ETV Bharat / international

নৱাজ শ্বৰীফৰ দললৈ সমৰ্থন পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীৰ

author img

By ANI

Published : Feb 13, 2024, 8:32 AM IST

Pakistan general elections 2024: পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ত যোগদান কৰে এক ডজন নিৰ্দলীয় প্ৰাৰ্থীয়ে ৷ ৰাজনপুৰৰ এন এ-189 ৰ শ্বামশ্বেৰ আলী মাজাৰী, পঞ্জাৱ বিধানসভাৰ পিপি-240 সমষ্টিৰ মহম্মদ সোহেইল, পিপি-48 ৰ খুৰৰাম বিৰ্ক আৰু পিপি-49 ৰ ৰানা মহম্মদ ফায়া, পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী চৰ্দাৰ খিজাৰ খান মাজাৰীৰ লগতে কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীয়ে নৱাজ শ্বৰীফৰ পিএমএল-এনত যোগদান কৰে বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে ৷

Pak: Almost dozen Independents declare support to Nawaz Sharif's PML-N
নৱাজ শ্বৰীফ

ইণ্টাৰনেশ্যনেল ডেস্ক, 13 ফেব্ৰুৱাৰী: 8 ফেব্ৰুৱাৰীত পাকিস্তানৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা প্ৰায় এক ডজন নিৰ্দলীয় প্ৰাৰ্থীয়ে পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন)ত যোগদান কৰে বুলি মঙলবাৰে স্থানীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে । প্ৰতিবেদন অনুসৰি ৰাজনপুৰৰ এন এ-189 ৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত হোৱা শ্বামশ্বেৰ আলী মাজাৰীয়ে নৱাজ শ্বৰীফৰ নেতৃত্বাধীন দলটোত যোগদান কৰাৰ কথা ঘোষণা কৰে ।

মাজাৰীয়ে এক ভিডিঅ’ বিবৃতিযোগে নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে পিএমএল-এনক সমৰ্থন আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ পূৰ্বে তেওঁ সহযোগীসকলৰ সৈতে এই সন্দৰ্ভত পৰামৰ্শ লৈছিল । ইয়াৰোপৰি, ৰাষ্ট্ৰৰ কল্যাণৰ বাবে তেওঁ পিএমএল-এনত যোগদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও উল্লেখ কৰে । এখন গাড়ীৰে যাত্ৰা কৰি থকা অৱস্থাত মাজাৰীয়ে এই মন্তব্য প্ৰকাশ কৰা দেখা গৈছে ।

পাকিস্তানস্থিত সংবাদ মাধ্যমটোৱে প্ৰকাশ কৰা অনুসৰি পিএমএল-এনৰ চৰ্দাৰ ৰিয়াজে 32 হাজাৰ ভোট লাভ কৰাৰ বিপৰীতে মাজাৰীয়ে 38,875 টা ভোট লাভ কৰে । একেদৰে পঞ্জাৱ বিধানসভাৰ পিপি-240 সমষ্টিৰ পৰা নিৰ্বাচিত নিৰ্দলীয় প্ৰাৰ্থী মহম্মদ সোহেইলৰ লগতে পিপি-48 ৰ পৰা খুৰৰাম বিৰ্ক আৰু পিপি-49 ৰ পৰা ৰানা মহম্মদ ফায়াজেও পিএমএল-এনত যোগদান কৰে ।

ইয়াৰ পূৰ্বে দেওবাৰে পিপি-94 ৰ নিৰ্দলীয় প্ৰাৰ্থী টাইমূৰ লালীয়েও পিএমএল-এনত যোগদান কৰে । ৰাজনপুৰৰ পিপি-297 ৰ পৰা নিৰ্বাচিত সাংসদ তথা পিটিআই সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী চৰ্দাৰ খিজাৰ খান মাজাৰীয়েও পিএমএল-এনক সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে । মাজাৰীয়ে 39,206 টা ভোট লাভ কৰি জয়লাভ কৰে পিএমএল-এনৰ চৰ্দাৰ মিৰ দোষ্ট মাজাৰীয়ে 30,933 টা ভোট লাভ কৰে ।

ফায়াজে কয় যে তেওঁ পিএমএল-এনৰ নেতৃত্বৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ সৈতে বৈঠকত মিলিত হ’ব । ছিনেটৰ পৰা পিপি-96 ৰ সফল প্ৰাৰ্থী চৰ্দাৰ জুলফিকাৰে পিএমএল-এনত যোগদান কৰে । তেওঁ এই সিদ্ধান্ত অঞ্চলটোৰ কল্যাণ আৰু উন্নয়নৰ বাবে লোৱা বুলি কয় সংবাদ মাধ্যমৰ আগত ।

পিপিপিৰ চৈয়দ হাছান মুৰ্তাজাক পৰাস্ত কৰি জুলফিকাৰ আলী শ্বাহ এমপিএ নিৰ্বাচিত হয় । শনিবাৰে নিৰ্দলীয় প্ৰাৰ্থী ৰাজা খুৰৰাম নৱাজ এন এ-48 ৰ পৰা এম এন এ হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে এন এ-253 ৰ পৰা মিয়ান মহম্মদ খান বুগটিয়েও পি এম এল-এনত যোগদান কৰাৰ কথা ঘোষণা কৰে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, ফেডাৰেল চৰকাৰ চলাবলৈ নতুন মিত্ৰতা গঠনৰ পৰিকল্পনাৰ অংশ হিচাপে পাকিস্তান মুছলিম লীগ-নৱাজ (পিএমএল-এন) আৰু পাকিস্তান পিপলছ পাৰ্টি (পিপিপি)য়ে যিকোনো এটা দলৰ পৰা প্ৰধানমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনা সন্দৰ্ভত আলোচনা কৰিছে ।

প্ৰতিবেদন অনুসৰি, দেওবাৰে দলৰ নেতাসকলে প্ৰথমখন বৈঠকত অৰ্ধ কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নিযুক্তি দিয়াৰ সম্ভাৱনাৰ বিষয়ে আলোচনা কৰে । একেটা ক্ষমতা ভাগ-বতৰাৰ সূত্ৰকে 2013 চনত বেলুচিস্তানত পিএমএল-এন আৰু নেশ্যনেল পাৰ্টিয়ে (এনপি) প্ৰয়োগ কৰা পৰিলক্ষিত হৈছিল, যেতিয়া দুয়োটা দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীয়ে পাঁচ বছৰীয়া কাৰ্যকালৰ আধা আধা সময় কাৰ্যভাৰ গ্ৰহণ কৰিছিল ।

লগতে পঢ়ক: নৱাজ নে শ্বাহবাজ - কোন হ’ব পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.