ETV Bharat / international

কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণত আহত কেইবাজনো - Russia attack on Kyiv

author img

By ANI

Published : Mar 22, 2024, 8:17 AM IST

কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণ
কিয়েভত ৰাছিয়াৰ বৃহৎ মিছাইল আক্ৰমণ

Russia Missile Attack in Kyiv : ইউক্ৰেইনৰ বায়ুসেনাই জনোৱা মতে, বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কিয়েভক লক্ষ্য কৰি লোৱা ৰাছিয়াৰ ৩১ টা মিছাইলক বাধা প্ৰদান কৰে যদিও মিছাইলবোৰৰ ধ্বংসাৱশেষ চহৰৰ বিভিন্ন স্থানত পৰে । যাৰ ফলত বহু লোক আঘাতপ্ৰাপ্ত হয় আৰু যথেষ্ট ক্ষতি হয় ।

ইণ্টাৰনেচনেল ডেস্ক, ২২ মাৰ্চ : বৃহস্পতিবাৰে ৰাছিয়াই কিয়েভৰ ওপৰত ভয়ংকৰ মিছাইল আক্ৰমণ কৰে । ইয়াৰ ফলত কমেও ১৩ জন লোক আহত হয় আৰু কেইবাটাও আৱাসিক ভৱন আৰু ঔদ্যোগিক ক্ষেত্ৰ ক্ষতিগ্ৰস্ত হয় । সপ্তাহটোৰ ভিতৰত ইউক্ৰেইনৰ ৰাজধানীত এইটো আছিল আটাইতকৈ ডাঙৰ আক্ৰমণৰ ঘটনা । নিউয়ৰ্ক টাইমছৰ বাতৰিত এই কথা প্ৰকাশ ।

ইউক্ৰেইনৰ বায়ুসেনাই জনাইছে যে বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই কিয়েভক লক্ষ্য কৰি লোৱা ৰাছিয়াৰ ৩১ টা মিছাইলক বাধা প্ৰদান কৰিছিল । কিন্তু তথাপিও মিছাইলবোৰৰ ধ্বংসাৱশেষ চহৰৰ বিভিন্ন স্থানত পৰে, যাৰ ফলত আঘাতপ্ৰাপ্ত হয় আৰু যথেষ্ট ক্ষতি হয় । অৱশ্যে এতিয়ালৈকে কোনো মৃত্যুৰ খবৰ পোৱা হোৱা নাই ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে এক সামাজিক মাধ্যমৰ পোষ্টত কয়, "এনে ধৰণৰ সন্ত্ৰাস প্ৰতিদিনে অব্যাহত থাকে ।" তেওঁ অগ্নিনিৰ্বাপক বাহিনীয়ে জ্বলন্ত অট্টালিকাবোৰ পানীৰে নিয়ন্ত্ৰণ কৰাৰ এটা ভিডিঅ'ও শ্বেয়াৰ কৰে । এই আক্ৰমণটো পুৱাৰ ভাগত আৰম্ভ হয় আৰু বায়ু প্ৰতিৰক্ষা ব্যৱস্থা কাৰ্যকৰী হোৱাৰ লগে লগে পুৱা প্ৰায় ৫ বজাত (স্থানীয় সময় অনুসৰি) প্ৰচণ্ড বিস্ফোৰণে আৱাসীসকলক জোকাৰি যায় । ফলত বহুতো লোকে ছাবৱে ষ্টেচনত আশ্ৰয় ল'বলৈ দৌৰি যায় ।

এই আক্ৰমণৰ ফলত কেইবাটাও কমলা ৰঙৰ অগ্নিকুণ্ড আকাশত জ্বলি উঠে, সম্ভৱত মিছাইল আন্তঃসংযোগৰ ফলস্বৰূপে । সূৰ্য উঠাৰ লগে লগে পুৱা ৬.১০ বজাত (স্থানীয় সময় অনুসৰি) বিমান আক্ৰমণৰ সতৰ্কবাণী সমাপ্ত হয় । ইয়াৰ পিচত ক্ষতিৰ কথা প্ৰকাশ পায় ।

কিয়েভৰ মেয়ৰ ভিটালি ক্লিষ্ট্কোৱে জনোৱা মতে, মিছাইলৰ ধ্বংসাৱশেষৰ ফলত কমেও তিনিটা আৱাসিক অট্টালিকা আৰু পাৰ্কিং লটত জুই লাগে । তেওঁ টেলিগ্ৰামত কয় যে ভুক্তভোগীসকলক সহায় কৰিবলৈ জৰুৰীকালীন সহায়কাৰী দলক নিয়োজিত কৰা হয় । আনহাতে, চহৰখনৰ সামৰিক প্ৰশাসনে জনোৱা মতে, চাৰিজন লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

ইফালে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ উপ-মুৰব্বী অলেক্সি কুলেবা আৰু স্থানীয় কৰ্তৃপক্ষই মুকলি কৰা আক্ৰমণৰ ফটোত এটা অট্টালিকাৰ সন্মুখত জ্বলি যোৱা গাড়ীবোৰ দেখুওৱা হৈছে । এটা গুলপীয়া অট্টালিকাৰ তলত এটা ডাঙৰ গাঁত হৈছে আৰু ইয়াৰ সকলো খিৰিকী ভাগি পৰিছে । এটা ধ্বংসপ্ৰাপ্ত ঘৰ জ্বলি যোৱা দৃশ্যও আছে ।

লগতে পঢ়ক :আফগানিস্তানৰ বেংকত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; নিহত ৩, আহত ১২ - Bomb Attacks In Afghanistan Bank

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.