ETV Bharat / international

বিগত বছৰত 834 গৰাকীক মৃত্যুদণ্ড ইৰাণৰ: মানৱ অধিকাৰ সংগঠনৰ উদ্বেগ প্ৰকাশ

author img

By ETV Bharat Assamese Team

Published : Mar 5, 2024, 4:29 PM IST

বিগত বছৰত 834 গৰাকীক মৃত্যুদণ্ড ইৰাণৰ
বিগত বছৰত 834 গৰাকীক মৃত্যুদণ্ড ইৰাণৰ

Iran Human Rights : দুটা অধিকাৰ গোটৰ মতে, ইৰাণত মৃত্যুদণ্ডৰ পৰিমাণ বৃদ্ধি হোৱা দেখা গৈছে । দেশখনে বিগত বছৰ কমেও 834 জন লোকক মৃত্যুদণ্ডৰে দণ্ডিত কৰিছে । ২০১৫ চনৰ পিছত এই সংখ্যা হৈছে সৰ্বাধিক । প্ৰতিবেদনখন নৰৱেস্থিত ইৰাণ হিউমেন ৰাইটছ (আইএইচআৰ) আৰু পেৰিছস্থিত টুগেদাৰ এগেইনষ্ট দ্য ডেথ পেনাল্টিৰ দ্বাৰা যুটীয়াভাৱে প্ৰকাশ কৰা হৈছে ।

ইণ্টাৰনেচনেল ডেস্ক, ৫ মাৰ্চ : মানৱ অধিকাৰ সংগঠনৰ দুটা গোটে মঙলবাৰে কয় যে ইৰাণে অতি আচৰিতভাৱে যোৱা বছৰ কমেও ৮৩৪ জন লোকক মৃত্যুদণ্ড প্ৰদান কৰে । এইটো হৈছে ২০১৫ চনৰ পিছত সৰ্বাধিক মৃত্যুদণ্ডৰ সংখ্যা । উল্লেখ্য যে ইছলামিক গণৰাজ্যখনত শেহতীয়াভাৱে মৃত্যুদণ্ডৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে । শেহতীয়া বছৰবোৰত ইৰাণে ফাঁচি দি কৰা মৃত্যুদণ্ডৰ সংখ্যা ২০২২ চনত প্ৰায় ৪৩ শতাংশ বৃদ্ধি পাইছিল ।

নৰৱেস্থিত ইৰাণ হিউমেন ৰাইটছ (আইএইচআৰ) আৰু পেৰিছস্থিত টুগেদাৰ এগেইনষ্ট দ্য ডেথ পেনাল্টিয়ে যুটীয়া প্ৰতিবেদনত কয় যে ২০১৫ চনত ৯৭২ টা মৃত্যুদণ্ডৰ পিছত এটা বছৰত ৮ শতাধিক মৃত্যুদণ্ডৰ ঘটনা ৰেকৰ্ড কৰা হৈছে ।

দলটোৱে লগতে ইৰাণৰ ওপৰত মৃত্যুদণ্ড ব্যৱহাৰ কৰি সমগ্ৰ সমাজত ভয় বিয়পোৱাৰো অভিযোগ উত্থাপন কৰিছে । উল্লেখ্য যে ২০২২ চনৰ ছেপ্টেম্বৰ মাহত মাহচা আমিনীৰ আৰক্ষীৰ জিম্মাত হোৱা মৃত্যুৰ ফলত সংঘটিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত কৰ্তৃপক্ষক জোকাৰি গৈছিল ।

আইএইচআৰৰ সঞ্চালক মাহমুদ আমিৰী-মোঘদ্দামে প্ৰতিবেদনখনত কয়, "সামাজিক ভয় জাগ্ৰত কৰাটো হৈছে শাসনৰ ক্ষমতা ধৰি ৰখাৰ একমাত্ৰ উপায় । আৰু মৃত্যুদণ্ড হৈছে ইয়াৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সঁজুলি ।" প্ৰতিবেদনখনত আইএইচআৰৰ সঞ্চালক মাহমুদ আমিৰী-মোঘদ্দামে লগতে মৃত্যুদণ্ডৰ ৮৩৪ সংখ্যাটোক 'আশ্চৰ্যকৰ সংখ্যা' বুলিও বৰ্ণনা কৰে ।

উল্লেখ্য, ইৰাণে ২০২২ চনৰ প্ৰতিবাদৰ সময়ত নিৰাপত্তা বাহিনীৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত গোচৰত নজন লোকক মৃত্যুদণ্ড প্ৰদান কৰিছে । ইয়াৰ ভিতৰত আছে ২০২২ চনত দুজন, ২০২৩ চনত ছয়জন আৰু ২০২৪ চনত এতিয়ালৈকে এজনক মৃত্যুদণ্ড বিহা হৈছে বুলি মানৱ অধিকাৰ গোটসমূহে প্ৰকাশ কৰিছে ।

কিন্তু ইয়াৰ উপৰি অন্যান্য অভিযোগত মৃত্যুদণ্ডৰ সংখ্যাও বৃদ্ধি কৰা হৈছে, বিশেষকৈ ড্ৰাগছ সম্পৰ্কীয় ক্ষেত্ৰত । অৱশ্যে শেহতীয়া বছৰবোৰত এই সংখ্যা হ্ৰাস হোৱা দেখা গৈছে ।

প্ৰতিবেদনখনত লগতে কোৱা হৈছে, "বিশেষ চিন্তাৰ বিষয় হৈছে ২০২৩ চনত ড্ৰাগছ সম্পৰ্কীয় মৃত্যুদণ্ডৰ সংখ্যা নাটকীয়ভাৱে বৃদ্ধি পাইছে । এই সংখ্যা ৪৭১ জনলৈ বৃদ্ধি পাইছে । যিটো ২০২০ চনত নথিভুক্ত কৰা পৰিসংখ্যাতকৈ ১৮ গুণ অধিক ।"

জাতিগত সংখ্যালঘু লোকসকল, বিশেষকৈ ইৰাণৰ দক্ষিণ-পূবৰ চুন্নী বালুচ, ড্ৰাগছ সম্পৰ্কীয় অভিযোগত 'মৃত্যুদণ্ড দিয়াসকলৰ মাজত অতিৰিক্তভাৱে প্ৰতিনিধিত্ব' কৰা হৈছে বুলি প্ৰতিবেদনখনত কোৱা হৈছে ।

ইয়াৰে ভিতৰত বালুচ সংখ্যালঘুৰ কমেও 167 জন সদস্যক মৃত্যুদণ্ড দিয়া হৈছে, যিটো 2023 চনত মুঠ মৃত্যুদণ্ডৰ 20 শতাংশ । উল্লেখ্য যে ইৰাণৰ জনসংখ্যাৰ মাত্ৰ পাঁচ শতাংশ সংখ্যালঘু ।

লগতে পঢ়ক :ইজৰাইলৰ ভূমিত নিহত ভাৰতীয়, সন্দেহৰ আঙুলি হিজবুল্লাহলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.