দ্বিতীয় দিনাও গাজাত অব্যাহত ইজৰাইলৰ সামৰিক আক্ৰমণ, নিহত 50
Hamas terrorists killed: মঙলবাৰে গাজা ষ্ট্ৰিপৰ সৰ্ববৃহৎ চিকিৎসালয়ত ইজৰাইল বাহিনীয়ে ৫০ জন হামাছ উগ্ৰপন্থীক হত্যা কৰে ৷ এই আক্ৰমণৰ সময়ত কমপ্লেক্সৰ ভিতৰত হাজাৰ হাজাৰ পেলেষ্টাইনী ৰোগী, চিকিৎসা কৰ্মচাৰী আৰু অন্যান্য লোক আৱদ্ধ হৈ পৰে ৷

Published : March 20, 2024 at 9:05 PM IST
আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 20 মাৰ্চ : হামাছৰ বিৰুদ্ধে ইজৰাইলী সেনাৰ অভিযান অব্যাহত আছে । ইজৰাইলী সেনাই মঙলবাৰে পুনৰ গাজা ষ্ট্ৰিপত অভিযান চলায় । ইজৰাইলী সেনাই গাজাৰ সৰ্ববৃহৎ চিকিৎলায়খনত কৰা এই বিস্ফোৰণত হামাছৰ 50 জন উগ্ৰপন্থীক হত্যা কৰা হয় বুলি জানিবলৈ দিয়ে ইজৰাইলী সেনাই ৷ এই আক্ৰমণৰ সময়ত শ্বিফা মেডিকেল কমপ্লেক্সৰ ভিতৰত হাজাৰ হাজাৰ পেলেষ্টাইনী ৰোগী, চিকিৎসা কৰ্মচাৰী আৰু অন্যান্য লোক আৱদ্ধ হৈ পৰে ৷
- " class="align-text-top noRightClick twitterSection" data="">
“গাজাত অৱস্থা বৰ কঠিন হৈ পৰিছে । শ্বিফা অঞ্চলত প্ৰচণ্ড বোমাবৰ্ষণৰ ফলত চিকিৎসালয়খনৰ অট্টালিকাটো ধ্বংসাৱশেষলৈ পৰিণত হয় । টেংক আৰু আৰ্টিলাৰীৰ গুলীৰ শব্দ অবিৰতভাৱে চলি আছে ।"হাস্পতালখনৰ সমীপতে বাস কৰা স্থানীয় লোকে ঘটনাৰ সন্দৰ্ভত এইদৰে মন্তব্য প্ৰকাশ কৰে ৷
ইফালে, চিকিৎসালয়খনৰ সমীপত ঘণ্টাৰ পিচত ঘণ্টা ধৰি বৃহৎ অগ্নিকাণ্ড সংঘটিত হৈ থকা বুলিও জানিবলৈ দিয়ে স্থানীয় লোকে ।
ইজৰাইলী সেনাই কয় যে, সোমবাৰে পুৱাই শ্বিফাত অভিযান চলোৱা হৈছিল ৷ হামাছৰ উগ্ৰপন্থীৰ এটা দল থকাৰ উমান পাই ইজৰাইলী সামৰিক বাহিনীয়ে চিকিৎসালয়খনত আক্ৰমণৰ নিৰ্দেশনা দিছিল ।
বিগত বৰ্ষৰ ৭ অক্টোবৰত দক্ষিণ ইজৰাইলৰ ওপৰত হামাছে কৰা আক্ৰমণৰ পিচত ইজৰাইলে গাজাত আক্ৰমণ আৰম্ভ কৰি হামাছক ধ্বংস কৰাৰ পণ লয়। তাৰ পিচৰে পৰা এই বোমা বিস্ফোৰণ আৰু আক্ৰমণত 31,800 ৰো অধিক পেলেষ্টাইনী নিহত হয় ৷
ইফালে, উত্তৰ গাজাৰ বহু অংশত জলসংকট হোৱাৰ লগতে আগতীয়াকৈ দুৰ্ভিক্ষ হোৱাৰ আশংকা কৰা হৈছে ৷
উল্লেখ্য যে, সেনাই শেষবাৰৰ বাবে নৱেম্বৰ মাহত শ্বিফা হাস্পতালত অভিযান চলাইছিল ৷ ইজৰাইলী সেনাই মাটিৰ তলৰ কোঠালৈ যোৱা এটা সুৰংগৰ লগতে চিকিৎসালয়খনৰ ভিতৰত পোৱা বুলি কোৱা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰিছিল । গাজাৰ স্বাস্থ্য ব্যৱস্থাৰ হৃদপিণ্ড স্বৰূপ চিকিৎসালয়খনত কৰা এই আক্ৰমণত গুৰুতৰ ক্ষতিসাধন হয় ৷ গাজাৰ বিষয়াসকলে জনোৱা মতে, ইজৰাইলী সেনাই নতুনকৈ কৰা আক্ৰমণ আৰম্ভ হোৱাৰ সময়ত প্ৰায় 30 হাজাৰ স্থানচ্যুত লোকে হাস্পতালৰ চৌহদত আশ্ৰয় লৈছিল ।
লগতে পঢ়ক: হামাছৰ বিৰুদ্ধে অভিযান, ইজৰাইলী সেনাৰ আক্ৰমণত নিহত ১৮ সন্ত্ৰাসবাদী

