ETV Bharat / international

ৰমজান মাহৰ বাবে যুদ্ধবিৰতিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

author img

By ANI

Published : Mar 10, 2024, 6:54 AM IST

UN Security Council calls for ceasefire, humanitarian response in Sudan during Ramadan
ৰমজান মাহৰ বাবে যুদ্ধবিৰতিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

Ceasefire in Sudan : ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি ছুডানত যুদ্ধবিৰতিৰ আহ্বান ৷ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে জনায় এই আহ্বান ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 মাৰ্চ : ছুডানত হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ সময়তে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ইছলাম ধৰ্মাৱলম্বীৰ পবিত্ৰ ৰমজান মাহৰ লগত সংগতি ৰাখি যুদ্ধবিৰতিৰ আহ্বান জনায় ৷ শনিবাৰে আল জাজিৰাই প্ৰকাশ কৰা অনুসৰি মানৱীয় সঁহাৰি ব্ৰেকিং পইণ্টত ‘খাদ্যৰ অতি প্ৰয়োজনীয়’ 25 কোটি লোকৰ ওচৰলৈ এই সাহায্য প্ৰেৰণ কৰা হ’ব ।

প্ৰতিবেদন অনুসৰি শুকুৰবাৰে 15 জনীয়া পৰিষদৰ চৈধ্যখন দেশে যুক্তৰাজ্যই প্ৰস্তাৱ কৰা "সংঘাতৰ সকলো পক্ষকে আলোচনাৰ জৰিয়তে সংঘাতৰ বহনক্ষম সমাধান বিচাৰিবলৈ” আহ্বান জনোৱা প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায় ৷ কেৱল ৰাছিয়াইহে ভোটদানৰ পৰা বিৰত থাকে ৷

2023 চনৰ 15 এপ্ৰিলৰ পৰা ছুডানত যুদ্ধ চলি আহিছে আৰু জেনেৰেল আব্দেল ফাত্তাহ আল বুৰহানৰ সেনাবাহিনীক জেনেৰেল মহম্মদ হামদান "হেমেদটি" ডাগালোৰ অৰ্ধসামৰিক ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ)ৰ বিৰুদ্ধে থিয় কৰোৱা হৈছে । ইয়াৰ পিচত লাখ লাখ লোকৰ মৃত্যু হৈছে, 83 লাখ লোক বলপূৰ্বকভাৱে স্থানচ্যুত হৈছে ৷ সমান্তৰালভাৱে যুদ্ধই আন্তঃগাঁথনি ধ্বংস কৰি দেশখনৰ অৰ্থনীতি স্থবিৰ কৰি তুলিছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ব্ৰিটেইনৰ ৰাষ্ট্ৰসংঘৰ উপ-ৰাষ্ট্ৰদূত জেমছ কাৰিউকিয়ে ছুডানৰ সশস্ত্ৰ বাহিনী আৰু আৰ এছ এফক “শান্তিৰ বাবে এই ঐক্যৱদ্ধ আন্তঃৰাষ্ট্ৰীয় আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ আৰু বন্দুকবোৰ স্তব্ধ কৰিবলৈ” আহ্বান জনায় । এই প্ৰস্তাৱটোত সকলো পক্ষকে ৰমজানৰ পূৰ্বে তাৎক্ষণিকভাৱে “শত্ৰুতা বন্ধ” গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছে ৷ যিহেতু এই সময়খিনি বিশ্বজুৰি থকা ইছলাম ধৰ্মাৱলম্বীৰ বাবে ৰোজা, নামাজৰ সময় ।

ইয়াত যুদ্ধংদেহী পক্ষসমূহক সীমান্ত আৰু যুদ্ধৰেখাৰ ওপৰেৰে বাধাহীনভাবে মানৱীয় প্ৰৱেশৰ অনুমতি দিবলৈ আহ্বান জনোৱা হৈছে । প্ৰস্তাৱটোত বিয়পি পৰা হিংসা আৰু বিপৰ্যয় আৰু অধিক অৱনতি ঘটা মানৱীয় পৰিস্থিতিৰ ওপৰতো গুৰুতৰ উদ্বেগ প্ৰকাশ কৰা হৈছে ৷ বিশেষকৈ দাৰফুৰত তীব্ৰ খাদ্য সংকটত সৃষ্টি হোৱাটো যথেষ্ট উদ্বেগজনক বিষয় ।

ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে বৃহস্পতিবাৰে কয় যে দুয়োপক্ষই ৰমজানৰ সময়ত শত্ৰুতা বন্ধৰ আহ্বানৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৰমজানৰ মূল্যবোধক সন্মান জনোৱা উচিত ৷ লগতে তেওঁ সকীয়াই দিয়ে যে এই সংঘাতে দেশখনৰ ঐক্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷

ইয়াৰ উপৰিও ৰাষ্ট্ৰসংঘৰ সাহায্যৰ মুৰব্বী মাৰ্টিন গ্ৰীফিথছে কয়, "যুদ্ধবিৰতি ঘোষণা কৰা হওক বা নহওক ছুডানত মানৱীয় সাহায্যৰ সুবিধা উন্নত কৰাৰ প্ৰয়োজন । দেশখনৰ 5 কোটি লোকৰ আধা সংখ্যক লোকক সাহায্যৰ প্ৰয়োজন আৰু 1 কোটি 80 লাখ লোকৰ অলপ কম লোক দুৰ্ভিক্ষৰ পথত আছে ৷ 1 কোটিতকৈ অধিক লোক যোৱা বছৰৰ একে সময়তকৈ খাদ্য অসুৰক্ষিতৰ শ্ৰেণীত আছে ।”

গ্ৰীফিথে কয়, "আমাৰ হাতত কোনো ধন নাই আৰু আমি ছুডানক মানচিত্ৰত স্থান দিব বিচাৰো’’ ।

লগতে পঢ়ক: Mass killings in Sudan: চুডানত বৃদ্ধি হোৱা হিংসাত্মক পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.