ETV Bharat / international

আফগানিস্তানৰ বেংকত আত্মঘাতী বোমাৰুৰ আক্ৰমণ; নিহত ৩, আহত ১২ - bomb attacks in Afghanistan bank

author img

By PTI

Published : Mar 21, 2024, 2:32 PM IST

আফগানিস্তানৰ বেংকত আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত ৩
আফগানিস্তানৰ বেংকত আত্মঘাতী বোমাৰুৰ আক্ৰমণত নিহত ৩

Bomb Attack in Afghanistan : কান্দাহাৰ তথ্য আৰু সংস্কৃতি বিভাগৰ মুৰব্বীয়ে কয় যে ভুক্তভোগীসকল তেওঁলোকৰ মাহিলি দৰমহা সংগ্ৰহ কৰিবলৈ নিউ কাবুল বেংকৰ শাখাটোত উপস্থিত হৈছিল । ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে । অৱশ্যে এতিয়ালৈকে কোনেও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই ।

ইণ্টাৰনেচনেল ডেস্ক, ২১ মাৰ্চ : বৃহস্পতিবাৰে দক্ষিণ আফগানিস্তানৰ কান্দাহাৰ চহৰৰ এটা ব্যক্তিগত বেংকত এজন আত্মঘাতী বোমাৰুৱে আক্ৰমণ চলায় । এই আক্ৰমণত কমেও তিনিজন লোক নিহত হোৱাৰ লগতে আন ১২ জন আহত হোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

চৰকাৰৰ কান্দাহাৰ তথ্য আৰু সংস্কৃতি বিভাগৰ মুৰব্বী ইনামুল্লা চামংগনীয়ে কয় যে ভুক্তভোগীসকলৰ আটাইকেইজনে তেওঁলোকৰ মাহিলি দৰমহা সংগ্ৰহ কৰিবলৈ নিউ কাবুল বেংকৰ শাখাটোত একত্ৰিত হৈছিল ।

আনহাতে, তালিবানৰ আভ্যন্তৰীণ মন্ত্ৰালয়ৰ মুখপাত্ৰ আব্দুল মতিন কানিয়েও এই আক্ৰমণটো নিশ্চিত কৰিছে । অৱশ্যে তেওঁ অধিক বিৱৰণ প্ৰদান কৰিব নোৱাৰিলে । তেওঁ কয় যে ইয়াৰ তদন্ত আৰম্ভ কৰা হৈছে ।

অৱশ্যে তাৎক্ষণিকভাৱে কোনেও বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই । উল্লেখ্য যে তালিবানৰ এক মুখ্য প্ৰতিদ্বন্দ্বী ইছলামিক ষ্টেট গোটৰ সহযোগী সংগঠনটোৱে সমগ্ৰ দেশৰ বিদ্যালয়, চিকিৎসালয়, মছজিদ আৰু চিয়া প্ৰধান অঞ্চলত পূৰ্বতে আক্ৰমণ চলাইছিল ।

কান্দাহাৰ চহৰ আফগানিস্তানৰ শাসকসকলৰ বাবে এক আধ্যাত্মিক আৰু ৰাজনৈতিক কেন্দ্ৰ । কিয়নো তালিবানৰ সৰ্বোচ্চ নেতা মোল্লা হিবাতুল্লা আখুন্দজাদা তাত থাকে আৰু মুখ্য বিষয়বোৰৰ ওপৰত তেওঁৰ সিদ্ধান্তবোৰ ৰাজধানী কাবুলৰ পৰা কৰ্তৃপক্ষই কাৰ্যকৰী কৰে ।

উল্লেখ্য যে ২০ বছৰৰ পিচত আমেৰিকা আৰু নাটো সৈন্যৰ প্ৰস্থানৰ পিচতে তালিবানে ২০২১ চনৰ আগষ্টত আফগানিস্তানত ক্ষমতা দখল কৰে । আৰম্ভণিতে মধ্যমীয়া স্থিতি গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়া সত্ত্বেও তালিবানে ক্ৰমান্বয়ে ইছলামিক আইন বা চৰিয়তৰ এক কঠোৰ আইন জনসাধাৰণৰ ওপৰত পুনৰ জাপি দিয়ে, যিদৰে তেওঁলোকে ১৯৯৬ চনৰ পৰা ২০০১ চনলৈ তেওঁলোকৰ পূৰ্বৰ আফগানিস্তান শাসনকালত কৰিছিল ।

লগতে পঢ়ক :দ্বিতীয় দিনাও গাজাত অব্যাহত ইজৰাইলৰ সামৰিক আক্ৰমণ, নিহত 50

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.