ETV Bharat / international

মধ্যপ্ৰাচ্যত উত্তেজনা ! ইৰাণে ইজৰাইলক আক্ৰমণ কৰাৰ সম্ভাৱনাক লৈ সষ্টম আমেৰিকা - Iran Seizes Israel Linked Ship

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 10:56 PM IST

Middle East Crisis
ইৰাণে ইজৰাইলক আক্ৰমণ কৰাৰ সম্ভাৱনাক লৈ সষ্টম আমেৰিকা

Iran Seizes Israel Linked Ship: ইৰাণে ইজৰাইলৰ এখন কণ্টেইনাৰ জাহাজ জব্দ কৰাৰ পাচত মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পাইছে । ইফালে ইৰাণে যিকোনো সময়তে ইজৰাইলক আক্ৰমণ কৰিব পাৰে বুলি আশংকা প্ৰকাশ আমেৰিকাৰ । একে সময়তে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভাৰতীয়কে পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণ বা ইজৰাইললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিছে ।

ইন্টাৰনেশ্যনেল ডেস্ক, ১৩ এপ্ৰিল: ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে শনিবাৰে ইজৰাইলৰ এখন কণ্টেইনাৰ জাহাজ জব্দ কৰে । প্ৰতিবেদন অনুসৰি, হৰমুজ জলদ্বীপৰ ওচৰত ইজৰাইলৰ এম এছ চি এৰিছ কণ্টেইনাৰ জাহাজখন জব্দ কৰাৰ পিচত অঞ্চলটোত উত্তেজনা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে । ইৰাণৰ সংবাদ সংস্থাৰ উদ্ধৃতি দি ইজৰাইলৰ দ্য টাইমছত প্ৰকাশ কৰা অনুসৰি জব্দ কৰা এম এছ চি এৰিছ লণ্ডনস্থিত জোডিয়াক মেৰিটাইমৰ মালিকানাধীন আৰু জোডিয়াক মেৰিটাইম জোডিয়াক গ্ৰুপৰ এটা বিভাগ ।

  • " class="align-text-top noRightClick twitterSection" data="">

প্ৰতিবেদন অনুসৰি এম এছ চি এৰিছক শুকুৰবাৰে জাহাজ ট্ৰেকিং ছাইটৰ পৰা শেষবাৰৰ বাবে ডুবাইৰ উপকূলৰ পৰা হৰমুজ জলদ্বীপৰ দিশে গৈ থকা দেখা গৈছিল । মেৰিন ট্ৰেফিকে জনোৱা মতে, জাহাজখন বৰ্তমান পাৰস্য উপসাগৰৰ মাজেৰে পাৰ হৈ আছে । ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে ইৰাণ আৰু পশ্চিমৰ মাজত উত্তেজনা বৃদ্ধি পাইছে । গাজাত চলি থকা যুদ্ধই মধ্যপ্ৰাচ্যত এক বৃহৎ সংঘাতৰ সূচনা কৰিছে ।

মধ্যপ্ৰাচ্যত উত্তেজনা বৃদ্ধি পালে হাই এলাৰ্ট আমেৰিকাৰ

একে সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে ইৰাণে যিকোনো সময়তে ইজৰাইলক আক্ৰমণ কৰিব পাৰে বুলি আশংকা প্ৰকাশ কৰে । তথ্য অনুসৰি ছিৰিয়াত ইৰাণৰ দূতাবাসত ইজৰাইলৰ সন্দেহযুক্ত আক্ৰমণৰ পিছত ইৰাণ আৰু পশ্চিমৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে কণ্টেইনাৰ জাহাজখন জব্দ কৰা হৈছে । উল্লেখ্য যে, ওমান উপসাগৰ হৰমুজ জলদ্বীপৰ ওচৰত । এইটো পাৰস্য উপসাগৰৰ এটা সংকীৰ্ণ অংশ । বিশ্বৰ মুঠ ২০ শতাংশ তেল ইয়াৰ মাজেৰে পাৰ হৈ যায় ।

একে সময়তে ইজৰাইলৰ ওপৰত ইৰাণৰ বৃহৎ প্ৰতিশোধমূলক আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি আমেৰিকা সম্প্ৰতি হাই এলাৰ্টত আছে । বৰ্তমান এই অঞ্চলত আঞ্চলিক যুদ্ধৰ সম্ভাৱনা প্ৰবল হৈ পৰিছে । যোৱা সপ্তাহত ছিৰিয়াত ইৰাণৰ কূটনৈতিক পৰিসৰত ইজৰাইলৰ আক্ৰমণত ইৰাণৰ তিনিজন জেনেৰেল নিহত হোৱাৰ পিচত ইৰাণৰ পৰা প্ৰতিশোধমূলক আক্ৰমণৰ আশংকা অব্যাহত আছে বুলি শুকুৰবাৰে হোৱাইট হাউছে কয় ।

ইৰাণে ইজৰাইলক ‘বৃহৎ আক্ৰমণ’ৰ ভাবুকি দিছে বুলি এই সপ্তাহত বাইডেনে সকীয়াই দিয়াৰ পিচতে আমেৰিকাই ৰাষ্ট্ৰীয় নিৰাপত্তা দলৰ পৰা সঘনাই পৰিস্থিতিৰ তথ্য লাভ কৰি আছে ।

ভাৰতে জাৰি কৰিলে পৰামৰ্শ

একে সময়তে ইৰাণৰ আক্ৰমণৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি ইজৰাইলৰ চৰকাৰী কৰ্মচাৰীৰ বাবে আমেৰিকা, ভাৰত, ব্ৰিটেইন, ফ্ৰান্সকে ধৰি আন বহু দেশে নতুন ভ্ৰমণ নিৰ্দেশনা জাৰি কৰিছে । ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিজৰ গাইডলাইনত কয় যে, ‘অঞ্চলটোৰ বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভাৰতীয়কে পৰৱৰ্তী জাননী নিদিয়ালৈকে ইৰাণ বা ইজৰাইললৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে ।

একেদৰে, বৰ্তমান যিসকলে ইৰাণ বা ইজৰাইলত বাস কৰি আছে তেওঁলোকক তাত থকা ভাৰতীয় দূতাবাসৰ সৈতে যোগাযোগ কৰি নিজৰ পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনোৱা হৈছে । আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ জন কিৰ্বিয়ে কয় যে আমি এই সমগ্ৰ দিশ অতি নিবিড়ভাবে নিৰীক্ষণ কৰি আছো ৷ অৱশ্যে তেওঁ ভাবুকিৰ আশা কৰা সময়ৰ বিষয়ে তথ্য দিবলৈ অস্বীকাৰ কৰে ।

লগতে পঢ়ক: মধ্য প্ৰাচ্যৰ উত্তেজনা: ইৰাণৰ আকাশ পৰিহাৰৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ - Air India to skip Iranian airspace

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.