ETV Bharat / international

আজিৰে পৰা আৰম্ভ ৰমজান মাহ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি

author img

By ANI

Published : Mar 10, 2024, 7:32 AM IST

আজিৰে পৰা আৰম্ভ ৰমজান মাহৰ; অধিক মুনাফা লাভৰ উদ্দেশ্যৰে প্ৰতিবিধ সামগ্ৰীৰে মূল্যবৃদ্ধি
Pakistan braces for high prices as fruit, vegetable costs surge before Ramadan

Ramadan 2024 : আৰম্ভ হ’ল ৰোজাৰ মাহ ৷ ৰমজান মাহক লক্ষ্য কৰি চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানত বৃদ্ধি হৈছে প্ৰতিবিধ সামগ্ৰীৰে দাম ৷ ত্ৰাহিমধুসূদন সুঁৱৰিছে সৰ্বসাধাৰণ জনতাই ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 10 মাৰ্চ: দেওবাৰ অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে মুছলমানসকলৰ পবিত্ৰ ৰমজান মাহ ৷ ৰমজান আৰম্ভ হোৱাৰ লগে লগে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানৰ মানুহে খাদ্য সামগ্ৰীকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ বৃদ্ধিৰ বাবে নিজকে সাজু কৰি তুলিছে বুলি দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে ।

প্ৰতিবেদন অনুসৰি, দেশত ইতিমধ্যে শাক-পাচলি, চেনি, তেল, ঘিউ, মাংস, কণী, দালিকে ধৰি পাকঘৰৰ বাবে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য দুগুণৰ পৰা তিনিগুণ পৰ্যন্ত বৃদ্ধি পাইছে । অসাধু ব্যৱসায়ীয়ে অধিক মুনাফা লভাৰ উদ্দেশ্যৰে মূল্যবৃদ্ধি কৰাৰ ফলত নিম্নৰ পৰা মধ্যম আয়ৰ গ্ৰাহকৰ অৰ্থনৈতিক সমস্যা বৃদ্ধি পাইছে ।

ৰমজান মাহত সাধাৰণতে দাম বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় ৷ যোৱা কেইমাহমানত সাধাৰণভাৱে 31.5 শতাংশ উত্থান ঘটিছে আৰু কেইবাবিধো খাদ্য সামগ্ৰীৰ হাৰ ৰমজানৰ পূৰ্বৰ স্তৰৰ তুলনাত 60 শতাংশ পৰ্যন্ত বৃদ্ধি পোৱা দেখা গৈছে । উদাহৰণস্বৰূপে, পিঁয়াজৰ দাম পাকিস্তানী মুদ্ৰাত প্ৰতি কিলোগ্ৰামত 150 ৰ পৰা 300 লৈ বৃদ্ধি পাইছে আৰু কিছুমান খুচুৰা বিক্ৰেতাই প্ৰতি কিলোগ্ৰামত 250 পাকিস্তানী মুদ্ৰাত বিক্ৰী কৰিছে বুলি দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰিছে ।

ফলপ্ৰসূ মূল্য নিৰীক্ষণ ব্যৱস্থাৰ অভাৱত ফলমূল আৰু শাক-পাচলিৰ মূল্য বৃদ্ধি পাইছে । আন আন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিও হৈছে একেধৰণৰ । ৰমজানত আন এক চাহিদা সম্পন্ন পাচলি আলুৰ দাম এতিয়া প্ৰতি কিলোগ্ৰামত 80 পাকিস্তানী মুদ্ৰা পৰ্যন্ত বৃদ্ধি পাইছে ৷ পূৰ্বতে আছিল 50 পাকিস্তানী মুদ্ৰা ।

কবিৰ মূল্য 80-100 পাকিস্তানী মুদ্ৰাৰ পৰা প্ৰতি কিলোগ্ৰামত 150 পাকিস্তানী মুদ্ৰালৈ বৃদ্ধি পাইছে আৰু কেপচিকামৰ মূল্য দুগুণ বৃদ্ধি পাই প্ৰতি কিলোগ্ৰামত 400 পাকিস্তানী মুদ্ৰা হৈছে । কিন্তু কচুৰ দাম অপৰিৱৰ্তিত হৈ আছে প্ৰতি কেজিত 80-100 পাকিস্তানী মুদ্ৰা ।

শাক-পাচলিৰ মূল্যবৃদ্ধিৰ উপৰিও বিভিন্ন ফলমূলৰো মূল্যবৃদ্ধি হৈছে ৷ সৰু আকাৰৰ কলৰ দাম প্ৰতি ডজনত 80 পাকিস্তানী মুদ্ৰাৰ পৰা 120 পাকিস্তানী মুদ্ৰালৈ বৃদ্ধি হৈছে । বৃহৎ আকাৰৰ কলসমূহ প্ৰতি ডজনত 200 পাকিস্তানী মুদ্ৰাত বিক্ৰী কৰা হৈছে, যিটো পূৰ্বতে আছিল 120-150 পাকিস্তানী মুদ্ৰাত ৷

পূৰ্বে 150 পাকিস্তানী মুদ্ৰাত উপলব্ধ সেউজীয়া আপেল প্ৰতি কিলোগ্ৰামত 200-250 পাকিস্তানী মুদ্ৰাত বিক্ৰী কৰা হৈছে ৷ বগৰী ৰমজান মাহৰ আন এবিধ চাহিদাসম্পন্ন ফল ৷ পাকিস্তানী মুদ্ৰাত ইয়াৰ মূল্য 150-200 পৰ্যন্ত হৈছে ৷ যিটো পূৰ্বতে আছিল 100-120 পাকিস্তানী মুদ্ৰা ৷

লগতে পঢ়ক: ৰমজান মাহৰ বাবে যুদ্ধবিৰতিৰ আহ্বান ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.