ETV Bharat / international

Mass killings in Sudan: চুডানত বৃদ্ধি হোৱা হিংসাত্মক পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

author img

By ANI

Published : Nov 12, 2023, 6:58 AM IST

Updated : Nov 12, 2023, 9:18 AM IST

চুডানৰ দাৰফুৰ অঞ্চলত ক্ৰমাৎ বৃদ্ধি পাইছে হিংসাত্মক পৰিস্থিতি ৷ পশ্চিম দাৰফুৰৰ আৰ্ডামাটাত সংঘটিত সশস্ত্ৰ বিদ্ৰোহৰ বাবে যোৱা ছমাহত ৮০০ৰো অধিক লোকৰ মৃত্যু হৈছে, আৰু ৪৮ লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে । অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি চুবুৰীয়া দেশলৈ প্ৰব্ৰজিত হৈছে বহু লোক ৷

Over 800 Sudanese reportedly killed by armed groups in West Darfur: UNHCR
চুডানত বৃদ্ধি হোৱা হিংসাত্মক পৰিস্থিতিত উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰসংঘৰ

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 অক্টোবৰ: ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্তই জনোৱা মতে, চুডানৰ পশ্চিম দাৰফুৰৰ আৰ্ডামাটাত সংঘটিত সশস্ত্ৰ বিদ্ৰোহৰ বাবে যোৱা ছমাহত 800 ৰো অধিক লোকৰ মৃত্যু হৈছে আৰু 48 লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে ।

শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ এক বিবৃতিত কোৱা হৈছে যে সমগ্ৰ চুডানৰ দাৰফুৰ অঞ্চলত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক পৰিস্থিতিয়ে দুটা দশকৰ পূৰ্বে সংঘটিত হোৱা অত্যাচাৰৰ পুনৰাবৃত্তি হ’ব পাৰে বুলি আশংকাৰ প্ৰকাশ কৰা হৈছে । দেশখনৰ অৰ্দামাতাত আভ্যন্তৰীণভাৱে স্থানচ্যুত লোকসকলৰ বাবেও এটা শিবিৰ আছিল । বিবৃতিটোত কোৱা হৈছে যে প্ৰায় 100 টা আশ্ৰয় শিবিৰ ধ্বংস কৰি পেলোৱা হৈছে, আনহাতে UNHCR ৰ সাহায্য সামগ্ৰীকে ধৰি ব্যাপক লুণ্ঠনও সংঘটিত হৈছে ।

ইফালে, দুটা দশকৰ পূৰ্বে সমগ্ৰ দাৰফুৰত হাজাৰ হাজাৰ লোক নিহত হোৱাৰ লগতে এফালে জাঞ্জাৱীদ নামেৰে জনাজাত মিত্ৰশক্তিৰ সমৰ্থিত চুডান চৰকাৰী বাহিনী আৰু ক্ষমতাচ্যুত হোৱা ৰাষ্ট্ৰপতি ওমৰ আল-বছিৰৰ স্বৈৰাচাৰী শাসনক প্ৰতিহত কৰা বিদ্ৰোহী গোটৰ মাজত হোৱা যুদ্ধত লাখ লাখ লোক স্থানচ্যুত হৈছিল । ৰাষ্ট্ৰসংঘৰ গণহত্যা প্ৰতিৰোধৰ বিশেষ উপদেষ্টা এলিছ ৱাইৰিমু ণ্ডৰিটুৱে জুন মাহত সকীয়াই দিছিল যে যদিহে পশ্চিম দাৰফুৰত জাতিগত ভিত্তিত আক্ৰমণকে ধৰি যুদ্ধ অব্যাহত থাকে এই যুদ্ধ মানৱতাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সমান হ’ব পাৰে ।

ফলত ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে যৌন হিংসা, নিৰ্যাতন, স্বেচ্ছাচাৰী হত্যা, সাধাৰণ নাগৰিকক ধন দাবী, নিৰ্দিষ্ট জনগোষ্ঠীক লক্ষ্য কৰি লোৱাৰ খবৰত উদ্বিগ্নতা প্ৰকাশ কৰে । ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী উচ্চায়ুক্ত ফিলিপো গ্ৰেণ্ডীয়ে কয় যে, "বিশ বছৰ পূৰ্বে দাৰফুৰত সংঘটিত ভয়ংকৰ অত্যাচাৰ আৰু মানৱ অধিকাৰ উলংঘাৰ বাবে বিশ্বই স্তম্ভিত হৈ পৰিছিল । আমি আশংকা কৰিছো যে একেধৰণৰ কাৰ্যকলাপ পুনৰ সৃষ্টি হ’ব পাৰে ।"

ৰাষ্ট্ৰসংঘৰ মতে, তেওঁ লগতে কয় যে যুদ্ধৰ তাৎক্ষণিকভাৱে অন্ত পেলোৱা আৰু সকলো পক্ষই অসামৰিক জনসাধাৰণৰ প্ৰতি নিঃচৰ্তভাৱে সন্মান জনোৱাটো বৰ্তমান অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে । এপ্ৰিল মাহৰ মাজভাগত সেনা আৰু ৰেপিড চাপৰ্ট ফৰ্চ (আৰ এছ এফ) নামেৰে জনাজাত অৰ্ধসামৰিক গোটৰ মাজত যুদ্ধ সংঘটিত হোৱাৰ পিছত চুডানত 48 লাখতকৈ অধিক লোক স্থানচ্যুত হৈছে আৰু 12 লাখ লোকে চুবুৰীয়া দেশত আশ্ৰয় বিচাৰিছে ।

UNHCR ৰ মতে, কেৱল যোৱা সপ্তাহত 8 হাজাৰতকৈ অধিক লোকে চাডলৈ পলায়ন কৰে যদিও এইক্ষেত্ৰত প্ৰত্যাহ্বানৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: Israel Hamas War : ১৫০ সন্ত্ৰাসবাদীক হত্যা আইডিএফৰ; উত্তৰ গাজাত হামাছৰ দুৰ্গত নিয়ন্ত্ৰণ

Last Updated :Nov 12, 2023, 9:18 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.