্ব অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰা আৰম্ভ হ'ব ।

আমেৰিকাৰ নেতৃত্বত বিমান আক্ৰমণ সত্ত্বেও অটল স্থিতিত হুথি বিদ্ৰোহী
আমেৰিকাৰ নেতৃত্বত বিমান আক্ৰমণ সত্ত্বেও অটল স্থিতিত হুথি বিদ্ৰোহী

ইণ্টাৰনেচনেল ডেস্ক, ২১ ফেব্ৰুৱাৰী : আমেৰিকাৰ নেতৃত্বত এমাহ ধৰি হোৱা বিমান আক্ৰমণৰ পিছতো য়েমেনৰ ইৰাণ সমৰ্থিত হুথি বিদ্ৰোহীয়ে এতিয়াও গুৰুত্বপূৰ্ণ আক্ৰমণ কৰিবলৈ সক্ষম হৈ আছে । তাৰে প্ৰমাণ হিচাপে চলিত সপ্তাহত হুথি বিদ্ৰোহায়ে এক গুৰুত্বপূৰ্ণ প্ৰণালীত এখন জাহাজ গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত কৰে আৰু কেইবা কোটি ডলাৰ মূল্যৰ আমেৰিকান ড্ৰোন এটা ভূপতিত কৰে ।

উল্লেখ্য যে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে ইজৰাইলৰ যুদ্ধৰ পটভূমিত লোহিত সাগৰৰ গুৰুত্বপূৰ্ণ কৰিড'ৰ বাব এল-মাণ্ডেব ষ্ট্ৰেইটৰ মাজেৰে জাহাজ চলাচলৰ ক্ষেত্ৰত হুথিসকলে আক্ৰমণ অব্যাহত ৰাখিছে । এই আক্ৰমণে য়েমেনৰ ৰাজধানী আৰু যুদ্ধবিধ্বস্ত দেশখনৰ উত্তৰৰ বেছিভাগ অংশত ধৰি ৰখা গেৰিলা শৈলীৰ আক্ৰমণ বন্ধ কৰিবলৈ চেষ্টা কৰা প্ৰত্যাহ্বানবোৰক সূচায় ।

আনহাতে, এই অভিযানে আৰব বিশ্বত বিদ্ৰোহীসকলৰ স্থিতি বৃদ্ধি কৰিছে । অৱশ্যে তেওঁলোকে অঞ্চলটোত আমেৰিকাৰ কেইবাটাও মিত্ৰশক্তিৰ সৈতে বছৰজোৰা অচলাৱস্থাৰ যুদ্ধত মানৱ অধিকাৰৰ উলংঘন কৰিছে । ইয়াৰ মাজতে বিশ্লেষকসকলে সতৰ্ক কৰি দিছে যে হুথিৰ আক্ৰমণ যিমানে দীঘলীয়া হ'ব, আন্তৰ্জাতিক জাহাজ চলাচলত ব্যাঘাত হোৱাৰ আশংকাত সিমানেই বিশ্ব অৰ্থনীতিৰ ওপৰত প্ৰভাৱ পৰা আৰম্ভ হ'ব ।

ইফালে সোমবাৰে হুথি আৰু পশ্চিমীয়া বিষয়া উভয়ে বিদ্ৰোহীয়ে জাহাজ চলাচলৰ ওপৰত আৰম্ভ কৰা আটাইতকৈ গুৰুতৰ আক্ৰমণৰ কথা স্বীকাৰ কৰে । আমেৰিকাৰ সামৰিক বাহিনীৰ কেন্দ্ৰীয় কমাণ্ডে কয় যে হুথিয়ে বেলিজ-পতাকাযুক্ত বাল্ক কেৰিয়াৰ ৰুবিমাৰক দুটা জাহাজবিৰোধী বেলিষ্টিক মিছাইলৰে আক্ৰমণৰ লক্ষ্য কৰি লয় আৰু ইয়াৰে ভিতৰত এখন জাহাজত আঘাত কৰে ।

নৱেম্বৰত প্ৰপালচনৰ সমস্যাৰ বিষয়ে জনোৱা ৰুবিমাৰ নামৰ জাহাজখন অকাৰ্যকৰী হৈ পৰে । যাৰ ফলত তাৰ কৰ্মচাৰীসকলে জাহাজখন এৰি দিবলৈ বাধ্য হয় ।

আনহাতে, হুথি সামৰিক মুখপাত্ৰ ব্ৰিগেডিয়াৰ জেনেৰেল য়াহিয়া ছাৰীয়ে সোমবাৰে নিশা দাবী কৰে যে ৰুবিমাৰ জাহাজ ডুব গৈছে । অৱশ্যে এছ'চিয়েটেড প্ৰেছৰ দ্বাৰা বিশ্লেষণ কৰা প্লেনেট লেবপিবিচিৰ উপগ্ৰহ ছবিবোৰে দেখুৱাইছে যে ৰুবিমাৰ এতিয়াও স্থানীয় সময় অনুসৰি মঙলবাৰে দুপৰীয়া 2 বজাত বাব এল-মাণ্ডেবৰ ঠিক উত্তৰে ওপঙি আছে ।

লগতে পঢ়ক :আমেৰিকাৰ এম কিউ-9 ড্ৰ’নক আক্ৰমণ হুথি বিদ্ৰোহী গোটৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.