ETV Bharat / health

আজিৰ পৰা আৰু কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি

author img

By ETV Bharat Assamese Team

Published : Mar 17, 2024, 12:51 PM IST

Pumpkin Seeds Benefits : প্ৰায়েই আমি ৰঙালাও খোৱাৰ পিচত ইয়াৰ গুটিবোৰ পেলাই দিও কাৰণ আমাৰ মাজৰ বহুতেই ৰঙালাওৰ গুটিৰ উপকাৰিতাৰ বিষয়ে জ্ঞাত নহয় । কিন্তু আপুনি জানি আচৰিত হ’ব যে ৰঙালাওৰ এনে কিছু আচৰিত উপকাৰী গুণ আছে যিয়ে আমাৰ স্বাস্থ্য সবল কৰি ৰখাত সহায় কৰে । আজি জানো আহক ৰঙালাও গুটিৰ বিষয়ে-

From sugar control to keeping the heart healthy, know the benefits of pumpkin seeds
আজিৰ পৰা আৰু কেতিয়াও পেলাই নিদিব ৰঙালাওৰ গুটি

আমাৰ শৰীৰক দৈনিক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয় যি খাদ্যই আমাৰ স্বাস্থ্য ভালে ৰাখে আৰু ইয়াৰ দ্বাৰা আমি আমাৰ দৈনন্দিন কাম-কাজ ভালদৰে কৰিবলৈ সক্ষম হওঁ ৷ কিন্তু দৈনিক সুষম আহাৰ সেৱন নকৰিলে আমাৰ ছালখন নিস্তেজ হোৱাৰ লগতে স্বাস্থ্যৰো অৱনতি ঘটিবলৈ আৰম্ভ কৰে আৰু আমি বহু ৰোগত আক্ৰান্ত হওঁ ৷ শৰীৰটো সুচাৰুৰূপে চলিবলৈ আমাৰ শৰীৰত প্ৰ’টিন, কেলচিয়াম, ভিটামিন, আইৰণ আদি সকলো পুষ্টিকৰ উপাদানৰ প্ৰয়োজন ৷

দৈনিক খাদ্যত সেউজীয়া শাক-পাচলি, গোটা শস্য, ফল-মূল, বাদাম আৰু বীজ আদি খোৱাটো আপোনাৰ শৰীৰৰ বাবে অতি লাগতিয়াল ৷ বীজৰ ভিতৰত ক’বলৈ গ’লে এবিধ অতি পুষ্টিকৰ বীজ হ’ল- ৰঙালাওৰ গুটি ৷ আপুনি জানেনে দৈনিক ৰঙালাওৰ গুটি খোৱাটো আপোনাৰ শৰীৰৰ বাবে কিমান উপকাৰী ? যদি নাজানে তেন্তে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানি লওক-

ঘাঁ ভাল হোৱাত সহায় কৰে

ভিটামিন কে আৰু মেংগানিজ ৰঙালাওৰ গুটিত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰৰ ঘাঁবোৰ অতি সোনকালে শুকুৱাত সহায় কৰে ৷ সেয়েহে দৈনিক ৰঙালাওৰ গুটি সেৱন কৰিব লাগে ৷

ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰা

ৰঙালাওৰ গুটিত মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়, যিয়ে শৰীৰত তেজৰ শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ এইবোৰ ডায়েবেটিছ ৰোগীৰ বাবে ঔষধ ৷

ফুলা হ্ৰাস কৰা

ৰঙালাওৰ গুটিত বহুতো এন্টিঅক্সিডেন্ট পোৱা যায়, গতিকে ই শৰীৰৰ প্ৰদাহ কমোৱাত সহায় কৰে ৷ বহু ধৰণৰ ৰোগো ইয়াৰ সেৱনৰ দ্বাৰা আঁতৰত থাকে ৷

বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰা ৰক্ষা কৰে

ভিটামিন কে আৰু মেংগানিজৰ উপৰিও ৰঙালাওৰ গুটিত জিংকো পোৱা যায়, যাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হয় ৷ ইয়াৰ লগতে শৰীৰক বেক্টেৰিয়া আৰু ভাইৰাছৰ পৰাও ই ৰক্ষা কৰে ৷

হাড় শক্তিশালী কৰা

ৰঙালাওৰ গুটিত জিংক আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় ৷ শৰীৰত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম থাকিলে হাড় শক্তিশালী হয় ৷

ৰক্তচাপ নিয়ন্ত্ৰণ কৰা

ৰঙালাওৰ গুটি সেৱন কৰিলে ৰক্তচাপ নিয়ন্ত্ৰণত থাকে, যাৰ ফলত হৃদৰোগৰ সম্ভাৱনা কম হয় ৷

সতৰ্কীকৰণ: প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক: নিশা কৰক এইসমূহ কাম, সোনকালেই আহিব টোপনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.