ETV Bharat / health

সৰস্বতী পূজাৰ দিনা মাক অৰ্পণ কৰক ময়ূৰৰ পাখি আৰু হালধি

author img

By ETV Bharat Assamese Team

Published : Feb 9, 2024, 6:07 PM IST

Saraswati Puja 2024: সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৷ মাজত মাথোঁ কেইটামান দিন বাকী ৷ সৰস্বতী পূজাত কি বিধিৰে মাক সন্তুষ্ট কৰিব এই সন্দৰ্ভত জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷

What students do on saraswati puja day will get good results
সৰস্বতী পূজাৰ দিনা মাক অৰ্পণ কৰক ময়ূৰৰ পাখি আৰু হালধি

বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মন

গুৱাহাটী, 9 ফেব্ৰুৱাৰী: সমাগত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা ৷ মাজত মাথোঁ কেইটামান দিন বাকী ৷ সৰস্বতী পূজাত কি বিধিৰে মাক সন্তুষ্ট কৰিব এই সন্দৰ্ভত জনালে সংখ্যাত্ববিদ তথা বাস্তুশাস্ত্ৰবিদ অৰ্চনা বৰ্মনে ৷ আগন্তুক ১৪ ফেব্ৰুৱাৰী ৰাজ্যজুৰি উদযাপন কৰা হ'ব মা সৰস্বতী পূজা ৷ মাজত মাথো কেইটামান দিন বাকী ৷ এইবাৰ সৰস্বতী পূজাত এই কেইটা নিয়ম পালন কৰি সন্তুষ্ট কৰক মা সৰস্বতীক ৷

সৰস্বতী পূজাৰ দিনা কি পদ্ধতিৰে মাক সন্তুষ্ট কৰিব

১) সৰস্বতী পূজাৰ দিনা পুৱা ৩ টা বজাত উঠি গা ধুই ৩.২০ বজাৰ পৰা ৩.৪০ ৰ ভিতৰত এখন হালধীয়া কাগজত, ৰঙা কলমেৰে আপোনাৰ মনৰ ইচ্ছা বা আপুনি পৰীক্ষাত কি ফলাফল কামনা কৰিছে সেইটো পূৰণ হৈ যোৱা বুলি লিখিব ৷ উদাহৰণ স্বৰূপে যদি আপুনি কোনো প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে আপুনি কাগজখনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হোৱা বুলি মা সৰস্বতীক ধন্যবাদ জ্ঞাপন কৰিব ৷ সৰস্বতী পূজাৰ দিনা পুৱা সেই কাগজখন মাৰ চৰণত অৰ্পণ কৰিব ৷ আৰু পূজাৰ পিছদিনা নিজৰ পঢ়া টেবুলত থৈ দিব ৷

২) সৰস্বতী পূজাৰ দিনা পুৱা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত ময়ূৰৰ পাখী আৰু ৫ টুকুৰা হালধি মাৰ চৰণত অৰ্পণ কৰিব ৷ সৰস্বতী পূজাৰ পাছদিনা সেই ময়ূৰৰ পাখিকেইটা কিতাপৰ মাজত ভৰাই থব ৷

আনহাতে হালধিৰ সেই টুকুৰাকেইটা এখন হালধীয়া কাপোৰত বান্ধি থৈ সদায় ৰাতি শিতানত থৈ শুব ৷ পৰীক্ষা শেষ নোহোৱালৈকে সেই হালধিৰ টুকুৰা কেইটা তেনেদৰে থৈ দিব ৷ এনেদৰে কৰিলে মা সৰস্বতীৰ কৃপাত আপোনাৰ বছৰটো ভালদৰে যাব আৰু ফলাফলো ভাল হ'ব ৷

লগতে পঢ়ক: ভেলেণ্টাইন ডে’ৰ সৈতে চকলেটৰ সম্পৰ্ক কি ? প্ৰেমিক যুগলে কিয় দিনটো উদযাপন কৰা উচিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.