ETV Bharat / bharat

মধ্য প্ৰাচ্যৰ উত্তেজনা: ইৰাণৰ আকাশ পৰিহাৰৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ - Air India to skip Iranian airspace

author img

By ETV Bharat Assamese Team

Published : Apr 13, 2024, 7:21 PM IST

Air India to skip Iranian airspace: মধ্য প্ৰাচ্যত বৰ্ধিত উত্তেজনাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই ইৰাণৰ আকাশসীমা পৰিহাৰ কৰাৰ সিদ্ধান্ত লৈছে । প্ৰায় ৫ মাহৰ অন্তত যোৱা ৩ মাৰ্চত এয়াৰ ইণ্ডিয়াৰ দিল্লী-তেল আভিভ বিমানখন সেৱা পুনৰ আৰম্ভ ।

Air India to skip Iranian airspace
ইৰাণৰ আকাশ পৰিহাৰৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়াৰ

নেশ্যনেল ডেস্ক,১৩ এপ্ৰিল : মধ্য প্ৰাচ্যত উত্তেজনা ক্ৰমাৎ বৃদ্ধি পাইছে । ইৰাণে চিৰিয়াৰ পূৰ্বৰ দূতাবাসত বোমা বিস্ফোৰণৰ বাবে ইজৰাইলক দোষাৰোপ কৰাৰ পিচত আৰু প্ৰতিশোধ লোৱাৰ কথা ঘোষণা কৰাৰ লগে লগে এই উত্তেজনা আৰু অধিক বৃদ্ধি পাইছে । এনে বৰ্ধিত উত্তেজনাৰ মাজত টাটাৰ মালিকানাধীন এয়াৰ ইণ্ডিয়াই ইৰাণৰ আকাশত কোম্পানীটোৰ বিমানৰ উৰণ পৰিহাৰ কৰিছে । সূত্ৰৰ মতে মধ্য প্ৰাচ্যৰ উত্তেজনালৈ লক্ষ্য কৰি এয়াৰ ইণ্ডিয়াই ইৰাণৰ আকাশসীমা পৰিহাৰ কৰিব ।

ফ্লাইট ট্ৰেকিং ৱেবছাইট ফ্লাইটৰাডাৰ ২৪ ৰ মতে শনিবাৰে পুৱা ইৰাণৰ আকাশসীমা পৰিহাৰ কৰিবলৈ লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমানে দীঘলীয়া পথ বাছনি কৰিছিল । এয়াৰ ইণ্ডিয়াই শনিবাৰে দিল্লী-তেল আভিভ বিমান পৰিচালনা কৰিছিল যদিও অনাগত দিনত আশা কৰা হৈছে যে এই পথবোৰ বিমান সংস্থাটোৰ দ্বাৰা তীক্ষ্ণভাৱে নিৰীক্ষণ কৰা হ'ব ।

২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ পিচত যেতিয়া ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল, এয়াৰ ইণ্ডিয়াই দিল্লী-তেল আভিভ বিমানখন স্থগিত ৰাখিছিল । প্ৰায় ৫ মাহৰ ব্যৱধানৰ পিচত যোৱা ৩ মাৰ্চত এই সেৱা পুনৰ আৰম্ভ কৰা হৈছিল ।

ভূ-ৰাজনৈতিক অস্থিৰতাই প্ৰায়ে বিমান উদ্যোগক প্ৰভাৱিত কৰে । ২০২১ চনত আফগানিস্তান চৰকাৰৰ পতন আৰু তালিবানৰ উত্থানৰ পিচৰে পৰা বৰ্তমান ইছলামিক আমিৰাশ্বাহী হিচাপে পৰিচিত অঞ্চলটোত বাণিজ্যিক বিমান সেৱাসমূহ পৰিহাৰ কৰা হৈছে ।

একেদৰে, ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ কৰাৰ পিচত দুয়োখন দেশৰ মাজত গভীৰ উত্তেজনাৰ সৃষ্টি হৈছিল । যাৰ বাবে আমেৰিকান বিমান সংস্থাই ইৰাণৰ আকাশসীমা পৰিহাৰ কৰে ।

লগতে পঢ়ক :মধ্য প্ৰাচ্যৰ সংকটৰ মাজত ভাৰত মহাসাগৰত ভাৰতীয় নৌসেনাৰ ভূমিকা - Role Of India In Indian Ocean

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.