ETV Bharat / health

মানসিক স্বাস্থ্যৰ বিষয়ে সতৰ্কবাণী গৱেষকৰ

author img

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 11:26 AM IST

This report is alerting regarding mental health
মানসিক স্বাস্থ্য

Mental Problems: এটা অধ্যয়নত দাবী কৰা হৈছে যে যোৱা বছৰ ২০২৩ চনত প্ৰতি ২০ জন যুৱকৰ ভিতৰত এজনে স্বাস্থ্যজনিত সমস্যাৰ বাবে যদি চাকৰি এৰিছে, আন এজনে আকৌ শিক্ষানুষ্ঠান মাজভাগত এৰিছে । কিন্তু এই স্বাস্থ্যজনিত সমস্যাৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানি লওক এই প্ৰতিবেদনত ৷

মানসিক সমস্যা আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সমস্যা হৈ পৰিছে । কম বয়সতে বহু লোক ইয়াৰ বলি হ’বলৈ ধৰিছে । যাৰ বাবে বহু ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে । ব্ৰিটিছ ৰিজ’লিউচন ফাউণ্ডেশ্যনে মানসিক স্বাস্থ্যৰ সৈতে জড়িত এক অধ্যয়নত ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে । এই প্ৰতিবেদনত উল্লেখ কৰা মতে, বৰ্তমান প্ৰায় ২০ বছৰ বয়সৰ এজন যুৱকে অসুস্থতাৰ বাবে ৪০ বছৰ বয়সলৈকে চাকৰি কৰিবলৈ সক্ষম নহ’ব ৷

এই অধ্যয়নত দাবী কৰা হৈছে যে এজন ব্যক্তি ৪০ বছৰ বয়স পাৰ হোৱাৰ সময়লৈকে তেওঁ ইমানেই মানসিকভাৱে অসুস্থ হৈ পৰিব যে চাকৰি এৰিবলগীয়া অৱস্থা হৈ পৰিব । ইয়াত পোৱা পৰিসংখ্যাই দেখুৱাইছে যে বৃহৎ সংখ্যক যুৱক-যুৱতীয়ে মানসিক স্বাস্থ্যজনিত সমস্যাৰ সৈতে যুঁজি আছে ৷

কেৰিয়াৰৰ ওপৰত প্ৰভাৱ

এই অধ্যয়নত দাবী কৰা হৈছে যে যোৱা বছৰ ২০২৩ চনত প্ৰতি ২০ জন যুৱকৰ ভিতৰত এজনে স্বাস্থ্যজনিত সমস্যাৰ বাবে চাকৰি বা পঢ়াৰ মাজভাগত এৰি দিবলগীয়া হৈছে । ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰভাৱ কম আয়ৰ লোক বা নিবনুৱা লোকৰ ওপৰত দেখা গৈছে । এই গৱেষণাৰ মতে, যুৱক-যুৱতীসকলৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যাৰ প্ৰাদুৰ্ভাৱ বেছি হৈছে । ২০ বছৰ বয়সৰ আগলৈকে যুৱক-যুৱতীসকলৰ মাজত মানসিক স্বাস্থ্যজনিত সমস্যাই দেখা নিদিয়ে ।

ইয়াৰ পিচত কেনেধৰণৰ মানসিক সমস্যাৰ সৃষ্টি হয় ?

অধ্যয়নটোত দেখা গৈছে যে ২০২১-২২ চনত ১৮-২৪ বছৰ বয়সৰ ৩৪% যুৱকে কিবা নহয়, কিবা কাৰণত মানসিক সমস্যাৰ সৈতে যুঁজি আছিল । ইয়াৰ ভিতৰত আটাইতকৈ বেছি হৈছে উদ্বেগ, হতাশা বা বাইপোলাৰ ডিছঅৰ্ডাৰত আক্ৰান্ত ৰোগী । পৰিসংখ্যা অনুসৰি প্ৰায় ৫ লাখ যুৱকে এন্টি ডিপ্ৰেশ্যন টেবলেট ব্যৱহাৰ কৰি আছে । যদি এনে গতিত চলি থাকে তেন্তে বেমাৰৰ বাবে যুৱক-যুৱতীসকলে ৪০ বছৰ বয়সলৈকে কাম কৰিব নোৱাৰিব ।

এইসকল যুৱক-যুৱতীৰ বাবে বাঢ়িব সমস্যা

ৰিজ’লিউচন ফাউণ্ডেশ্যনৰ জ্যেষ্ঠ অৰ্থনীতিবিদ লুইছ মাৰ্ফিৰ মতে, এই অধ্যয়নে দেখুৱাইছে যে অনাগত দিনত যুৱক-যুৱতীসকলে সন্মুখীন হোৱা অৰ্থনৈতিক সংকট বৃদ্ধি পাব । ইয়াৰ দ্বাৰা সেইসকল যুৱকক অধিক প্ৰভাৱিত কৰিব যিসকলৰ কোনো বিশ্ববিদ্যালয়ৰ ডিগ্ৰী নাই, কাৰণ আজি প্ৰতি তিনিজন যুৱকৰ ভিতৰত এজন মানসিক সমস্যাৰ বলি হৈছে । এই অধ্যয়নত দেখা গৈছে যে ১৮-২৪ বছৰ বয়সৰ ৭৯ শতাংশ যুৱক-যুৱতী এই ৰোগৰ বাবে মাধ্যমিক শিক্ষা পৰ্যায়ত গণিত আৰু ইংৰাজীত দুৰ্বল । উল্লেখ্য যে এই সকলোবোৰ পৰিসংখ্যা কেৱল ব্ৰিটেইনৰ ।

মানসিক স্বাস্থ্যজনিত সমস্যাৰ পৰা হাত সাৰিবলৈ যুৱক-যুৱতীসকলে কি কৰা উচিত ?

  • শৈশৱত খেলা-ধূলা আৰু বন্ধু-বান্ধৱীৰ লগত সময় অতিবাহিত কৰিব লাগে ।
  • পৰিয়ালৰ সৈতে মুকলিকৈ জীৱন উপভোগ কৰিব লাগে ।
  • ইতিবাচক চিন্তা কৰি থাকিব।
  • নতুন বন্ধুত্ব গঢ়ি তোলক আৰু নতুন ভাষা শিকক ।
  • নিয়মিত যোগাসন আৰু ধ্যান কৰক
  • ভাল খাদ্যাভ্যাস গ্ৰহণ কৰক ।

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: চিকিৎসকৰ পৰামৰ্শ অবিহনে গৰ্ভনিৰোধক বড়ি গ্ৰহণ কৰাটো কিমান গ্ৰহণযোগ্য ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.