ETV Bharat / health

সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 6:10 PM IST

Saraswati Puja rituals
সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

Saraswati Puja Rituals: সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতিৰে মাক আৰাধনা কৰিব ? সৰস্বতী মাক প্ৰসাদ হিচাপে কি ভোগ আগবঢ়াব ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 13 ফেব্ৰুৱাৰী: বুধবাৰে ৰাজ্যজুৰি পালন কৰা হ’ব বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা ৷ ইতিমধ্যে সৰস্বতী পূজা উপলক্ষে বাগদেৱীক আৰাধনা কৰিবৰ বাবে সাজু হৈ উঠিছে ছাত্ৰ-ছাত্ৰীসকল ৷ মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত সৰস্বতী পূজা পালন কৰা হয় যাৰ বাবে বসন্ত পঞ্চমী বুলিও কোৱা হয় ৷

জ্যোতিষ বিজ্ঞান অনুসৰি যেতিয়া মানুহৰ ৰাহুৰ দশা চলি থাকে বা জ্ঞান-বুদ্ধি বিৰোপ পায় তেতিয়াও সৰস্বতী পূজা কৰিব দিয়া হয় ৷ জ্যোতিষ বিজ্ঞান অনুসৰি সৰস্বতী পূজাই জ্ঞান বুদ্ধি বিকাশত সহায় কৰে ৷ বিভিন্ন অশুভ গ্ৰহৰ প্ৰভাৱত যেতিয়া সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাযায় তেতিয়া বা অন্য বহু বাধা দূৰ কৰাত সৰস্বতী পূজা কৰি ফল লাভ কৰা যায় ৷

সৰস্বতী পূজাৰ দিনা কি কি ৰীতি-নীতি পালন কৰিব লাগে ?

১)সৰস্বতী পূজাৰ দিনা বগা চন্দন, হালধীয়া চন্দন বা হালধি মিশ্ৰিত বগা চন্দন তিলক ব্যৱহাৰ কৰিব পাৰিলে ভাল ফলাফল লাভ কৰিব ৷ ইয়াৰোপৰি কেশৰ মিশ্ৰিত চন্দন বা কেশৰৰ তিলক ব্যৱহাৰ কৰিব পাৰে ৷

২) সৰস্বতী পূজাৰ দিনা মাক সদায় হালধীয়া প্ৰসাদৰ ভোগ প্ৰদান কৰিব লাগে ৷

৩) পূজাত দেৱী মাক হালধীয়া বা বগা ফুল অৰ্পণ কৰিব পাৰে ৷

৪) পূজাৰ দিনা যি খিনি বস্তু সদায় আমি ব্যৱহাৰ কৰোঁ যেনে-কলম, পেঞ্চিল, বহী, কিতাপ সেয়াৰ পূজা কৰা উচিত ৷

৫) লগতে আৰতি কৰোঁতে যা দেৱী সর্বভূতেষু বিদ্যাৰূপেণ সংস্থিতা ৷ নমস্তসৈ নমস্তসৈ নমস্তসৈ নমো নমঃ ৷৷ এই মন্ত্ৰ গাব পাৰে ৷ লগতে তিনিবাৰ এই মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে ৷ ইয়াৰোপৰি "ওম ঐয়ং মহাসৰস্বতৈ নমঃ" এই মন্ত্ৰফাঁকি ৫ মিনিটৰ ভিতৰত ১০৮ বাৰ উচ্চাৰন কৰিব পাৰিলে শুভফল লাভ কৰিব ৷

লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে যদি এই মন্ত্ৰটো বীজ মন্ত্ৰ হিচাপেলৈ দৈনিক বা সপ্তাহত ১ বাৰ হলেও ১০৮ বাৰ উচ্চাৰণ কৰে তেন্তে ভাল ফল লাভ কৰিব ৷

লগতে পঢ়ক: সৰস্বতী পূজাৰ দিনা মাক অৰ্পণ কৰক ময়ূৰৰ পাখি আৰু হালধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.