ETV Bharat / international

নৱাজ নে শ্বাহবাজ - কোন হ’ব পাকিস্তানৰ পৰৱৰ্তী প্ৰধানমন্ত্ৰী ?

Pakistan Election result 2024: পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ অথবা শ্বাহবাজ শ্বৰীফ হোৱাৰ সম্ভাৱনা ৷ পাকিস্তান মুছলিম লীগ-নৱাজ, পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) আৰু মুত্তাহিদা কোৱামি মুভমেণ্ট-পাকিস্তানৰ মাজত মিত্ৰতাৰ চৰ্ত সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় ৷ পিএমএল-এনে বিত্ত মন্ত্ৰণালয় নিজৰ লগত ৰখাৰ বিপৰীতে অন্যান্য মন্ত্ৰণালয়সমূহ পাৰস্পৰিক আলোচনাৰ অন্তত মিত্ৰ দেশসমূহৰ মাজত বিতৰণ কৰা হ’ব ৷

Etv Bharat
Etv Bharat
author img

By ANI

Published : February 12, 2024 at 11:43 AM IST

3 Min Read
Choose ETV Bharat

ইণ্টাৰনেশ্যনেল ডেস্ক, 12 ফেব্ৰুৱাৰী: পাকিস্তান মুছলিম লীগ-নৱাজৰ নেতাসকলে পাকিস্তান পিপলছ পাৰ্টি (পিপিপি) আৰু মুত্তাহিদা কোৱামি মুভমেণ্ট-পাকিস্তানৰ সৈতে মিত্ৰতাৰ চৰ্ত সন্দৰ্ভত আলোচনাত মিলিত হয় । প্ৰধানমন্ত্ৰী পদৰ সমান্তৰালকৈ পিএমএলে বিত্ত মন্ত্ৰণালয় ৰখাৰ বিপৰীতে আন মন্ত্ৰণালয়সমূহ পাৰস্পৰিক সন্মতি সাপেক্ষে মিত্ৰ দেশসমূহৰ মাজত বিতৰণ কৰা হ’ব বুলি আশা কৰা হৈছে ।

প্ৰতিবেদন অনুসৰি পিএমএল-এনে প্ৰধানমন্ত্ৰীৰ পদ গ্ৰহণ কৰিব আৰু মিত্ৰতা সন্দৰ্ভত সহমত হ’লে ৰাষ্ট্ৰপতি আৰু অধ্যক্ষৰ পদ ইয়াৰ অংশীদাৰসকলৰ বাবে ৰখা হ’ব । একেদৰে উপাধ্যক্ষৰ পদ মুত্তাহিদা কোৱামি মুভমেণ্ট-পাকিস্তান (এম কিউ এম-পি) বা মিত্ৰজোঁটত যোগদান কৰা যিকোনো নিৰ্দলীয় সদস্যক প্ৰদান কৰাৰ সম্ভাৱনা ।

ইয়াৰ উপৰিও পিএমএল-এনে বিত্ত মন্ত্ৰণালয় নিজৰ লগতে ৰখাৰ বিপৰীতে অন্যান্য মন্ত্ৰণালয়সমূহ পাৰস্পৰিক আলোচনাৰ অন্তত মিত্ৰ দেশসমূহৰ মাজত বিতৰণ কৰা হ’ব বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে । সূত্ৰ অনুসৰি, ছিনেটৰ অধ্যক্ষ আৰু উপ-অধ্যক্ষৰ পদৰ বাবে মনোনয়ন সন্দৰ্ভত সিদ্ধান্ত ছেনেট নিৰ্বাচনৰ পিছত মিত্ৰশক্তিৰ সৈতে আলোচনা কৰি লোৱা হ’ব ।

এক সূত্ৰই জনোৱা মতে, এই প্ৰাৰম্ভিক সূত্ৰক লৈ পিএমএল-এনে দীৰ্ঘদিন ধৰি পৰামৰ্শ গ্ৰহণ কৰি আহিছে । এক সূত্ৰৰ উদ্ধৃতি দি দ্য এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি, "সম্ভাৱ্য মিত্ৰজোঁটৰ অংশীদাৰসকলৰ সৈতে হোৱা বৈঠকত ইয়াক চূড়ান্ত কৰা হ'ব । বিকশিত ৰাজনৈতিক পৰিস্থিতি অনুসৰি পৰিৱৰ্তন কৰিব পৰা যাব ।"

নৱাজ শ্বৰীফ, শ্বেহবাজ শ্বৰীফ, আছিফ আলী জৰ্দাৰী, বিলোৱাল ভূট্টো জৰ্দাৰী, ডাঃ খালিদ মকবুল ছিদ্দিকী, মৌলানা ফজলুৰ ৰহমান আৰু চৌধৰী ছুজাত হুছেইন আদিৰ মাজত মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে । ইয়াৰ পূৰ্বে দেওবাৰে পিপিপিৰ অধ্যক্ষ বিলোৱাল ভূট্টো-জৰ্দাৰী আৰু পিপিপিৰ সভাপতি আছিফ আলী জৰ্দাৰীয়ে পিএমএল-এনৰ সভাপতি শ্বেহবাজ শ্বৰীফৰ সৈতে বৈঠকত মিলিত হয় ।

দুয়োটা দলে নীতিগতভাৱে দেশখনক ৰাজনৈতিক অস্থিৰতাৰ পৰা ৰক্ষা কৰাৰ সিদ্ধান্ত ঐক্যমতত উপনীত হয় । এক সূত্ৰৰ উদ্ধৃতি দি এক্সপ্ৰেছ ট্ৰিবিউনে প্ৰকাশ কৰা অনুসৰি এই বৈঠকসমূহত মিত্ৰজোঁট চৰকাৰ গঠন সন্দৰ্ভত প্ৰাৰম্ভিক আলোচনা অনুষ্ঠিত হৈছিল । এই আলোচনাৰ অন্তত পিএমএল-এনে প্ৰধানমন্ত্ৰীৰ পদটো নিজৰ সৈতে ৰাখিব বিচাৰিছে আৰু যদি সম্ভাৱ্য মিত্ৰসকলে সন্মতি প্ৰদান কৰে তেন্তে পদটো নৱাজ শ্বৰীফক দিয়া সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

কিন্তু মিত্ৰশক্তিয়ে যদি আন এটা নাম বিচাৰে তেন্তে পিএমএল-এনৰ বিকল্প পিএম প্ৰাৰ্থী হ’ব পাৰে শ্বাহবাজ শ্বৰীফ । তদুপৰি দ্য এক্সপ্ৰেছ ট্ৰিবিউনৰ মতে, পিটিআইয়ে সকীয়াই দিছে যে যদি পিএমএল-এন বা পিপিপিয়ে তেওঁলোকৰ নিৰ্দলীয়সকলক নিবলৈ চেষ্টা কৰে তেন্তে তেওঁলোকে আইনী আৰু সাংবিধানিক বিকল্প ব্যৱস্থাৰ আশ্ৰয় ল’ব । আনকি পিটিআইয়ে কেন্দ্রত চৰকাৰ গঠনৰ বাবেও ৰাজনৈতিক যোগাযোগ আৰম্ভ কৰিব বুলি সূত্ৰত প্ৰকাশ ৷

লগতে পঢ়ক: ভোটৰ পৱিত্ৰতা ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদৰ আহ্বান পাকিস্তান তেহৰিক-এ-ইনছাফৰ